দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিঃ ১৭ মাহতে ৫৫টা গোচৰ ৰুজু, গ্রেপ্তাৰ ৬৩জন
- ৬ বছৰত উৎকোচ লৈ গ্রেপ্তাৰ হ’ল ১৩০গৰাকী লোক
- ২০১৭ৰ পৰা এতিয়ালৈ হাতেলোটে ধন লোৱা ১০৭টা গোচৰ ৰুজু
- গ্রেপ্তাৰৰ তালিকাত ১২০জন চৰকাৰী চাকৰিয়াল, ১০ মধ্যভোগী
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ: দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্রহণ কৰা কঠোৰ স্থিতি তথা শূন্য সহনশীল নীতিৰ ফলত যোৱা ৬টা বছৰত উৎকোচ লৈ গ্রেপ্তাৰ হ’ল ১৩০গৰাকী লোক৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে দায়িত্ব লোৱাৰ পাছত উৎকোচ লৈ অথবা দুর্নীতিৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে ৬৩জন লোক৷ আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱা এই ৬৩জন লোকৰ ৬১জনেই চৰকাৰী চাকৰিয়াল আৰু দুজন মধ্যভোগী৷ অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙে টুইটযোগে প্রকাশ কৰা এই তথ্যই দুর্নীতিৰ বিৰুদ্ধে চৰকাৰখনে গ্রহণ কৰা কঠোৰ স্থিতি পুনৰ স্পষ্ট কৰি তুলিছে৷ ২০১৬ চনত ৰাজ্যত গঠন হোৱা বিজেপি চৰকাৰ তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কার্যকালতে দুর্নীতিৰ বিৰুদ্ধে চলা অভিযান এতিয়াও অব্যাহত আছে৷ যাৰ ফলস্বৰূপে বিগত ৬টা বছৰত ১৩০জন লোক গ্রেপ্তাৰ হৈছে আৰু ১০৭টা গোচৰ ৰুজু হৈছে৷ ৰুজু হোৱা এই সাতটা গোচৰৰ আটাইকেইটাই হ’ল হাতেলোটে ধন লোৱা গোচৰ৷ গ্রেপ্তাৰৰ এই তালিকাত ১২০জন চৰকাৰী চাকৰিয়াল আৰু ১০জন মধ্যভোগী আছে৷
আৰক্ষীৰ শীর্ষ বিষয়া জি পি সিঙে টুইটযোগে প্রকাশ কৰা তথ্য অনুসৰি ২০১৭ চনত হাতেলোটে ধন লৈ ধৰা পৰিছে ১১জন চৰকাৰী কর্মচাৰী৷ আনহাতে, ২০১৮ চনত ৰুজু হোৱা ১৮টা গোচৰৰ বিপৰীতে ১৯জন চৰকাৰী কর্মচাৰী আৰু তিনিজন মধ্যভোগী ধৰা পৰিছে৷ ২০১৯ চনত ৰুজু হোৱা ১২টা গোচৰৰ বিপৰীতে ১৩জন চৰকাৰী চাকৰিয়াল উৎকোচ লৈ হাতেলোটে ধৰা পৰিছে আৰু তিনিজন মধ্যভোগী ধৰা পৰিছে৷ ২০২০ চনত ৰুজু হোৱা ১৩টা গোচৰৰ বিপৰীতে ১৬জন কর্মচাৰী আৰু দুজন মধ্যভোগী উৎকোচ লৈ আৰক্ষীৰ হাতত গ্রেপ্তাৰ হৈছে৷ ২০২১ চনত ১১টা গোচৰৰ বিপৰীতে ১৩জন চৰকাৰী চাকৰিয়াল উৎকোচ লৈ গ্রেপ্তাৰ হৈছে৷ ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ১৯ অক্টোবৰলৈ ৪৪টা গোচৰৰ বিপৰীতে ৪৮জন চৰকাৰী কর্মচাৰী আৰু দুজন মধ্যভোগীসহ ৫০জন লোক উৎকোচ লৈ গ্রেপ্তাৰ হৈছে৷ আনহাতে, ২০২১ চনত ১০ মে’ৰ পৰা ২০২২ চনৰ ১৯ অক্টোবৰলৈ ৫৫টা গোচৰৰ বিপৰীতে ৬১জন চৰকাৰী কর্মচাৰী আৰু দুজন মধ্যভোগীসহ মুঠ ৬৩জন ধন লৈ গ্রেপ্তাৰ হৈছে৷ আৰক্ষী বিষয়াজনে প্রকাশ কৰা আন এক তথ্য অনুসৰি ২০১৭ চনৰ পৰা ২০২১ চনলৈ উৎকোচৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহ এশ শতাংশই নিষ্পত্তি কৰা হৈছে৷ আনহাতে, ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ১৯ অক্টোবৰলৈ ৰুজু হোৱা গোচৰৰ ৯৫ শতাংশ আৰু ২০২১ চনৰ ১০ মে’ৰ পৰা ২০২২ৰ ১৯ অক্টোবৰলৈ ৯৫.১২ শতাংশ গোচৰ নিষ্পত্তি কৰা হৈছে৷ উল্লেখ্য যে দুর্নীতিৰ বিৰুদ্ধে চলাই থকা এনে অভিযানৰ অংশস্বৰূপে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্রান্তত চৰকাৰী কর্মচাৰী তথা আৰক্ষী বিষয়াও উৎকোচ লৈ ধৰা পৰিছে৷
ইফালে, কালি অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাৰ আই জি পি সুৰেন্দ্র কুমাৰ সিঙে দুর্নীতিৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই থকা অভিযানৰ তথ্য সদৰী কৰি জানিবলৈ দিয়ে যে বিগত বর্ষৰ ১০ মে’ৰ পৰা চলিত বর্ষৰ ১৯ অক্টোবৰলৈ ধন লৈ গ্রেপ্তাৰ হোৱা লোকৰ পৰা মুঠ ৭০ লাখ টকা উদ্ধাৰ কৰা হৈছে৷ আৰক্ষী বিষয়াজনৰ তথ্য অনুসৰি ২০১৭ চনত ৮৪,৭২,৯০০ টকা, ২০১৮ চনত ৬৮,৪৫৫ টকা, ২০১৯ চনত ৩,৫৮,৮৭০ টকা, ২০২০ চনত ৩৬,৩৯,৪০০ টকা, ২০২১ চনত ১২,৬৬,৬০০ টকা, ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ১৯ অক্টোবৰলৈ ৬১,৪৭,৫৫০ টকা আৰু ২০২১ চনৰ ১০ মে’ৰ পৰা ২০২২ চনৰ ১৯ অক্টোবৰলৈ ৭০,২২,৫৫০ টকা জব্দ কৰা হৈছে৷