নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰীত আৰক্ষীৰ জালত ১৫ চাইবাৰ অপৰাধী

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ মৰিগাঁও আৰক্ষীৰ কবলত পৰিছে ১৫টা চাইবাৰ অপৰাধী। চাইবাৰ অপৰাধী কেইটা হল ক্ৰমে আইনুল ইছলাম, ইজাজুল হক, আশ্বিকুল ইছলাম, গুলজাৰ হুছেইন, ৰাব্বুল ইছলাম, শ্বৰিফুল ইছলাম, আৰিফ আহমেদ, আনাৰুল হক, শিৰাজুল ইছলাম, আব্দুল মহচিন আলি আৰু আশ্বিকুৰ ৰহমান। বাকী খাইৰুল ইছলাম, ফাৰিজুল ইছলাম, হাবিজুল ইছলাম, ৰাব্বুল ইছলামক মৈৰাবাৰী থানাত আটক কৰি জেৰা কৰি থকা হৈছে।এইসকলৰ বিৰুদ্ধে চাইবাৰ অপৰাধ সংক্ৰান্তীয় কোনোধৰনৰ গোচৰ নাই যদিও এইসকলৰ আত্মীয়ক বিচাৰি নাপাই যোৱানিশা মৈৰাবাৰী আৰক্ষীয়ে আটক কৰিছিল এই চাৰিজনক। বাকী ১১জনক বিয়লিৰ ভাগত জিলা আদালতলৈ প্ৰেৰণ কৰিছে মৈৰাবাৰী আৰক্ষীয়ে। চাইবাৰ অপৰাধ সংক্ৰান্তত মৈৰাবাৰী আৰক্ষীৰ কবলত পৰা ১১জন অভিযুক্তক আদালতত হাজিৰ কৰাই আৰক্ষী জিম্মাত লোৱাৰ সম্ভাৱনা আছে। যোৱানিশা চলা চাইবাৰ বিৰোধী অভিযানটোত অপৰাধ শাখাৰ অতিৰিক্ত অধীক্ষক সমীৰণ বৈশ্যক সংগ দিছিল মৈৰাবাৰী থানাৰ পৰিদৰ্শক পৰ্যায়ৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাস আৰু লাহৰীঘাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like