নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত চাঞ্চল্যকৰ অপহৰণ কাণ্ড, বাহনসহ আটক ২

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ : যোৱানিশা ৰূপহীহাটত এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হয়। এই কাৰ্যই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গো-মাফিয়াই অপহৰণ কৰে ৱাহিদুল ইছলাম নামৰ এজন যুৱকক। ৰূপহী তিনিআলিৰ পৰা কেইবাজনীয়া গো-মাফিয়াৰ এটা দলে অপহৰণ কৰি নিয়ে ৱাহিদুল ইছলাম নামৰ যুৱকজনক। ৰূপহীহাট আৰক্ষীৰ ব্যাপক তৎপৰতাত দুই ঘণ্টাত অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে অপহৃত ৱাহিদুল ইছলামক। ৱাহিদুল ইছলামক শ্বিলঙৰ পৰা গো-সৰবৰাহৰ টকা আনিবলৈ পঠিয়াইছিল গো-মাফিয়াই ৷ শ্বিলঙৰ পৰা টকা লৈ আহি থকা সময়তে ডকাইতে লুটি নিছিল ৱাহিদুলৰ পৰা ২ লাখ ৭০ হাজাৰ টকা। গো-মাফিয়াই এই খবৰ লাভ কৰাৰ পিছত খঙত খৰ্গহস্ত হৈ অপহৰণ কৰি লৈ যায় ৱাহিদুল ইছলামক।
নিশাই ৰূপহীহাট আৰক্ষীয়ে উদ্ধাৰ কৰে অপহৃত যুৱকজনক। আৰক্ষীয়ে অপহৰণ কাণ্ডৰ লগত জড়িত দুজন যুৱকক আটক কৰাৰ লগতে এখন এ এছ-১২ এল-৬১৬৪ নম্বৰৰ বাহন জব্দ কৰে ৷ অপহৰণ কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড গেৰেকীৰ শ্বাহাৰুল হক, গড়েমাটিখোৱাৰ আমিৰ হুছেইন আৰু শ্বৰিফুল ইছলাম বৰ্তমান পলাতক অৱস্থাত আছে। ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে ভুক্তভোগীৰ পৰিয়ালৰ লোকে।

প্ৰেৰক জহিৰুল ইছলাম

You might also like