নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ৪ জুনৰ পৰা টি-২০ বিশ্বকাপ-২০২৪

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰ : ৪ জুনৰ পৰা আৰম্ভ হ’ব আইচিচি টি-২০ বিশ্বকাপ ২০২৪। একে সময়তে ২০ জুনত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ ফাইনেল মেচ। আইচিচি টি-২০ বিশ্বকাপ-২০২৪ৰ মেচসমূহ আমেৰিকাৰ ফ্ল’ৰিডা, ডালাছ আৰু নিউয়ৰ্ক চহৰত অনুষ্ঠিত হ’ব। আচলতে প্ৰথমবাৰৰ বাবে আমেৰিকাই আইচিচি টি-২০ বিশ্বকাপ আয়োজন কৰিছে। ইয়াৰ পূৰ্বে ২০২১ চনৰ নৱেম্বৰ মাহত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাই আইচিচি টি-২০ বিশ্বকাপ ২০২৪ৰ আয়োজনৰ অধিকাৰ লাভ কৰিছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি আইজেনহাৱাৰ পাৰ্কত হ’ব পাৰে ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন। এই ষ্টেডিয়াম নিউয়ৰ্ক চহৰৰ পৰা প্ৰায় ৩০ মাইল দূৰত অৱস্থিত। ইয়াৰ উপৰি ২০২৪ চনৰ টি-২০ বিশ্বকাপত মুঠ ২০টা দলে খেলিব। এই ২০টা দলক ৫টাকৈ দলৰ ৪টা গ্ৰুপত ভাগ কৰা হ’ব। ছুপাৰ-৮ ৰাউণ্ডৰ বাবে সকলো গ্ৰুপৰ শীৰ্ষ ২টা দলে যোগ্যতা অৰ্জন কৰিব। ইয়াৰ পিছত ৮টা দলক ৪টাকৈ ২টা গ্ৰুপত ভাগ কৰা হ’ব। দুয়োটা গ্ৰুপৰ শীৰ্ষ ২টা দলে ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব। অষ্ট্ৰেলিয়াৰ মাটিত আয়োজন কৰা হৈছিল টি-২০ বিশ্বকাপ ২০২২। এই প্ৰতিযোগিতাত ইংলেণ্ডে জয়লাভ কৰিছিল। ভাৰতীয় দলৰ যাত্ৰাৰ অন্ত পৰিছিল ছেমিফাইনেলত। ছেমিফাইনেল খেলখনত ইংলেণ্ডে ভাৰতীয় দলটোক ১০ উইকেটত পৰাস্ত কৰিছিল। ২০০৭ চনৰ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল ভাৰতীয় দলটোৱে। এয়া আছিল টি-২০ বিশ্বকাপৰ প্ৰথম সংস্কৰণ। তেতিয়াৰ পৰা ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপ জয় কৰিবলৈ ব্যৰ্থ হৈছে। অৱশ্যে আই চি চি টি-২০ বিশ্বকাপ ২০২৪ত ভাৰতীয় দলটোৱে কেনে প্ৰদৰ্শন আগবঢ়াব সেয়া চাবলৈ আমোদজনক হ’ব। কিন্তু টীম ইণ্ডিয়াৰ অনুৰাগীসকল আশাবাদী যে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰত নিশ্চিতভাৱে টি-২০ বিশ্বকাপ জয় কৰাত সফল হ’ব ১৬ বছৰৰ পিছত।

You might also like