নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ নাওবৈচাত আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা ২০ দুৰ্বৃত্তক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২ মেঃ ৩০ এপ্ৰিলৰ সন্ধিয়া লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ পানধোৱা কুৱেইট মছজিদত আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা ২০ দুৰ্বৃত্তক আজি লখিমপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।

আজি লখিমপুৰৰ জিলাৰ এক বৃহৎ আৰক্ষীৰ দলে পানধোৱা অঞ্চলত অভিযান চলাই এগৰাকী মহিলা সহ আৰক্ষীৰ গালৈ শিলগুটি নিক্ষেপ কৰি আক্ৰমণ কৰা ঘটনাত জড়িত থকাৰ অভিযোগত ২০ জন লোকক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে ক’ৰোনা প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে চলি আছে লকডাউন । এই লকডাউনৰ সময়ছোৱাতে একাংশ লোকে লকডাউন উলংঘা কৰি আৰক্ষীৰ লগতে স্বাস্থ্যকৰ্মীৰ ওপৰত আক্ৰমণ চলোৱা ঘটনা বিভিন্ন সময়ত প্ৰকাশিত হৈ আহিছে । থিক তেনে এক হিংসাত্মক ঘটনাই লখিমপুৰত যোৱা ৩০ এপ্ৰিলৰ সন্ধিয়া সংঘটিত হৈছিল ।

কোভিড-১৯ ক লৈ সমগ্ৰ দেশবাসী শংকিত হৈ থকাৰ সময়তে ৩০ এপ্ৰিলৰ সন্ধিয়া লকডাউনৰ নীতি নিয়ম নামনি পানধোৱাৰ কোৱেইট মছজিদ একাংশই ৰোজাৰ ইফতাৰৰ পিছতে নামাজ পঢ়াৰ উদ্দেশ্যে সমবেত হোৱাৰ খবৰ লাভ কৰে নাওবৈচা আৰক্ষীয়ে । ইয়াৰ পিছতে নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিৎ নাথৰ নেতৃত্বত আৰক্ষী জোৱান সহ চিআইএছএফৰ এটা দল উপস্থিত হয় পানধোৱা মছজিদত । ইপিনে স্থানীয় গাওঁবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত মাছজিদটোত উপস্থিত হৈ নাওবৈচা আৰক্ষীয়ে তদন্ত চলাই থকা অৱস্থাতে একাংশ লোকে আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ গাড়ীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথ সহ চিআইএছএফৰ দুজন জোৱানৰ লগতে স্থানীয় গাওঁবুঢ়া জনো কম বেছি পৰিমাণে আহত হৈছিল ।

অন্যহাতে কৰ্তব্যৰত আৰক্ষীৰ ওপৰত হোৱা উক্ত আক্ৰমণৰ ঘটনাটো পানধোৱা অঞ্চলত সেইদিনা সন্ধিয়াৰ বজাৰত সমবেত হোৱা একাংশ দুৰ্বৃত্তইহে সংঘটিত কৰা বুলিও অভিযোগ উঠিছিল ।

You might also like