নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষষ্ঠদশ দুলীয়াজান গ্ৰন্থমেলাৰ উদযাপন সমিতি গঠন

🔹 ভাষাবিদ দেৱেন দত্তলৈ শ্ৰদ্ধাঞ্জলি

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শাখাৰূপে স্বীকৃতিপ্ৰাপ্ত দুলীয়াজান সাহিত্য সভাৰ হীৰক জয়ন্তী উপলক্ষে ১১ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ দুলীয়াজান বিহুতলী প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে ষষ্ঠদশ দুলীয়াজান ৰাষ্ট্ৰীয় গ্ৰন্হমেলা-২০২৩ । গ্ৰন্হমেলাখনি সুচাৰুভাৱে পৰিচালনা কৰাৰ বাবে আজি সন্ধিয়ালৈ দুলীয়াজান সাহিত্য সভাৰ বৰদলৈ ভৱনত অনুষ্ঠিত এখন ৰাজহুৱা সভাত শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় । সমিতি গঠনৰ পূৰ্বে সভাই সদ্যপ্ৰয়াত বিশিষ্ট সাহিত্যিক তথা ভাষাবিদ দেৱেন দত্তৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। দুলীয়াজান সাহিত্য সভাৰ সভাপতি ৰঞ্জন মহন্তৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সৰ্বসন্মতিক্ৰমে দুলীয়াজান ৰাষ্ট্ৰীয় গ্ৰন্হমেলা-২০২৩ৰ উদযাপন সমিতিৰ সভাপতি হিচাপে আনফুৰ আলী হক, কাৰ্যকৰী সভাপতি ৰঞ্জন মহন্ত, সম্পাদকদ্বয় ক্ৰমে ব্ৰজেন গগৈ, লুহিত দত্ত আৰু মুখ্য উপদেষ্টা আদিত্য গোস্বামীক লৈ এখন শক্তিশালী সমিতি গঠন কৰাৰ লগতে কেইবাটাও শাখাত উপ-সমিতি গঠন কৰা হয়। এই গ্ৰন্হমেলাখন সাফল্যমণ্ডিত কৰি তুলিবলৈ দুলীয়াজানৰ সমূহ সাহিত্যপ্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিছে গ্ৰন্হমেলাৰ উদযাপন সমিতিয়ে ।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like