নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ আগষ্টৰ ভিতৰত ১.২০ কোটিক দিব ভেকচিন

ৰাজ্যত ১৮–৪৪ বয়সৰ লোকৰ বাবে ভেকচিনৰ নাটনি

নিয়মীয়া বাৰ্তা ৩১ মেঃ ৰাজ্যত ১৮ বছৰৰ পৰা ৪৪ বছৰৰ লোকৰ বাবে সম্প্রতি ভেকচিনৰ নাটনিয়ে দেখা দিছে৷ বর্তমান উক্ত বয়সৰ লোকৰ বাবে মাত্র ২০ হাজাৰৰ পৰা ২৫ হাজাৰ ভেকচিনহে মজুত আছে৷ দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেই কথা প্রকাশ কৰি উক্ত বয়সৰ লোকসকলক ভেকচিনৰ বাবে কিছু অপেক্ষা কৰিবলৈ আহ্বান জনায়৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কালি ভেকচিন যোগান ধৰা দুয়োটা কোম্পানীকে ভেকচিন দিবলৈ নির্দেশ দিয়া হৈছে৷

অহা জুন মাহত ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকক প্রদানৰ বাবে ৭ লাখ ভেকচিন যোগান ধৰিব বুলি জনাইছিল৷ তেওঁলোকে ভেকচিন যোগানৰ তাৰিখ জনোৱা নাই যদিও হয়তো ৫–৬ জুনৰ ভিতৰত আহি পাব৷ মে’ মাহত উক্ত বয়সৰ লোকৰ বাবে ৪.৫ লাখ ভেকচিন অসমে লাভ কৰিছে৷ জুন মাহত ৭ লাখ ভেকচিন লাভ কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই জুনৰ প্রথম সপ্তাহত ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ বাবে ভেকচিন অলপ স্তিমিত হ’ব বুলি উল্লেখ কৰি কয় যে মে’ মাহতকৈ জুন মাহত ৩০ শতাংশ বেছিকৈ ভেকচিন আহিব৷

জুলাই মাহত ৫০ শতাংশ বেছিকৈ ভেকচিন লাভ কৰিব৷ আগষ্ট মাহত ভেকচিন পর্যাপ্ত হ’ব৷ সেইদৰে ৪৫ বছৰ বয়সৰ ঊর্ধ্বৰ লোকৰ বাবেও জুন মাহত বেছিকৈ ভেকচিন লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷ এই প্রসংগতে তেওঁ কয় যে অহা ১৫ আগষ্টৰ আগেয়ে অসমত ৩০ শতাংশ লোকক ভেকচিন প্রদানৰ চেষ্টা কৰা হৈছে৷ ৰাজ্যখনৰ ৩.২০ কোটি লোকৰ ভিতৰত ১.১০ কোটিৰ পৰা ১.২০ কোটি লোকক অহা ১৫ আগষ্টৰ ভিতৰত ভেকচিন প্রদানৰ চেষ্টা কৰা হ’ব৷

আনহাতে, চাহ বাগিচা অঞ্চলতো যথেষ্ট লোকে ভেকচিন পোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বাগিচাসমূহতো জুন–জুলাইত ভেকচিন বৃদ্ধি পাব৷ এতিয়াৰে পৰা চাহ শ্রমিকসকলে ভেকচিন গ্রহণৰ বাবে প’র্টেলত নাম দিব নালাগে৷ বাগিচাৰ মেনেজাৰে তেওঁলোকৰ নাম সুমুৱাই দিব৷ অনাথ আশ্রমত থকা লোকৰ লগতো নিৰাশ্রয়ী লোকসকলকো ভেকচিন দিব বুলি উল্লেখ কৰি কয় যে কোনো এজন তত্ত্বাৱধায়কে তেওঁৰ পান কার্ডৰ বিপৰীতে সেইসকল লোকক ভেকচিন দিয়াব পাৰিব৷

You might also like