🔹 বাবৰি মছজিদ ধ্বংসৰ সময়ত অস্থায়ী মন্দিৰটোৰ পুৰোহিত আছিল সত্যেন্দ্র দাস
নিউজ ডেস্ক, ৪ ফেব্রুৱাৰী : উত্তৰ প্রদেশৰ অযোধ্যাৰ ৰাম মন্দিৰৰ প্রধান পুৰোহিত মহন্ত সত্যেন্দ্র দাস ব্রেইন ষ্ট্রোকত আক্রান্ত হৈছে৷ দেওবাৰে গুৰুতৰভাৱে অসুস্থ হোৱা মহন্ত সত্যেন্দ্র দাসক সঞ্জয় গান্ধী প’ষ্ট গ্রেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চত ভর্তি কৰোৱা হৈছে৷ স্বাস্থ্য প্রতিষ্ঠানখনৰ চিকিৎসকে প্রকাশ কৰা মতে, দেওবাৰে গুৰুতৰভাৱে অসুস্থ ৮৫ বছৰীয়া সতেন্দ্র দাসক হাস্পতালত ভর্তি কৰোৱা হয়৷ ব্রেইন ষ্ট্রোকত আক্রান্ত হৈছে প্রধান পুৰোহিতজন৷ বর্তমান নিউৰোলজী বিভাগৰ আইচিইউত চিকিৎসা চলাই থকা হৈছে৷ শাৰীৰিক অৱস্থা গুৰুতৰ হ’লেও স্বাস্থ্য সম্পর্কীয় কিছু দিশ স্থিতিশীল হৈ আছে৷ সকলো সময়তে চিকিৎসকে পর্যবেক্ষণ চলাই আছে৷ উল্লেখ্য যে ১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ধ্বংসৰ সময়ত অস্থায়ী মন্দিৰটোৰ পুৰোহিত আছিল সত্যেন্দ্র দাস৷ মন্দিৰটোৰ দীর্ঘদিন ধৰি পুৰোহিত হিচাপে জীৱন কটোৱা সত্যেন্দ্র দাসৰ আধ্যাত্মিক জীৱনৰ সূত্রপাত ঘটিছিল ২০ বছৰ বয়সতে৷ তেওঁ নির্বানা আখৰাৰ সন্ন্যাসী৷