নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ মে’ৰ পাছত অহা ১২ হাজাৰ লোকৰ বিপৰীতে ১৮জন পজিটিভ অসমত

বহিঃৰাজ্যৰ পৰা পথেৰে আহিল ৪৬৯০ ব্যক্তি

নিয়মীয়া বাৰ্তা, ১৫ মে’ : লকডাউনৰ ফলত আবদ্ধ হৈ পৰা লোকসকল নিজ গৃহলৈ উভতি অহাৰ বাবে ৰাজ্য চৰকাৰে প্রদান কৰা অনুমতিৰ পাছত ৰাজ্যত স্থলপথেৰে প্রৱেশ কৰিছে ৪,৬৯০জন লোক ৷ ইয়াৰে শ্রীৰামপুৰ গেটেৰে ৪,০৬০জন লোক আৰু ছাগলীয়া গেটেৰে ৬৩০জন লোক প্রৱেশ কৰিছে ৷ আনহাতে, উত্তৰ–পূবৰ ৰাজ্যসমূহৰ পৰা অসমলৈ আহিছে ৬,৪১২জন লোক ৷ বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই তথ্য সদৰী কৰি কয়– যোৱা ৪ মে’ৰ পৰা লকডাউনৰ শিথিলতাৰ পাছত বিভিন্ন ধৰণে অসমলৈ অহা লোকৰ সংখ্যা প্রায় ১২ হাজাৰ হ’ব ৷ যি সময়ত বহিঃৰাজ্যৰ পৰা অহা লোকে ক’ৰোনা সংক্রমণ বৃদ্ধি কৰিব বুলি মন্তব্য কৰি আহিছে, তেনে সময়ত এইসংখ্যক লোকৰ বিপৰীতে ট্রেভেল হিষ্ট্রী থকা ১৮জন লোকহে ক’ৰোনা পজিটিভ ৰূপে চিনাক্ত হৈছে ৷ ইয়াৰে আজমীৰ শ্বৰীফৰ পৰা শিলচৰলৈ অহা ১০জন, মুম্বাইৰ পৰা অহা ৭জন আৰু পশ্চিমবংগৰ পৰা অহা এজন লোক আছে ৷

ইতিমধ্যে অসমলৈ অহা প্রতিজন লোকক গৃহ কোৱাৰেণ্টাইন কৰা হৈছে ৷ যিসকল চৰকাৰী কোৱাৰেণ্টাইনত আছিল, সেইসকল লোকৰ ১,৯৮২জনক শেহতীয়াকৈ ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু এতিয়াও চৰকাৰী কোৱাৰেণ্টাইনত আছে ২,৭০৮জন ৷ মন্ত্রীজনে লগতে কয়– যিসকল লোকে পেইড কোৱাৰেণ্টাইনত আছে, সেই লোকসকলে ঘৰলৈ যোৱাৰ বাবে স্বাস্থ্য বিভাগক হেঁচা দি আছে যদিও ১৪ দিন সম্পূর্ণ নোহোৱাকৈ কোনো লোকক যাবলৈ দিয়া নহ’ব ৷ এই লোকসকলৰ এনে হেঁচাৰ বাবে স্বাস্থ্য বিভাগে এতিয়াৰে পৰা পেইড কোৱাৰেণ্টাইন বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৷ অৱশ্যে ৰেডিছন ব্লু আদি হোটেলত থাকিবলৈ ইচ্ছা কৰাসকলৰ ভিতৰত এই নিয়ম বাহাল থাকিব ৷ ইফালে, একাংশই কোৱাৰেণ্টাইন শিবিৰত ভাল খাদ্য নিদিয়াৰ অভিযোগ তুলিছে ৷ সেই লোকসকলক মই কওঁ– আমি মহামাৰীৰ লগত যুঁজি আছোঁ ৷ ইয়াত আমি বিয়া–সকাম পতা নাই ৷ শৌচালয়–বাথৰুম চাফা কৰাৰ বাবে ক্লীনাৰসকলক যাবলৈ দিলে আপত্তি তোলে ৷ স্বাস্থ্যকর্মীসকলে এটা সন্ত্রাসৰ মাজত কাম কৰি আছে ৷ তেওঁলোকৰ ঘৰতো শিশু আছে, বৃদ্ধ পিতৃ–মাতৃ আছে ৷ এনেবোৰ দিশ অনুধাৱন কৰিহে খোৱা–লোৱাৰ অসুবিধাৰ আপত্তি তোলক ৷ বিভাগে দিনে–ৰাতিয়ে কাম কৰি আছে ৷ বিগত ৭ দিন ধৰি মাইক্র’ বায়’লজী বিভাগৰ লোকসকলে শুবলৈ যোৱা নাই ৷ গতিকে মই অসমলৈ অহা লোকসকলক বিনম্রতাৰে অনুৰোধ কৰিছোঁ আমাক সহযোগ কৰক ৷ খোৱা–বোৱাতকৈ কিদৰে এই ৰোগৰ পৰা মুক্ত হ’ব পাৰি, তাৰ বাবে স্বাস্থ্য বিভাগক সহায় কৰক ৷

মন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰি দিয়ে যে যদি খোৱা–লোৱাৰ লগতে আন সুবিধাসমূহ সুচল হোৱাটো বিচাৰে, তেন্তে ১৫ দিন পাছত আহক ৷ পৰাপক্ষত বর্তমান ওভতাৰ পৰিৱর্তে নিজৰ ঠাইতে থাকক৷ ৰাজ্য চৰকাৰে ৰে’লৱে, আৰক্ষী, চিকিৎসকক লগত লৈ এক বিস্তৃত কর্মসূচী যুগুত কৰি উলিয়াইছে৷ ইয়াৰ দ্বাৰা চৰকাৰী কোৱাৰেণ্টাইনত থকা লোকসকলক ৰখাৰ ব্যৱস্থা কিছু পৃথক কৰা হ’ব ৷ মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে, আজমীৰ শ্বৰীফৰ পৰা শিলচৰলৈ বাছেৰে অহা ৪৩জন লোকৰ ১০জন আক্রান্ত হৈছিল যদিও বাকী ৩৩জনৰ ফলাফল নিগেটিভ ওলাইছে৷ একেদৰে জি এম চি এইচৰ দুজন চিকিৎসক আৰু এজন ৰোগীৰ বাহিৰে আন সকলো পৰীক্ষাৰ ফলাফল নিগেটিভ ওলাইছে৷ স্বাস্থ্যকর্মী, ৰোগী, আত্মীয়সহ প্রায় ২,০০০জন লোকৰ ছোৱাব দিল্লীলৈ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছিল৷ তাৰ ১১০জনৰ ফলাফল আহিবলৈ বাকী আছে আৰু বাকীসকলৰ ফলাফল নিগেটিভ ওলাইছে৷ ইফালে এতিয়াৰে পৰা কোনো লোকৰ ক’ভিড–১৯ পৰীক্ষা হ’লে তাৰ ফলাফল ম’বাইল ফোনত দিয়াৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি স্বাস্থ্যমন্ত্রীগৰাকীয়্ আজি জানিবলৈ দিয়ে ৷

You might also like