নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঞ্জু শর্মাৰ বাসগৃহত গঁড়ৰ খড়গ হাতীৰ দাঁত থকাৰ সন্দেহ; এজনক আটক

নিয়মীয়া বার্তা, ৮ এপ্রিলঃ  ভেটাপাৰাস্থিত বিদ্যা মন্দিৰ পথত আজি বন বিভাগৰ এটা দলে গঁড়ৰ খড়গ আৰু হাতীৰ দাঁত থকাৰ সন্দেহত অভিযান চলায়৷ বিদ্যা মন্দিৰ পথত ৰঞ্জু শর্মাৰ বাসগৃহত ডিএফঅ’ তেজস্ব মাৰীস্বামীৰ উপস্থিতিত বন বিভাগৰ এটা দলে অভিযান চলায়৷ ব্যক্তিজনৰ বাসগৃহত বন বিভাগৰ দলটোৱে এক গোপন সূত্রৰ ভিত্তিত অভিযান চলায় যদিও বাতৰি লিখা পৰলৈকে কোনো আপত্তিজনক সামগ্রী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

বন বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে, জামালুদ্দিন নামৰ এজন মণিপুৰী যুৱকে শর্মাই গঁড়ৰ খড়গ আৰু হাতীৰ দাঁতৰ চোৰাং ব্যৱসায়ত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰে৷ মণিপুৰৰ এই যুৱকজনক ইতিমধ্যে বন বিভাগে আটক কৰি অভিযান অব্যাহত ৰাখিছে৷ উল্লেখ্য যে জামালুদ্দিন নামৰ মণিপুৰী যুৱকজন উবেৰ চালক হিচাপে কর্মৰত আৰু তেওঁ ৰঞ্জু শর্মাৰ বাসগৃহত ভাৰাতীয়া হিচাপে বসবাস কৰি আছিল৷

ৰঞ্জু শর্মাৰ সৈতে ঘনিষ্ঠ যুৱকজনে বন বিভাগৰ ওচৰত এই গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই ডিএফ’ৰ নেতৃত্বত বন বিভাগে উক্ত বাসগৃহত অভিযান চলায়৷ অভিযানকালত আৰক্ষী আৰু বন বিভাগৰ লোকে শর্মাৰ বাসগৃহৰ পৰা কোনো আপত্তিজনক সামগ্রী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও পৰৱর্তী সময়ত এই সন্দর্ভত সবিশেষ তথ্য প্রকাশ কৰা হ’ব বুলিও ডিএফ’গৰাকীয়ে জানিবলৈ দিছে৷

উল্লেখ্য যে একাংশ লোকে মহানগৰীত বসবাস কৰি চোৰাং বন্যপ্রাণীৰ অংগ–প্রত্যংগ বেহা চলাই আহিছে৷ আৰক্ষী আৰু বন বিভাগৰ লোকে ইতিমধ্যে অভিযান চলাই কেইবাটাও বন্যপ্রাণীৰ অংগ–প্রত্যংগৰ চোৰাং ব্যৱসায়ীক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰিছিল৷

তদুপৰি বন বিভাগৰ লোকে ইতিপূর্বে উলুবাৰীৰ এটা বাসগৃহৰ পৰা বহু আপত্তিজনক নথিপত্রৰ লগতে বৃহৎ পৰিমাণৰ বন্যপ্রাণী ছাল, হাড় উদ্ধাৰ কৰে৷ শর্মাৰ বাসগৃহত গঁড়ৰ খড়গ আৰু হাতীৰ দাঁত আছে নে নাই এই সন্দর্ভত তদন্তৰ পিছতহে সবিশেষ তথ্য প্রকাশ কৰা হ’ব বুলি বন বিভাগৰ সূত্রই জানিবলৈ দিছে৷

You might also like