নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ শতাংশ পর্যন্ত বৃদ্ধি ঔষধৰ দাম হোৰাহোৰে বৃদ্ধি হ’ল গাড়ী–এচি–টিভিৰো দাম

ৰাইজ নির্বাচনত ব্যস্ত থাকোঁতেই ‘নীৰৱে’ বাঢ়িল সামগ্রীৰ মূল্য

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ নির্বাচনী ব্যস্ততাৰ মাজতে বর্ধিত হ’ল বিভিন্ন সামগ্রীৰ মূল্য৷ ক’ভিডসৃষ্ট জটিল অর্থনীতিক পুনৰুদ্ধাৰৰ বাবে কেন্দ্রীয় বাজেটত গ্রহণ কৰা সিদ্ধান্তৰ পৰিপ্রেক্ষিতত যান–বাহনৰ পৰা ইলেক্ট্রনিক্স–ইলেক্ট্রি সামগ্রীলৈকে বর্ধিত হ’ল মূল্য৷ ক’ভিড–১৯ লকডাউনে অর্থনৈতিকভাৱে কোঙা কৰা দেশবাসীৰ মূৰত পুনৰ মাধমাৰ পৰিল৷ ৰাজ্যত চলি থকা বিধানসভা নির্বাচনৰ মাজতে নতুন বিত্তীয় বর্ষ আৰম্ভ হোৱাৰ লগে লগে দেশত বৃদ্ধি হ’ল বিভিন্ন সামগ্রীৰ মূল্য৷ চাৰিচকীয়া বাহনৰ পৰা আৰম্ভ কৰি বীমাৰ কিস্তিলৈকে ঊর্ধ্বগামী হ’ল মূল্য৷ ক’ভিড মহামাৰীৰ সময়ছোৱাত বিশ্বজুৰি সৃষ্টি হোৱা অর্থনৈতিক দুৰৱস্থাৰ মাজতে কেঁচা সামগ্রীৰ মূল্যবৃদ্ধিৰ অজুহাতেৰে বিভিন্ন প্রতিষ্ঠানে তেওঁলোকৰ সামগ্রীৰ দাম বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ ১ এপ্রিলৰ পৰাই চাৰিচকীয়া বাহনৰ লগতে দুচকীয়া বাহনৰ দামো দেশজুৰি বৃদ্ধি পাইছে৷

ইতিমধ্যে কেইবাটাও আগশাৰীৰ গাড়ী নির্মাণ প্রতিষ্ঠানে দাম বৃদ্ধি কৰিলে৷ বিভিন্ন প্রতিষ্ঠানৰ বাইক আৰু স্কুটীৰ দাম সর্বোচ্চ ২,৫০০ টকা পর্যন্ত বৃদ্ধি পাব৷ ৰয়েল এনফিল্ড কোম্পানীয়ে বছা বছা মডেলৰ মূল্য দুই শতাংশ বৃদ্ধি কৰিলে৷ টয়’টা কোম্পানীয়ে বিলাসী বাহন ফৰচুনাৰ আৰু টয়’টা ক্রিষ্টাৰ দাম ২৭ হাজাৰৰ পৰা ৭২ হাজাৰলৈকে বৃদ্ধি কৰিছে৷ সেইদৰে অধিক ব্যয়বহুল হৈ পৰিল টেলিভিছন৷ অধিক ব্যয়বহুল হৈ পৰিল শীত–তাপ নিয়ন্ত্রিত যন্ত্র৷ বিগত ৮ মাহ ধৰি টিভিৰ দাম বৃদ্ধি পাই থকাৰ মাজতে ১ এপ্রিলৰ পৰা টেলিভিছনৰ মূল্যৰ নতুন নিৰিখ নির্ধাৰণ কৰা হৈছে৷ টিভি নির্মাতা প্রতিষ্ঠানসমূহে টেলিভিছনক পি এল আই পৰিকল্পনাত অন্তর্ভুক্ত কৰিবলৈ দাবী জনাই আহিছে৷ ইয়াৰ মাজতে টিভিৰ দাম দুহেজাৰৰ পৰা তিনি হাজাৰ টকা পর্যন্ত বৃদ্ধি পোৱাটো নিশ্চিত হৈছে৷

টেলিভিছনৰ উপৰি দেশবাসীৰ বাবে ব্যয়বহুল সামগ্রী হৈ পৰিল এয়াৰ কণ্ডিচন (এ চি) আৰু ৰেফ্রিজাৰেটৰ৷ নির্মাণ ব্যয় বৃদ্ধি কৰাৰ লগে লগে এ চি আৰু ৰেফ্রিজাৰেটৰৰ দাম বৃদ্ধি পালে৷ দেশৰ ভিন্ন প্রান্তত কোম্পানীসমূহে এ চি আৰু ৰেফ্রিজাৰেটৰৰ মূল্য শতাংশ হাৰত বৃদ্ধি কৰিছে৷ নূ্যনতম ১৩ শতাংশৰ পৰা এ চি–ৰেফ্রিজাৰেটৰৰ মূল্য বৃদ্ধি কৰাত প্রতিটো এ চিৰ দাম ১,৫০০ৰ পৰা ২,০০০ টকা পর্যন্ত বৃদ্ধি পাইছে৷ গোলকীয় বজাৰত ইতিমধ্যেই ইলেক্ট্রনিক্স সামগ্রীৰ দাম ৩৫ শতাংশ পর্যন্ত বৃদ্ধি কৰিছে৷ তামৰ মূল্য অত্যধিক হাৰত বৃদ্ধি পোৱাৰ ফলত এ চি, ৰেফ্রিজাৰেটৰ, কুলাৰ, ফেনৰ মূল্য বৃদ্ধি পাইছে৷ আগন্তুক সময়তো এই ইলেক্ট্রনিক্স সামগ্রীসমূহৰ মূল্য বৃদ্ধি পাই থকাৰো সম্ভাৱনা আছে৷ নতুন বিত্তীয় বর্ষ সুখকৰ নহ’ব সঘনাই বিমানেৰে যাত্রা কৰা লোকসকলৰ বাবেও৷

ঘৰুৱা আৰু আন্তঃৰাষ্ট্রীয় বিমানৰ টিকটৰ মূল্য বৃদ্ধি পাইছে৷ ঘৰুৱা বিমান সুৰক্ষা মাচুল ৫ শতাংশ বৃদ্ধি হৈছে৷ সম্প্রতি ১৬০ টকাৰ পৰা এই মাচুল ২০০ টকালৈ বৃদ্ধি পালে৷ আনহাতে, আন্তঃৰাষ্ট্রীয় বিমানৰ ক্ষেত্রত এই মাচুল ১২ মার্কিন ডলাৰলৈ বৃদ্ধি পাব৷ সেইদৰে দেশৰ ভিন্ন প্রান্তত দুগ্ধপালকসকলেও প্রতিলিটাৰ গাখীৰৰ মূল্য বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ ফলত দুগ্ধজাত সামগ্রীৰ মূল্য বৃদ্ধিৰ পোৱাৰ সম্ভাৱনা আছে৷

ইফালে, সলনি হ’ব বীমাৰ কিস্তিৰ মূল্যও৷ টার্ম, বীমাৰ প্রিমিয়ামৰ দাম বৃদ্ধি পাব৷ লক্ষণীয়ভাৱে নতুন বিত্তীয় বর্ষত জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিয়ে সংকটত পেলাব পাৰে দেশবাসীক৷ কিয়নো ঔষধ নির্মাতা প্রতিষ্ঠানসমূহে ঔষধৰ দাম ২০ শতাংশ পর্যন্ত বৃদ্ধি কৰাৰ অনুমতি প্রদানৰ বাবে ৰাষ্ট্রীয় ফার্মাচিউটিকেল মূল্য প্রাধিকৰণৰ ওচৰত আবেদন দাখিল কৰিছে৷

বিশেষকৈ ক’ভিড মহামাৰীৰ সময়ত কেঁচা সামগ্রীৰ দাম বৃদ্ধি পোৱাৰ অজুহাততেই ঔষধ নির্মাতা প্রতিষ্ঠানসমূহে জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰাৰ অনুমতি বিচাৰিছে৷ এণ্টিবায়’টিক, ভিটামিন, মধুমেহৰ ঔষধৰ কেঁচা সামগ্রী অধিকাংশ প্রতিষ্ঠানে চীনৰ পৰা ক্রয় কৰি আহিছে৷ ক’ভিডৰ সংক্রমণ বিগত বর্ষত চীনত বৃদ্ধি পোৱাৰ লগে লগে এই কেঁচা সামগ্রীৰ ৰপ্তানি বন্ধ হৈ পৰাৰ ফলত ভাৰতীয় ঔষধ প্রস্তুত প্রতিষ্ঠানসমূহৰ ওপৰত ব্যাপক প্রভাৱ পৰিছে৷ সেইদৰে ২০২০ বর্ষৰ মাজভাগৰ পৰা চীনে এই কেঁচা সামগ্রীসমূহৰ মূল্য ১০ৰ পৰা ২০ শতাংশ পর্যন্ত বৃদ্ধি কৰিছে৷ যাৰ বাবে জীৱনদায়িনী ঔষধ নির্মাণ কৰা প্রতিষ্ঠানসমূহে দাম বৃদ্ধি কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ পৰা অনুমতি বিচাৰিছে৷ গাড়ী নির্মাতা প্রতিষ্ঠানৰ পৰা আৰম্ভ কৰি ঔষধ প্রস্তুত কৰা প্রতিষ্ঠানসমূহলৈকে এনেদৰে দাম বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্তই সর্বসাধাৰণক জলা–কলা খুওৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷

You might also like