নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰভাৰ-প্ৰজ্ঞানৰে সংযোগ স্থাপনৰ অহৰহ চেষ্টা ইছৰোৰ

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰ : চন্দ্ৰযান-৩ মিছনৰ বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰক শ্লিপিং মোডৰ পৰা আঁতৰাই অনাৰ প্ৰচেষ্টা চলোৱা হৈছে। আজি ইছৰোৱে কয় যে লেণ্ডাৰ আৰু ৰভাৰৰ পৰা সংকেত লাভ কৰিব পৰা নাই। ইছৰোৱে এক্স (টুইটাৰ)ত পোষ্ট কৰি কয় যে বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰৰ সৈতে যোগাযোগ স্থাপনৰ প্ৰচেষ্টা চলোৱা হৈছে যাতে ইয়াৰ জাগ্ৰত অৱস্থা নিশ্চিত কৰিব পৰা যায়। বৰ্তমান তাৰ ফালৰ পৰা কোনো সংকেত পোৱা নাই। যোগাযোগ স্থাপনৰ প্ৰচেষ্টা অব্যাহত আছে। উল্লেখ্য যে ২৩ আগষ্টত চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰৰ চন্দ্ৰপৃষ্ঠত কোমল অৱতৰণেৰে ভাৰতে ইতিহাস সৃষ্টি কৰিছিল। চন্দ্ৰৰ পৃষ্ঠত উপনীত হোৱা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ল ভাৰত। ই চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। চন্দ্ৰযান-৩ৰ মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ সঞ্চালক নীলেশ দেশাইয়ে কয় যে এতিয়া শনিবাৰে লেণ্ডাৰ আৰু ৰভাৰ সক্ৰিয় কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব। নীলেশ দেশাই সংবাদ সংস্থা এএনআইক জনাইছে যে চন্দ্ৰত এতিয়া পুৱা। আগতে আমাৰ পৰিকল্পনা আছিল ২২ ছেপ্টেম্বৰৰ সন্ধিয়াৰ ভিতৰত প্ৰজ্ঞান ৰভাৰ আৰু বিক্ৰম লেণ্ডাৰ পুনৰ সক্ৰিয় কৰা, কিন্তু কিছু কাৰণত এনে হ’ব নোৱাৰিলে। তেওঁ কয় যে এতিয়া আমি কাইলৈ ​​২৩ ছেপ্টেম্বৰত পুনৰ চেষ্টা কৰিম। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ইছৰ’ই জনাইছিল যে লেণ্ডাৰ আৰু ৰভাৰখন ১৬ দিন শ্লীপ মোডত আছে আৰু শুকুৰবাৰে দুয়োটা সক্ৰিয় হ’ব। কেন্দ্ৰীয় বিজ্ঞান মন্ত্ৰী জিতেন্দ্ৰ সিঙেও বৃহস্পতিবাৰে লোকসভাত অৱগত কৰিছিল যে প্ৰজ্ঞান আৰু বিক্ৰম সোনকালে টোপনিৰ পৰা সাৰ পাব।

You might also like