নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এআইইউডিএফ বিজেপি সমর্থিত বিৰোধী দলঃ ভূপেন বৰা

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ এআইইউডিএফক বিজেপি সমর্থিত বিৰোধী দল আখ্যা দিলে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই৷ মহাসপ্তমীৰ দিনা বঙাইগাঁৰ মা বাঘেশ্বৰী মন্দিৰত সেৱা লৈ একালৰ মিত্র দল এআইইউডিএফক তীব্র সমালোচনা কৰে প্রদেশ কংগ্রেছৰ সভাপতি বৰাই৷ তেওঁ উগ্রপন্থী সংগঠনৰ পুঁজি যোগানৰ অভিযোগ উত্থাপন কৰি এআইইউডিএফৰ বিৰুদ্ধে নিয়াৰ জৰিয়তে তদন্তৰ পোষকতা কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই একে দলৰে পৰা ধন লোৱা কার্যক সমালোচনা কৰে৷ এআইইউডিএফ আৰু শাসকীয় দলৰ মাজত থকা সম্পর্কক লৈও বৰাই প্রশ্ণ উত্থাপন কৰে৷ এআইইউডিএফপ্রধান বদৰুদ্দিন আজমলসহ দলীয় নেতৃত্বই সম্প্রতি শাসকীয় বিজেপিৰ তোষামোদৰ ৰাজনীতি কৰি অহা বুলি অভিযোগ কৰি বৰাই গৰুখুঁটি কাণ্ডৰ পিছতো এআইইউডিএফ দল বিজেপিৰ প্রশংসাত পঞ্চমুখ হৈ থকা বুলি সমালোচনা কৰে৷

আনহাতে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আঙুলিৰ ঠাৰত ইউপিপিএল আৰু বিপিএফক নচুৱাই বিটিআৰত জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদী ৰাজনীতি সম্পূর্ণ ধবংস কৰা বুলি অভিযোগ কৰে বৰাই৷ আগন্তুক বিধানসভাৰ উপ–নির্বাচনত বিৰোধীয়ে বিৰোধী হৈ পৰা বুলি উল্লেখ কৰি তেওঁ কয় যে অসমত সম্প্রতি দুইবিধ বিৰোধী আছে৷ এবিধ ঠিকাদাৰবিৰোধী আৰু আনবিধ প্রকৃত বিৰোধী৷ ঠিকাদাৰবিৰোধীয়ে নামত বিৰোধী হৈ থাকিলেও শাসকীয় পক্ষক তৈলমর্দন আৰু তোষামোদ কৰি সুবিধাবাদীৰ ভূমিকা গ্রহণ কৰি আহিছে৷ ৰাইজে এতিয়া এইসকল বিৰোধীক চিনি পাবলৈ বাকী নাই৷ সময় আহিলে এনেবোৰ বিৰোধীক ৰাইজে উচিত শিক্ষা দিব৷

আনহাতে ইন্ধনৰ মূল্যবৃদ্ধিক লৈ কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বক্তব্য ৰাজ্যবাসীৰ বাবে অপমানসূচক বুলি মন্তব্য কৰে৷ আজি বাঘেশ্বৰী মন্দিৰত প্রদেশ কংগ্রেছৰ সভাপতি বৰাই দলীয় কর্মীসকলৰ সৈতে সেৱা জনাই মূল্যবৃদ্ধিকে ধৰি একাধিক সমস্যাই জুৰুলা কৰা ৰাজ্যবাসীক পৰিত্রাণ দিয়াৰ বাবে শাসকীয় বিজেপিক সুমতি দিয়াৰ প্রার্থনা কৰা বুলি জানিবলৈ দিয়ে৷ একেদৰে ৰাজ্যবাসীৰ মংগল কামনাৰ উপৰি কংগ্রেছক ৰাইজৰ আস্থাভাজন হিচাপে গঢ়ি তোলাৰ প্রার্থনা কৰা বুলিও বৰাই মন্তব্য কৰে৷

You might also like