নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ৰ বিধানসভা নির্বাচন হ’ব দুটা সভ্যতাৰ মাজৰ যুঁজ

বিজেপিৰ যুৱ মর্চাৰ সামৰণী অনুষ্ঠানত মন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ   আগন্তুক ২০২১ বর্ষৰ নির্বাচন হ’ব দুটা সভ্যতাৰ মাজৰ এক যুঁজ৷ ৩৫ শতাংশ বনাম ৬৫ শতাংশৰ মাজত চলিব লগা যুঁজত ৩৫ শতাংশক পৰাস্ত কৰি স্বর্গদেউ চুকাফা, শিৱাজী, ৰাণা প্রতাপ সিং, গুৰু গোবিন্দ সিং, শ্যামাপ্রসাদ মুখার্জী, দীনদয়াল উপাধ্যায়ৰ আদর্শ প্রতিষ্ঠা কৰিব লাগিব৷ –এই মন্তব্য শিৱসাগৰত দুদিনীয়াকৈ আয়োজিত বিজেপিৰ জনতা যুৱ মর্চাৰ দুদিনীয়া কার্যনির্বাহকৰ দেওবাৰে সামৰণী সত্র অনুষ্ঠানৰ মুখ্য অতিথি তথা বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ দেওবাৰে পুৱাৰে পৰা নাজিৰা সমষ্টিৰ অন্তর্গত কেইবাটাও স্থানৰ প্রায় ৪৮ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া পথৰ আধাৰশিলা স্থাপন কৰি পোনে পোনে শিৱসাগৰ অ’ এন জি চিৰ আৱাসিক এলেকাৰ ড০ ভূপেন হাজৰিকা মুকলি ৰংগমঞ্চৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা ড০ শর্মাই কয় যে বাৰেৰহণীয়া কৃষ্টি–সংসৃকতিৰে প্রোজ্জ্বলিত ঐতিহাসিক বৰ অসমৰ ভেটি প্রতিষ্ঠাৰ বাবেই স্বর্গদেউ চাওলুং চুকাফাই টিপাম, হাবুম হৈ চৰাইদেউত বাহৰ পাতিছিল৷ পৰৱৰ্তী সময়ত স্বর্গদেউ ৰুদ্রসিংহই ৰংপুৰ নগৰ প্রতিষ্ঠা কৰিছিল৷ অসমীয়া ভাষা–সাহিত্য–কৃষ্টি–স্ এক স্বণ্ল ৰূপ ইয়াৰ পৰাই আৰম্ভ হৈছিল৷ ৰামায়ণ, মহাভাৰতৰ দিনৰ পৰাই এই পৱিত্র অসম ভূমিয়ে ভাৰত ৰাষ্ট্রলৈ অনন্য বৰঙণি আগবঢ়াই আহিছে৷ বাৰেৰহণীয়া জাতি–জনগোষ্ঠী–কৃষ্টি চহকী অসম বা ভাৰতবর্ষৰ বুকুত এক উজ্জ্বল নক্ষত্র হিচাপে প্রতিষ্ঠা কৰাই ভাৰতীয় জনতা দলৰ লক্ষ্য আছিল৷ সভ্যতাৰ কলংক মচি ৰাম জনমভূমিত মোগলে প্রতিষ্ঠা কৰা বাবৰি মছজিদৰ ঠাইত ৰামৰ পৱিত্র জন্মভূমিত পুনৰ ৰামক প্রতিষ্ঠা কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মন্দিৰ নির্মাণৰ কাম হাতত লৈছে৷ সমান্তৰালভাৱে ভাৰত ৰাষ্ট্রৰ সভ্যতা–সংসৃকতিক ধ্বংস কৰিব বিচৰা শত্রু ৰাষ্ট্রৰ ষডযন্ত্রক ওফৰাই পাকিস্তানৰ বালাকোট আৰু চীনৰ ওপৰত যোগ্য প্রত্যুত্তৰ দি ভাৰত ৰাষ্ট্রৰ অখণ্ডতা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ সক্ষম হয়৷ বিজেপি ক্ষমতা লাভৰ বাবে সৃষ্টি হোৱা দল নহয়৷ বিজেপি হৈছে মূল্যবোধৰ ৰাজনীতিৰে ৰাষ্ট্র নির্মাণৰ বাবে গঠন হোৱা এটা দল৷ বর্তমান সময়ত সভ্যতাৰ এই যুঁজখনত আমি একো একোজন অক্লান্ত যুঁজাৰু৷ প্রতিজন বিজেপিৰ কর্মকর্তা সাংসৃকতিক ৰাষ্ট্র নির্মাণৰ একো একোজন নিপুণ সৈনিক৷ সাফল্যৰ অমূল্য ভাণ্ডাৰেৰে বিজেপিয়ে হূদয়ৰ পৰা হূদয়লৈ সংযোগ স্থাপনেৰে ৰাজনীতিৰ আদর্শৰ স্থিতপ্রজ্ঞৰ দৰে থিয় কৰাই ৰাখিব লাগিব৷ ‘কা’ আন্দোলনৰ দৰে ভয়ংকৰ পৰিস্থিতিতো নিজৰ লক্ষ্য আৰু আদর্শৰ পৰা বিন্দুমাত্রাও বিচ্যুৎ নোহোৱা বিজেপিয়ে অন্যায়–বিচাৰৰ বিৰুদ্ধে সবলভাৱে নেতৃত্ব প্রদান কৰি আহিছে আৰু কৰি যাব৷ বিজেপিৰ ৪২ লাখ কর্মকর্তাক এক শক্তিলৈ ৰূপান্তৰ কৰি মানুহৰ হূদয়ত আমি প্রৱেশ কৰিব পাৰিছেছা৷ দীর্ঘদিন ধৰি আমাৰ পাঁচ হাজাৰ বছৰীয়া সভ্যতা–সংসৃকতি ধ্বংস কৰিব বিচৰা আন এক সভ্যতাৰ বিৰুদ্ধে আমি আৰম্ভ কৰিছেছা এই যুঁজ৷

শেহতীয়াকৈ ব্যাপক হাৰত বিজেপিক ওফৰাবলৈ দল গঠন কৰা শক্তিসমূহক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি মন্ত্রীগৰাকীয়ে পুনৰ কয় যে সকলো ৰাজনৈতিক দল একত্রিতভাৱে বিজেপিৰ বিৰুদ্ধে থিয় হোৱা কার্যই স্পষ্ট কৰি দিয়ে প্রকৃততে বিজেপিৰ পাঁচ বছৰীয়া গণভিত্তিয়ে কিমান দূৰলৈ শিপাইছে৷ দীনদয়াল উপাধ্যায়, শ্যামপ্রসাদ মুখার্জীৰ আদর্শৰে আগবাঢ়ি যোৱা বিজেপিয়ে শূন্যৰ পৰা যাত্রা আৰম্ভ কৰি সত্তৰ বছৰ ধৰি দেশ শাসন কৰা কংগ্রেছৰ দৰে দলৰ বাবে এতিয়া শংকাৰ অন্যতম কাৰণ হৈ পৰিছে৷ মাত্র পাঁচ বছৰৰ কার্যকালতেই অসমলৈ বর্তমানৰ চৰকাৰখনে এক বৈপ্লৱিক পৰিৱর্তন আনিবলৈ সক্ষম হৈছে৷ বিকাশমুখী যাত্রাৰে আগবাঢ়ি যোৱা এই চৰকাৰখনৰ সাফল্য চমকপদ৷ কংগ্রেছৰ লুঙী আৰু সূতাৰ ৰাজনীতি পৰিহাৰ কৰি বিকাশমুখী যাত্রাৰ লক্ষ্যৰে আগবাঢ়ি যোৱা বিজেপি চৰকাৰে প্রতি বছৰে সাত লাখ ছাত্র–ছাত্রীক বিনামূলীয়া নামভর্তিকৰণৰ সুযোগ দিয়াৰ লগতে প্রাথমিক, উচ্চ শিক্ষা, মাধ্যমিক শিক্ষাৰ ক্ষেত্রত গ্রহণ কৰা ভূমিকাৰ বাবেই ভাৰতবর্ষৰ ভিতৰত অসম এতিয়া দ্বিতীয়খন সাক্ষৰতাৰ ৰাজ্য হিচাপে নিজৰ চিনাকি দিবলৈ সক্ষম হৈছে৷ ক’ভিড–১৯ৰ অতি সংকটপূর্ণ সময়ত দুই লাখ ৰোগীক বিনামূলীয়া চিকিৎসা সেৱা প্রদান কৰি দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত অসমে নিজৰ নাম লিখিবলৈ সক্ষম হৈছে৷ স্বয়ম, অৰুণোদয়, অৰুন্ধতীকে ধৰি একাধিক জনকল্যাণমূলক আঁচনিৰে সমাজৰ প্রতিজন দৰিদ্র ব্যক্তিকেই সামৰি ল’বলৈ চেষ্টা কৰাৰ লগতে অন্ত্যোদয়াৰ দৰে আঁচনিৰ জৰিয়তে সমাজৰ একেবাৰে শেষৰজন ব্যক্তিকো সামৰি ল’বলৈ সক্ষম হৈছে৷ বৃদ্ধ, বিবাহ নোহোৱা, বিবাহ বিচ্ছেদিত, ন–কইনাৰ ক্ষেত্রত প্রতিজন অভিভাৱকৰ বাবেই আশাৰ বার্তা কঢ়িয়াই অনা বিজেপিয়ে ৰূপায়ণ কৰা আঁচনিৰ জৰিয়তে এই পৰিয়ালসমূহৰ মাজত এক আশা–ভৰসা আৰু প্রেৰণাৰ উৎস হিচাপে থিয় দিছে৷ বিকশিত, সুৰক্ষিত অসমৰ লক্ষ্যৰে ভাৰতবর্ষৰ বুকুত গৌৰৱময় অসমৰ গাথা প্রতিষ্ঠা কৰিবলৈ যোৱা বিজেপিৰ বিৰুদ্ধে আৰম্ভ হোৱা বিভিন্ন দল–সংগঠনৰ একত্রিত আক্রমণক আন্ধাৰে পোহৰক কৰা আক্রমণৰ সৈতে তুলনা কৰে মন্ত্রীগৰাকীয়ে৷ আন্ধাৰে পোহৰক কেতিয়াও আক্রমণ কৰিব নোৱাৰে বুলি মন্তব্য কৰা ড০ শর্মাই পুনৰ কয়– সাংসৃকতিক ৰাষ্ট্রবাদ, শক্তিশালী ভাৰত ৰাষ্ট্র নির্মাণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত বিজেপিয়ে দীনদয়াল উপাধ্যায় আৰু শ্যামপ্রসাদ মুখাজ্ৰ আদর্শেৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে৷ সেয়েহে লাচিতে নৰিয়া দেহাৰেই মোগলৰ বিৰুদ্ধে যুঁজা যুঁজৰ দৰেই আমিও ঔৰংগজেবৰ বিৰুদ্ধে যুঁজি ঔৰংগজেবৰ সভ্যতাক ওফৰাই আমাৰ সভ্যতাক প্রতিষ্ঠা কৰি বদৰুদ্দিন আজমলক ঘূৰাই পঠিয়াব লাগিব পূর্বৰ ঠিকনালৈ৷ যিমানেই দল গঠন নকৰক কিয়, বিজেপিৰ লক্ষ্য স্থিৰ৷

এশখন আসন লাভ কৰাটো নিশ্চিত বুলি মন্তব্য কৰা ড০ শর্মাই পুনৰ কয়– আগন্তুক দিনত এটা সভ্যতাৰ বিৰুদ্ধে পাঁচ হাজাৰ বছৰীয়া আন এক সভ্যতাৰ হ’ব যুঁজ৷ ইফালে সামৰণী সত্রত উপস্থিত থকা ৰাজ্যিক মন্ত্রী যোগেন মহনে কয় যে বিজেপি হৈছে মানুহ হোৱাৰ এক আদর্শ পথৰ ধাৰা৷ বিজেপি হৈছে মানুহ গঢ়াৰ এক সংগঠন৷ বিজেপিক প্রতিহত কৰা মানে উন্নয়ন স্থবিৰ কৰা৷ আনহাতে, সভাখনত উপস্থিত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে কয় যে বিজেপি এতিয়া কেৱল এটা দল হৈ থকা নাই, মানুহৰ ঘৰে ঘৰে, হৃদয়ে হৃদয়ে নিহিত হৈ থকা এক শক্তিৰ নাম হৈ পৰিছে৷ দুদিনীয়া কার্যসূচীৰে প্রথমবাৰৰ বাবে বিজেপি জনতা যুৱ মর্চাৰ এই দুদিনীয়া কার্যনির্বাহকৰ আজি অন্তিম দিনাৰ সামৰণী সত্রত বিত্ত–স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ লগতে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা, সাংসদ পল্লৱলোচন দাস, ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছা, বিজেপিৰ মুখপাত্র পৱিত্র মার্ঘেৰিটা, বিজেপিৰ উপ–সভাপতি জয়ন্ত দাস, সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মা, বিধায়ক কুশল দুৱৰী, বিজেপি নেতা অনুপ সিং ৰাজপুৰোহিত, মন্ত্রী যোগেন মহন, বিজেপিৰ সাধাৰণ সম্পাদক তৰংগ গগৈ, কার্বি স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী তুলিৰাম ৰংহাঙৰ লগতে বহুকেইগৰাকী নেতা–কম্ উপস্থিত থাকে৷ সামৰণী অনুষ্ঠানত উপস্থিত হোৱাৰ প্রাকমুহূর্তত বিত্ত–স্বাস্থ্যমন্ত্রী ড০ শর্মাই অস্থায়ীভাৱে নির্মিত পূজাথলীত তাই আহোম পদ্ধতিৰে পুলিন–পুথাওসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰে৷ অনুপ বর্মনে পৰিচালনা কৰা, জনতা যুৱ মর্চাৰ ৰাজ্যিক সম্পাদক ময়ূৰ বৰগোহাই, হিমাশ্রী বৰাই আঁত ধৰা অনুষ্ঠানটোতেই মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আহোম সংসৃকতিৰ ফাৰু, চাপকণ, হেংদাং আদিৰে বিশেষভাৱে সম্বর্ধনা জনায়৷ আজিৰ এই অনুষ্ঠানতেই বিজেপি জনতা যুৱ মর্চাৰ এটা ৱেবছাইটো মুকলি কৰে মন্ত্রীগৰাকীয়ে৷

You might also like