নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত মাহতে প্রাদেশিকীকৰণ হ’ব ২০ হাজাৰ শিক্ষকৰ পদ

শিক্ষামন্ত্রীৰ ঘোষণা

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ চলিত মাহতে ২০ হাজাৰ শিক্ষকৰ পদ প্রাদেশিকীকৰণ কৰা হ’ব৷ মঙলবাৰে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ কামৰূপ জিলাৰ আমিনগাঁৱত অৰুণোদয় আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত ভাষণ প্রদান কৰি মন্ত্রীগৰাকীয়ে কয় যে চলিত মাহতে ২০ হাজাৰ শিক্ষকৰ পদ প্রাদেশিকীকৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ সমান্তৰালভাৱে ১৫ হাজাৰ নতুন শিক্ষকক নিযুক্তি দিয়াৰ বাবেও ব্যৱস্থা গ্রহণ কৰা হ’ব৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে ইতিমধ্যে ৩৫৫খন নতুন বিদ্যালয়ৰ বাবে ২৮১২টা শিক্ষকৰ পদত অনুমোদন জনাইছে৷ এই অনুষ্ঠানতে বিত্ত–শিক্ষামন্ত্রীগৰাকীয়ে কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে ডিচেম্বৰ মাহতে মহিলা আত্মসহায়ক গোটৰ একাউণ্টত ৫০ হাজাৰ টকাকৈ সোমাব বুলিও জানিবলৈ দিয়ে৷ আঁচনিখনৰ বাবে ইতিমধ্যে ৬৩০ কোটি টকা মোকলাই দিয়া হৈছে৷ পূর্বে এই মহিলা আত্মসহায়ক গোটসমূহে ২৫ হাজাৰ টকাকৈ লাভ কৰিছিল৷

You might also like