🔹 ভাৰত-বাংলাদেশ সীমান্তত চোৰাং বেপাৰীৰ দৌৰাত্ম্য
নিয়মীয়া বাৰ্তা, ১২ জুলাই : ধুবুৰী জিলাৰ গোলকগঞ্জৰ আগমনিত বিভিন্ন কৌশলেৰে বাংলাদেশলৈ গৰুৰ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছে চোৰাং বেপাৰীয়ে । গোলকগঞ্জ আৰক্ষী থানাৰ অধীনৰ ভাৰত-বাংলাদেশ সীমান্তৰ বিষখোৱা গাঁৱত আজি পুৱতি নিশা ১০টা গৰুসহ বলেৰো পিকআপ ভান আটক কৰে আগমনি আৰক্ষীয়ে । অৱশ্যে গাড়ীখন আটক কৰে যদিও চালক-হেণ্ডিমেনে আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ সক্ষম হয় । আজি পুৱতি নিশা ৩.৩০ বজাত আগমনি টহলদাৰী আৰক্ষীয়ে সেৰ নগৰ গাঁৱৰ ১৭নং ঘাইপথত ধুবুৰীমুখী AS-16 AC-4376 নম্বৰৰ বলেৰো পিকআপ ভানখনক ৰ’বলৈ সংকেত দিয়ে যদিও তীব্ৰবেগী ভানখন আগুৱাই বেলগুৰিৰ ভিতৰুৱা পথেৰে সোমাই সত্ৰশালৰ সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰৰ কাষেৰে সীমান্ত পথত উঠি প্ৰায় ৪ কিলোমিটাৰ পথ অতিক্ৰম কৰাত বিষখোৱা তৃতীয় খণ্ড গাঁৱত আটক কৰে আগমনি আৰক্ষীয়ে । গাড়ীখনত তালাচী চলাই অমানৱীয়ভাৱে ভৰি আৰু মূৰ বন্ধা তথা ফলৰ খাচাৰ তলত ১০টা গৰু উদ্ধাৰ কৰে । পাণ জপাদি অনা গৰুসমূহৰ ভিতৰত এটা গৰুৰ মৃত্যু হয় । ইপিনে, সীমান্ত পথৰ চাৰি কিলোমিটাৰ আগমনি আৰক্ষীয়ে খেদি খেদি আটক কৰিলেও সীমান্তত থকা সত্ৰশাল, ঝাচকাল আৰু বিষখোৱা সীমান্ত সুৰক্ষা বাহিনীৰ তিনিটা শিবিৰৰ সন্মুখৰ উপৰি প্ৰায় তিনিশ মিটাৰ দূৰত্বত থকা পহৰা চকীসমূহৰ জোৱানসকলে গাড়ীখন আটক কৰাত কোনোধৰণৰ সহায় নকৰাত সীমান্ত সুৰক্ষা বাহিনীৰ ফোঁপোলা স্বৰূপ উদঙাই দেখুৱাইছে । আনহাতে, গোলকগঞ্জ আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ গাইখোৱা গাঁৱৰ সীমান্ত পথতে AS-01 AV-0099 নম্বৰৰ এল্টো কাৰত ৫টা গৰু জব্দ কৰে যদিও গাড়ীখন এৰি চালকে পলাবলৈ সক্ষম হয় ।
প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়