অশোক কাগজ কলৰ ২০০ একৰ ভূমিত লজিষ্টিক পার্ক; ২০ লাখে পাব প্রত্যক্ষ–পৰোক্ষ সংস্থাপন
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ ‘অসমৰ পূর্বৰ বিধানসভা নির্বাচনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগত মই মাজুলীবাসীক দলং নির্মাণৰ বাবে আশ্বাস দিছিলোঁ আৰু সেই আশ্বাস এতিয়া সফল হ’ব৷ মাজুলী আৰু নিমাতীঘাট সংযোগী পথত নতুন দলং নির্মাণ হ’ব৷ কেৱল অসমৰ পথ, দলং উন্নয়নৰ বাবে অহা দুই বছৰত কেন্দ্রীয় চৰকাৰে ৮০,০০০ কোটি টকা ব্যয় কৰিব৷’ –এই মন্তব্য কেন্দ্রীয় পথ পৰিবহণ, ৰাষ্ট্রীয় ঘাইপথ আৰু ক্ষুদ্র, লঘু আৰু মধ্যমীয়া উদ্যোগ মন্ত্রী নীতিন গাডকাৰিৰ৷
বঙাইগাঁও জিলাৰ যোগীঘোপাস্থিত অশোক কাগজ কলৰ ভূমিত ভাৰত মালা আঁচনিৰ অধীনত আজি দেশৰ প্রথমখন মাল্টি মডেল লজিষ্টিক পার্কৰ আধাৰশিলা স্থাপন কৰে কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিয়ে৷ কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিয়ে নতুন দিল্লীৰ পৰা মঙলবাৰে দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেঞ্চযোগে আধাৰশিলা স্থাপন কৰে৷ ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সঞ্চালনাত অশোক কাগজ কলত অনুষ্ঠিত আধাৰশিলা স্থাপনৰ বাবে আয়োজিত ৰাজহুৱা সভাত ভিডি’ কনফাৰেঞ্চযোগে কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিয়ে কয় যে যোগীঘোপাৰ মাল্টি মডেল লজিষ্টিক পার্কে অসমৰ উন্নয়নৰ ক্ষেত্রত যথেষ্ট অৰিহণা যোগাব৷ পার্কখন সম্পূর্ণ হ’লে ৰাজ্যত ২০ লাখ প্রত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টি হ’ব৷ অসমত আৰু মাল্টি মডেল লজিষ্টিক হাব নির্মাণৰ বাবে ৰাজ্য চৰকাৰে সুবিধাজনক ঠাই বাছনি কৰি দিলে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে হাব নির্মাণ কৰিবলৈ আগ্রহ প্রকাশ কৰে৷ ইপিনে, ব্রহ্মপুত্র আৰু বৰাক উপত্যকাক সংযোগ স্থাপন কৰি জলপথ সুগম কৰাৰ ক্ষেত্রতো মন্ত্রীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে৷
ইপিনে, পাঁচ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ১৯ কিলোমিটাৰ চাৰিলেনযুক্ত ঘাইপথসহ ধুবুৰী–ফুলবাৰী দলঙৰ কাম অহা দুই তিনি মাহৰ ভিতৰত আৰম্ভ কৰাৰ লগতে গহপুৰ–নুমলীগড চাৰিলেনযুক্ত টানেলৰ কাম ৭,৫০০ কোটি টকা ব্যয়েৰে হ’ব বুলি প্রকাশ কৰে৷ আনহাতে দীর্ঘদিনৰ পৰা বন্ধ হৈ থকা গোৱালপাৰা জিলাৰ কৃষ্ণাই দলংখন নির্মাণৰ বাবে ধন আবণ্টিত হোৱা বুলিও মন্ত্রীগৰাকীয়ে ঘোষণা কৰে৷ মন্ত্রীগৰাকীয়ে ৰাজ্যত আৰু কেইবাটাও ঘাইপথ নির্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে৷ নীতিন গাডকাৰিয়ে ভাষণত কয় যে দেশৰ বিভিন্ন ৰাজ্যত মুঠ ৩৫খন লজিষ্টিক পার্ক প্রকল্প ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে৷ প্রথম পর্যায়ত ১৩খন আৰু দ্বিতীয় পর্যায়ত ২২খন এনে পার্ক সম্পূর্ণ কৰা হ’ব৷ চলিত বর্ষতে ১৩টা এনে প্রকল্পৰ কাম আৰম্ভ কৰা হ’ব৷ ইয়াৰে প্রথমটো যোগীঘোপাৰ অশোক কাগজ কলৰ ৩১৭ একৰ ভূমিত নির্মাণ কৰা হ’ব৷
ইয়াৰে ৫০ একৰ জলপথৰ যোগাযোগৰ বাবে বন্দৰ নির্মাণ হ’ব৷ লজিষ্টিক পার্কৰ সৈতে স্থলপথ, জলপথ, ৰে’লপথ আৰু বায়ুপথত যোগাযোগৰ বাবে মুঠ তিনি হাজাৰ কোটি টকা ব্যয়ৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অংশগ্রহণ কৰি ভাষণত কয় যে আজি নামনি অসমৰ এটা ঐতিহাসিক দিন৷ বঙাইগাঁও আৰু নুমলীগড শোধনাগাৰত উৎপাদন ক্ষমতা বৃদ্ধি কৰিব বুলি তেওঁ ঘোষণা কৰে৷ বঙাইগাঁও শোধনাগাৰ উৎপাদন ক্ষমতা পূর্বৰ ২.৫ মেড্রিক টনৰ পৰা ৫ মেড্রিক টনলৈ বৃদ্ধি কৰিব আৰু ইয়াৰ বাবে ১০,০০০ কোটি টকা ব্যয় কৰিব৷ইপিনে, নুমলীগড শোধনাগাৰত ২৩,০০০ কোটি টকা ব্যয়সাপেক্ষে ৩ মেড্রিক টনৰ পৰা ৯ মেড্রিক টনলৈ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ বৰাক উপত্যকাত আন এটা লজিষ্টিক হাব স্থাপন কৰিব বুলি সভাত ঘোষণা কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্রীগৰাকীয়ে সভাত অসম চুক্তি মতে অশোক কাগজ কল পুনৰ মুকলি কৰাৰ কথা উল্লেখ আছিল যদিও কলটোৰ উৎপাদন ক্ষমতা নগণ্য হোৱা বাবে মাল্টি মডেল লজিষ্টিক হাব স্থাপন কৰি তেওঁ সুখী বুলি কয় আৰু অসম চুক্তিৰ প্রতিশ্রুতি বিজেপি চৰকাৰে আখৰে আখৰে পালন কৰে বুলি সভাত দোহাৰে৷ তিনি হাজাৰ কোটি টকা ব্যয়েৰে নির্মাণ হ’বলগীয়া লজিষ্টিক হাবে আন্তঃৰাজ্যিক, ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত অসমে প্রৱেশ কৰিবলৈ বিশেষ সুবিধা দিব৷ বিশেষকৈ খেতিয়ক ৰাইজৰ উৎপাদিত সামগ্রী দেশ–বিদশলৈ ৰপ্তানি কৰিবলৈ সুবিধা পাব আৰু খেতিয়কসকলে কৃষিৰ উৎপাদিত সামগ্রী বিশ্বৰ বজাৰত বিক্রী কৰিবলৈ সুযোগ লাভ কৰিলে৷
উক্ত সভাত খাদ্য সংসাধন বিভাগৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্রী ফণীভূষণ চৌধুৰী, পর্যটন মন্ত্রী চন্দন ব্রহ্ম, স্থানীয় বিধায়ক অনন্ত কুমাৰ মালোৰ লগতে কেইবাগৰাকী বিধায়ক আৰু বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া উপস্থিত থাকে৷ সভাত মাল্টি মডেল লজিষ্টিক হাব কর্তৃপক্ষ আৰু অশোক কাগজ কল কর্তৃপক্ষৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়৷