নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমৃতসৰৰ পৰা দিল্লীলৈ পদব্রজে অহা ধেমাজিৰ দুই ভাতৃৰ কৰুণ মৃত্যু

বহিঃৰাজ্যত অসমৰ ৪ শ্রমিকৰ দুর্দশাপূর্ণ জীৱনগাথা

নিয়মীয়া বাৰ্তা, ১৫ মে’ : মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংহাৰলীলাত সম্প্রতি জনস্বাস্থ্যৰ সমান্তৰালভাৱে বিধ্বস্ত বিশ্বৰ অর্থনীতি ৷ মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ হৈ থকা লকডাউনৰ পৰিণতিত বন্ধ হৈ পৰিছে উদ্যোগ–কৃষিখণ্ডৰ উৎপাদন তথা বাণিজ্যিকীকৰণ ৷ পৰিণতিত লক্ষ লক্ষজনে কর্মসংস্থাপন হেৰুৱাই হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ উদ্ভৱ হৈছে৷ বিশ্বৰ অন্যান্য প্রান্তৰ লগতে ভাৰততো শ্রমিক জনতাৰ একেই দুর্দশা৷ কর্মসংস্থাপন হেৰুৱাই কেইবাশ কিলোমিটাৰ দূৰৈৰ ঘৰখনলৈ ঢাপলি মেলা শ্রমজীৱীৰ দুর্দশাপূর্ণ জীৱনগাথাই নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৷ ইয়াৰ মাজতে বহিঃৰাজ্যত কর্মহীন হৈ দিনৰ পাছত দিন প্রখৰ ৰ’দত লঘোনে–ভোকে পদব্রজে ঢাপলি মেলা অসমৰ দুই যুৱকৰ আদবাটতে মৃত্যু হোৱাৰ এক অতি মর্মন্তুদ ঘটনাই পুনৰ উন্মোচিত কৰিলে লকডাউনৰ বাস্তৱতা ৷ দুয়োজনে ন্যূনতম চিকিৎসা অবিহনে আৰু পেটত ক্ষুধাৰ তাড়না লৈয়ে চকুমুদাৰ বিপৰীতে অসমৰেই শ্রমজীৱী আন দুই যুৱক মুমূর্ষু অৱস্থাত বৃহস্পতিবাৰে উদ্ধাৰ হৈছে নতুন দিল্লী ৰে’ল ষ্টেচনৰ সমীপৱর্তী পাহাৰগঞ্জ এলেকাৰ ফুটপাথত ৷

সৌভাগ্যবশতঃ লখিমপুৰ জিলাৰ পহুমৰাৰ হাতীলঙৰ ৰাজেন বৰাৰ পুত্র সন্তোষ বৰা (১৯) আৰু ঢকুৱাখনাৰ মাদেৰগুৰিৰ গোপীনাথৰ পুত্র ৰাজা দলে (২৪)ক উদ্ধাৰ কৰি সম্প্রতি নতুন দিল্লীৰ অসম হাউছত ৰখা হৈছে ৷ সন্তোষ বৰা নামৰ যুৱকজনৰ ভাষ্যৰ উদ্ধৃতিৰে অসম হাউছৰ এক সূত্রই লকডাউনে বিপর্যস্ত কৰা শ্রমিক জীৱনৰ বর্ণনা দাঙি ধৰে ৷ সেই অনুসৰি সন্তোষ বৰাৰ লগতে ধেমাজি জিলাৰ (বাতৰি লিখা পৰলৈকে সবিশেষ ঠিকনা আমাৰ হাতত পৰা নাই) দুই ভাতৃ কানহায়া আৰু ৰোচনে অমৃতসৰ অঞ্চলৰ কোনো লোকৰ খেতিপথাৰত শ্রমিত হিচাপে কাম কৰিছিল ৷ যোৱা ২৪ মার্চত দেশত লকডাউন বলৱৎ হৈ পৰাৰ পাছতে তেওঁলোকৰ কাম বন্ধ হৈ পৰে ৷ হাতত তেতিয়া পইচা বুলিবলৈ তেওঁলোকৰ হাতত নাছিলেই ৷ কাম যে সোনকালে আৰম্ভ হ’ব, তাৰো কোনো সম্ভাৱনা তেওঁলোকে দেখা নাছিল ৷ তথাপি লকডাউনৰ পৰা ১৯ দিন পর্যন্ত এসাঁজ খাই এসাঁজ নাখাই তেনেদৰেই তেওঁলোকে অমৃতসৰৰ কর্মস্থলীৰ সমীপৰ ভাৰালৈ লোৱা বাসস্থানতে কটায় ৷ শেষলৈ তিনিওৰে উপায় নাইকিয়া হৈ পৰিছিল ৷ কিয়নো শেষৰ সাত–আঠ দিন খাদ্যৰ নামত তেওঁলোকে কোনোমতে গোটাব পাৰিছিল নামমাত্রহে ৷ অনুনয়–বিনয় কৰাত মালিকে তিনিওকে দিয়ে মাত্র ৪ হাজাৰ টকা ৷ তাকেই শেষ সম্বল হিচাপে লৈ তিনিওজনে পদব্রজে গৃহাভিমুখী যাত্রা আৰম্ভ কৰে ৷ সন্মুখত অচিন–দীঘলীয়া পথ ৷ তথাপি মৰণত শৰণ দি তেওঁলোক আগবাঢ়িছিল ৷ লগত থকা টকা কমি অহাৰ আশংকাত খৰচ কৰিবলৈও ভয় ৷ প্রখৰ ৰ’দ মূৰত লৈ দীঘলীয়া কষ্টকৰ পথত কেৱল পানী আৰু কেইটুকুৰামান ৰুটি খায়েই তেওঁলোকে দিনে–নিশাই যাত্রা অব্যাহত ৰাখিছিল ৷ কিন্তু চণ্ডীগড় অতিক্রম কৰাৰ পাছতেই ক্রমাৎ অসুস্থ হৈ পৰে কানহায়া আৰু ৰোচন ৷ পেটৰ বিষৰ সমান্তৰালভাৱে শ্বাস–প্রশ্বাসৰ অসুবিধাই দুই ভাতৃৰ খোজকঢ়াৰ শক্তি নোহোৱা কৰি পেলাইছিল ৷

তেনে অৱস্থাতে ৰাজপথতে ঢলি পৰা সংগী কানহায়া আৰু ৰোচনক চিকিৎসাৰ বাবে হাহাকাৰ কৰিছিল সন্তোষ বৰাই ৷ এসময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োকে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে ৷ পিছে পিছে ঢপলিয়াই গৈছিল সন্তোষ বৰাও ৷ কিন্তু তেতিয়ালৈকে কানহায়া আৰু ৰোচনৰ শৰীৰত প্রাণ নাছিল ৷ দুই সংগীক ক’ত হেৰুৱালে, সেই স্থানৰ বিষয়ে বর্তমানপর্যন্ত মুমূর্ষু অৱস্থাত থকা সন্তোষ বৰাই সঠিককৈ ক’ব পৰা নাই বুলি সূত্রটোৱে জানিবলৈ দিয়ে ৷ সন্তোষ বৰাই অকল পথৰ দুই সংগীক হেৰুওৱাই নহয়, তেওঁলোকক চিকিৎসালয়লৈ নিয়াৰ সময়তে হেৰুৱাইছিল লগত থকা শেষ সম্বল প্রায় ২ হাজাৰ টকাকে ধৰি আধাৰ কার্ড, পান কার্ড আদি নথি–পত্র, কাপোৰৰ বেগো ৷ এনেদৰে কানহায়া আৰু ৰোচনৰ মৃত্যু হোৱাৰ পাছত অধিক বিপর্যস্ত হৈ পৰা সত্ত্বেও সন্তোষ বৰাই পুনৰ লক্ষ্যস্থান অভিমুখে আগবাঢ়ে ৷ কিন্তু তেওঁৰ মানসিক অৱস্থা ঠিক নাছিল ৷ এইবাৰ বাটতে তেওঁ লগ পায় পশ্চিমবংগৰ শিলিগুৰি অঞ্চলৰ আন কেইজনমান প্রব্রজিত শ্রমিকক ৷ তেওঁলোকৰ সৈতে খোজকাঢ়ি তিনি–চাৰি দিনমান পূর্বে সন্তোষ বৰা দিল্লীত উপস্থিত হোৱা বুলি সূত্রটোৱে ধাৰণা কৰিছে ৷ অমৃতসৰৰ পৰা নতুন দিল্লীলৈ দূৰত্ব প্রায় ৪৫০ কিলোমিটাৰ ৷ অসমৰ এই যুৱক শ্রমিকজনে হয়তো প্রায় ২৫ দিনৰ মূৰত নানা দুর্যোগৰ মাজেৰে এই দূৰত্ব অতিক্রম কৰি নতুন দিল্লীত উপস্থিত হৈছে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, নতুন দিল্লীত উপস্থিত হোৱাৰ পাছতে যুৱকজনে অসমলৈ অহাৰ উদ্দেশ্যে ৰে’ল ষ্টেচনলৈ গৈছিল৷ বিগত কেইদিনত দেশত সম্পূর্ণৰূপে বন্ধ আছিল ৰে’লৰ চলাচল ৷ নিৰাপত্তাৰক্ষীয়ে তেওঁক ষ্টেচনৰ চৌহদত প্রৱেশ কৰিবলৈও নিদিলে ৷ কোবাই কোবাই বাহিৰলৈহে উলিয়াই দিয়ে ৷ এনে অৱস্থাত সন্তোষ বৰাৰ শেষ আশ্রয়স্থল হৈছিল ষ্টেচনৰ সমীপৱর্তী ফুটপাথ ৷ সেইদৰে লখিমপুৰ জিলাৰেই ঢকুৱাখনাৰ ৰাজা দলে নামৰ যুৱকজনে নতুন দিল্লীত দিন মজুৰি কৰি জীৱন নির্বাহ কৰিছিল ৷ এই যুৱকজনো আর্থিক সংকটৰ বাবে আশ্রয় ল’বলগীয়া হৈছিল ফুটপাথতে ৷ পৰৱর্তী সময়ত বিষয়টো জনচক্ষুৰ পোহৰলৈ অহাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দুর্গত যুৱক দুজনক উদ্ধাৰ কৰাৰ বাবে নতুন দিল্লীৰ অসম ভৱনৰ প্রধান আৱাসিক আয়ুক্ত কৈলাস চান্দ ছামাৰিয়াক নির্দেশ দিয়ে ৷ ইয়াৰ পাছতে প্রধান আৱাসিক আয়ুক্ত ছামাৰিয়াই নতুন দিল্লী ৰে’ল ষ্টেচনলৈ যুৱক দুজনক উদ্ধাৰৰ বাবে অসম হাউছৰ এটা দলক প্রেৰণ কৰে ৷ দলটোৰ নেতৃত্বত আছিল অসম ভৱনৰ কর্মচাৰী অজিত ৰাজবংশী ৷

ৰাজবংশীয়ে জানিবলৈ দিয়া মতে, যুৱক দুজনক উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে ৰাম মনোহৰ লোহিয়া হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱা হয়  ৷ তাৰ পাছত তেওঁলোকক অসম হাউছত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ স্বাস্থ্য পৰীক্ষাৰ প্রতিবেদন লাভ নকৰা পর্যন্ত দুয়োকে অসম হাউছতে ৰখা হ’ব ৷ দুয়োকে ইতিমধ্যে প্রধান আৱাসিক আয়ুক্ত ছামৰিয়াই ৫ হাজাৰ টকাকৈ অর্থ সাহায্য প্রদান কৰা বুলি জানিব পৰা গৈছে ৷ ইফালে দুয়োকে অসমলৈ ঘূৰাই অনাৰ দৰে পৰৱর্তী পদক্ষেপ গ্রহণৰ বিষয়টো নির্ভৰ কৰিব স্বাস্থ্য পৰীক্ষাৰ ওপৰতহে ৷

You might also like