বিশেষ বাৰ্তা, ২৩ জানুৱাৰীঃ ওপজা মাটিৰ সুবাসেৰে জন্ম লাভ কৰা নিউজ লাইভৰ ১৫ বছৰ সম্পূর্ণ কৰা উপলক্ষে আজি মহানগৰীৰ হোটেল ৰেডিছন ব্লুত আয়োজিত বৰ্ণাঢ্য অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২১ আৰু ২০২২ বর্ষৰ বাবে প্রসিদ্ধ ব্যক্তিলৈ জীৱনজোৰা সাধনা বঁটা আৰু বছৰটোৰ অসমীয়া বঁটা প্রদান কৰে৷ মুখ্যমন্ত্রীয়ে ২০২১ বর্ষৰ বাবে জীৱনজোৰা সাধনা বঁটা জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক প্রয়াত নীলমণি ফুকন আৰু বছৰটোৰ অসমীয়া বঁটা অলিম্পিয়ান লাভলীনা বৰগোঁহাইলৈ আগবঢ়ায়৷ আনহাতে, ২০২২ বর্ষৰ বাবে জীৱনজোৰা সাধনা বঁটা বিশিষ্ট সাহিত্যিক, সাংবাদিক কনকসেন ডেকা আৰু বছৰটোৰ অসমীয়া বঁটা কমনৱেলথ্ গেমছত সোণৰ পদক লাভ কৰা নয়নমণি শইকীয়ালৈ আগবঢ়ায়৷ এই বঁটাত আছে ২ লাখ টকা, প্রশস্তি পত্র, স্মাৰক আৰু চেলেং৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে নিউজ লাইভৰ সমগ্র পৰিয়ালে অসমৰ জনসাধাৰণৰলৈ ১৫ বছৰীয়া নিৰন্তৰ সেৱা সম্পূর্ণ কৰাৰ বাবে অভিনন্দন জনাই কয় যে ২০০৮ চনত আৰম্ভ হোৱা এই চেনেলটোৱে এক বিশাল সংগঠনলৈ ৰূপান্তৰিত হৈছে৷ তেওঁ কয় যে এই ১৫ বছৰত চেনেলটোৱে সকলো শ্রেণীৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাক প্রতিনিধিত্ব কৰাত সফল হৈছে৷ নিউজ লাইভৰ এই প্রচেষ্টাক প্রশংসা কৰি মুখ্যমন্ত্রীয়ে কয় যে এই চেনেলটোৱে মূল্যবোধসম্পন্ন সাংবাদিকতাৰে সকলো ধৰণৰ প্রত্যাহ্বান অতিক্রম কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে যোৱা ১৫ বছৰত অসমে এক অভূতপূর্ব পৰিৱর্তনৰ মাজেৰে গতি কৰিছে৷ এই পৰিৱর্তন ইতিবাচক৷ আন্দোলনমুখী চেতনাৰ পৰা মিডিয়াই আজি উন্নয়নৰ বিষয়টো অৱলোকন কৰাত গুৰুত্ব আৰোপ কৰিছে৷ কাজিৰঙাত গঁড় নিধন শূন্যলৈ গতি কৰা, ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় ক্রীড়া অনুষ্ঠান, সংস্কৃতি আদিত অসমীয়া যুৱক–যুৱতীসকলক্ সফলতাৰ সংবাদ গুৰুত্বপূর্ণভাৱে প্রকাশিত হৈছে৷ এই পটভূমিত নিউজ লাইভে নিজৰ দর্শকক নতুন আশা, নতুন সম্ভাৱনা আৰু নতুন অসম অভিমুখে যাত্রাৰ দিশত লৈ যাব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে বঁটা প্রাপকসকলক তেওঁলোকৰ নির্বাচিত ক্ষেত্রসমূহত আদর্শ হিচাপে পৰিগণিত হোৱাৰ বাবেও অভিনন্দন জ্ঞাপন কৰে৷ তেওঁলোকে লোৱা ভূমিকা আৰু সফলতাক স্বীকৃতি স্বৰূপে নিউজ লাইভ পৰিয়ালে বঁটা প্রদান কৰাৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই অনুষ্ঠানত ভাষণ দি নিউজ লাইভ পৰিয়ালে বর্তমানৰ স্থানত উপনীত হবলৈ যোৱা ১৫ বছৰীয়া যাত্রাৰ বিষয়ে আভাষ দিয়ে৷ তেওঁ লগতে চেনেলটোৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবে নিউজ লাইভৰ সমগ্র পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে৷ সকলো কর্মচাৰীক সমন্বিত প্রচেষ্টাত নিউজ লাইভ অধিক সফল হোৱাৰ লগতে জনসাধাৰণৰ কণ্ঠস্বৰ হব বুলিও তেওঁ কয় ৷ অনুষ্ঠানত বঁটা প্রাপক কনকসেন ডেকা, লাভলীনা বৰগোঁহাই আৰু নয়নমণি শইকীয়ায়ো ভাষণ প্রদান কৰে৷ নিউজ লাইভৰ চীফ মেনেজিং এডিটৰ চৈয়দ জাৰিৰ হুছেইনে চেনেলটোৰ ১৫ বছৰীয়া যাত্রাপথৰ বিষয়ে আলোকপাত কৰে৷ অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ পৱিত্র মার্ঘেৰিটা, বিধায়কদ্বয় তৰংগ গগৈ, ৰূপজ্যোতি কুর্মী আৰু অন্যান্য গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷