নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫–৬৫ বছৰীয়াৰ বাবেও উপলব্ধ হ’ব জাপানিজ এনকেফেলাইটিছৰ টিকা

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ ৰাজ্যত এতিয়াৰে পৰা ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ বাবেও উপলব্ধ হ’ল জাপানিজ এনকেফেলাইটিছৰ প্রতিষেধক৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই মঙলবাৰে ১৫–৬৫ বছৰ বয়সৰ সীমাৰ লোকসকলৰ বাবে জাপানিজ এনকেফেলাইটিছ (জে ই) টিকাকৰণৰ ৰাজ্যজোৰা অভিযান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ সোণাপুৰৰ জিলা চিকিৎসালয়ত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্রী মহন্তই এই জে ই টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে৷ অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণন, ৰাজ্যৰ স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) মুনীন্দ্রনাথ নাটে, স্বাস্থ্য বিভাগৰ উপ–সচিব কমলজিৎ তালুকদাৰ আৰু স্বাস্থ্যসেৱা (প্রতিষেধক) উপ–সঞ্চালক ডাঃ লাল সিঙেও এই অনুষ্ঠানত অংশগ্রহণ কৰে৷

উল্লেখ্য যে স্বাস্থ্য বিভাগৰ নিয়মীয়া জাপানিজ এনকেফেলাইটিছৰ প্রতিষেধক অভিযানৰ জৰিয়তে এতিয়ালৈকে ১ বছৰৰ পৰা ১৫ বছৰৰ ভিতৰৰ শিশু তথা কিশোৰ–কিশোৰীৰ বাবেহে এই প্রতিষেধক উপলব্ধ হৈছিল৷ ভাৰত চৰকাৰে ইতিপূর্বে পৰীক্ষামূলকভাৱে ১৫ৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ ক্ষেত্রত এই প্রতিষেধকৰ সফল প্রয়োগ নিশ্চিত কৰাৰ পিছত চলিত বর্ষৰ পৰা অসমতো এই বয়স সীমাৰ লোকক জাপানিজ এনকেফেলাইটিছ প্রতিষেধক প্রদানৰ জোৰদাৰ অভিযান চলাবলৈ অনুমতি প্রদান কৰে৷ প্রতিবছৰত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্রাদুর্ভাৱ ঘটা মার্চৰ পৰা ছেপ্ঢেম্বৰৰ সময়ছোৱাত এই প্রতিষেধক প্রদান কৰা নহয় বাবে স্বাস্থ্য বিভাগে এতিয়া অক্টোবৰৰ পৰা এই টিকাকৰণ অভিযান হাতত লৈছে৷ এই অভিযানৰ জৰিয়তে বিভাগটোৱে সততে জাপানিজ এনকেফেলাইটিছৰ সংক্রমণ পৰিলক্ষিত হোৱা ৰাজ্যৰ ৯৯টা উন্নয়ন খণ্ড এলেকাৰ ৪০.১৭ লাখগৰাকী লোকক জে ই টিকাকৰণৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ এই অভিযান উদ্বোধন কৰি স্বাস্থ্যমন্ত্রী মহন্তই ইতিপূর্বে এই ৰোগৰ প্রাদুর্ভাৱ ঘটা এলেকাসমূহৰ জনসাধাৰণক জে ই টিকা গ্রহণেৰে নিজকে জাপানিজ এনকেফেলাইটিছৰ দৰে মাৰাত্মক ৰোগবিধৰ পৰা সুৰক্ষিত কৰিবলৈ আহ্বান জনায়৷

তেওঁ কয়, ‘আজি শাৰদীয় দুর্গোৎসৱৰ মহাসপ্তমীৰ পৱিত্র উপলক্ষতে ৰাজ্যবাসীক জাপানিজ এনকেফেলাইটিছৰ পৰা সুৰক্ষিত কৰিবলৈ স্বাস্থ্য বিভাগে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷ অসমত আজিলৈকে ২ কোটি লোকক প্রথম পালি ক’ভিড প্রতিষেধক প্রদানত সফলতাৰ লগতে মুঠ প্রায় ২.৬৫ কোটি পালি ক’ভিড দিয়া হৈছে৷ ৰাজ্যবাসীৰ বিপুল সহযোগিতাত ক’ভিড প্রতিষেধক অভিযানে এনে উল্লেখনীয় অগ্রগতি লাভ কৰাৰ পিছত এতিয়া ৰাইজৰ অনুৰূপ সহযোগিতাৰেই জাপানিজ এনকেফেলাইটিছৰ টিকাকৰণ অভিযানো সম্পূর্ণ সফল কৰি তুলিবলৈ সক্ষম হ’ম বুলি আশা প্রকাশ কৰে৷’

অনুষ্ঠানত স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) মুনীন্দ্রনাথ নাটেই প্রকাশ কৰা মতে ইতিমধ্যে ক’ভিড প্রতিষেধক গ্রহণ কৰা লোকে ২৮ দিনৰ বিৰতিত জে ই প্রতিষেধক গ্রহণ কৰিব পাৰিব৷ অনুৰূপ জে ই প্রতিষেধক লোৱা লোকেও ২৮ দিনৰ বিৰতিত ক’ভিডৰ প্রতিষেধক ল’ব পাৰিব৷

ইফালে, এই অনুষ্ঠানতে স্বাস্থ্যমন্ত্রী মহন্তই ৰাজ্যৰ ৯খন জিলাৰ দুর্গম, ভিতৰুৱা অঞ্চল আৰু চৰ–চাপৰি এলেকাত ক’ভিড প্রতিষেধক প্রদানৰ বাবে ‘কেয়াৰ ইণ্ডিয়া’ নামৰ এনজি’ এটাই স্বাস্থ্য বিভাগলৈ আগবঢ়োৱা ৪০খন ‘ক’ভিড টিকা এক্সপ্রেছ’ৰ সেৱাও আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ কামৰূপ (মহানগৰ), ধুবুৰী, বৰপেটা, গোৱালপাৰা, ডিমা হাছাও, কার্বি আংলং, পশ্চিম কার্বি আংলং, দক্ষিণ শালমাৰা আৰু ওদালগুৰি জিলাৰ দুর্গম এলেকাত ক’ভিড প্রতিষেধক প্রদানৰ বাবে কেয়াৰ ইণ্ডিয়াই আগবঢ়োৱা এই ৪০খন টিকা এক্সপ্রেছৰ ভিতৰৰে ২৮খন ম’বাইল ক’ভিড প্রতিষেধক প্রদানকাৰী ভান আৰু ১২খন ক’ভিড প্রতিষেধক প্রদানকাৰী নৌকা৷ কেয়াৰ ইণ্ডিয়াৰ মুখ্য কার্যবাহী ৰশ্মি মহান্তিয়েও ভাগ লোৱা এই অনুষ্ঠানত স্বাস্থ্যমন্ত্রীগৰাকীয়্ পতাকা জোকাৰি ম’বাইল ক’ভিড প্রতিষেধক ভানকেইখন সংশ্লিষ্ট জিলাসমূহলৈ প্রেৰণ কৰে৷

You might also like