বিশেষ বাৰ্তা, ১৯ মে’ : ২০১০ চনত স্থাপিত কলিয়াবৰৰ প্ৰথমখন চি বি এছ ই পাঠ্যক্ৰমৰ বিদ্যালয়ে দেওবাৰে উদযাপন কৰে ১৫ সংখ্যক প্ৰতিষ্ঠা দিৱস । ২০১০ চনৰ ১৯ মে’ত পঞ্চশীল নামৰ এটি স্থানীয় সংগঠনে শিলঘাটত স্থানীয় কন্যকাশ্ৰম নামৰ চি বি এছ ই পাঠ্যক্ৰমৰ বিদ্যালয়খন স্থাপন কৰে। বিশিষ্ট বিজ্ঞানী গকুলেশ্বৰ গোস্বামীয়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিদ্যালয়খনিয়ে আজি ১৪ বছৰ পূৰ্ণ কৰি ১৫ বৰ্ষত ভৰি থ’লে। প্ৰতিষ্ঠা দিৱস উপলক্ষে অন্যান্য কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হয় এখনি মুকলি সভা । কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভূপেন শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা মুকলি সভাখনিত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি কনক হাজৰিকাই । কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰা সভাখনিত পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক নৃপেন চন্দ্ৰ কেওট, প্ৰাক্তন শিক্ষক ৰামেশ্বৰ দাস, সমাজ কৰ্মী সত্যপ্ৰসাদ ৰাজখোৱা আৰু ৰাতুলেশ্বৰ গোস্বামীসহিতে ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে বিদ্যালয়ৰ বিভিন্ন প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰা হয় ।
প্ৰেৰক কনক হাজৰিকা