নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত পৰিৱর্তন বিচাৰিছে ৰাইজে

প্রাঞ্জল কুমাৰ শর্মা

বিটিচি চুক্তি সমাপ্ত হোৱাত চলিত ২০২০ বর্ষৰ ২৭ জানুৱাৰীত দিল্লীত বিটিআৰ চুক্তি হয়৷ উক্ত বিটিআৰ চুক্তিত এবছু, এনডিএফবি, বিপিএফ আদি দলৰ মূল বিষয়ববীয়াসকলে স্বাক্ষৰ কৰে৷ ক’ৰোনা মহামাৰীৰ বাবে নির্দিষ্ট সময় এপ্রিল মাহত বিটিচি নির্বাচন অনুষ্ঠিত কৰিব নোৱাৰাত বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰা হয়৷ ৰাজ্যপালৰ শাসন প্রৱর্তন হোৱাৰ সময়ত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ পৰিষদীয় চৰকাৰ ভংগ হোৱাত ৰাজেশ প্রসাদে মূল প্রশাসক আৰু সিদ্ধার্থ সিঙে সচিবপ্রধান হিচাপে দায়িত্বভাৰ গ্রহণ কৰে৷ বর্তমান নির্বাচনৰ সময়৷ এই সময়ছোৱাত বিপিএফৰ হৈ বছা বছা গায়ক, অভিনেতাই দলটোৰ হৈ নির্বাচনী প্রচাৰ চলাইছে৷ ৰাইজে উক্ত গায়ক আৰু অভিনেতা দুগৰাকীৰ গীত আৰু অভিনয় ভাল পায়৷ কিন্তু ৰাজনৈতিক পথাৰত তেওঁলোকৰ ভাষণ ভাল নাপায়৷ গায়ক আৰু অভিনেতা দুগৰাকীৰ পৰা ৰাইজে জানিব বিচাৰিছে যে তেওঁলোকে যিটো দলৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহিছে, সেই দলটোৰ দুই–এজন কর্মীয়ে দাৰিদ্র্য সীমাৰেখাৰ তলৰ পৰিয়ালসমূহৰ নামত আবণ্টন পোৱা প্রধানমন্ত্রী আৱাসৰ ধন গৃহসমূহ নির্মাণ নকৰাকৈয়ে হিতাধিকাৰীৰ বেংক পাছবুকৰ পৰা উলিয়াই নি আজিলৈকে গৃহসমূহ নির্মাণ কৰি দিয়া নাই৷ পুখুৰী খন্দা, মাছ পালন, পথ নির্মাণ আদিৰ ক্ষেত্রতো একেই অৱস্থা৷ হাতীবিলক বিগত ১৭ বছৰে পর্যটন ক্ষেত্র হিচাপে গঢ়িব নোৱাৰিলে বিপিএফৰ চৰকাৰখনে৷ বিগত ১৭ বছৰে একনায়কত্ববাদ হিচাপে বিটিচিৰ শাসনভাৰ চলাই যোৱা হাগ্রামা মহিলাৰীৰ ওপৰত অসন্তুষ্ট আছিল বিটিচিবাসী৷ হাগ্রামা মহিলাৰীৰ একপক্ষীয় শাসন ব্যৱস্থাৰ বাবেই অবডো সংগঠনৰ আৱির্ভাৱ হ’ল৷ তেওঁৰ শাসনকালত অবডোসকল প্রাপ্য অধিকাৰৰ পৰা সকলো দিশতে বঞ্চিত হ’ল৷ যাৰ ফলত নিজৰ প্রাপ্য অধিকাৰ বিচাৰি অবডো সংগঠনৰ জন্ম দিবলগীয়াত পৰিল৷ ভয়–শংকাৰ মাজেৰে দিন অতিবাহিত কৰা অবডো ৰাইজে এইবাৰ পৰিষদীয় নির্বাচনত পৰিৱর্তন বিচাৰিছে৷ হাগ্রামাৰ ভয়ত নিজৰ প্রাপ্য আদায় কৰিবলৈ সাহস নোহোৱা অবডোসকলে এইবাৰ বিটিআৰ নির্বাচনত মুকলি মনেৰে পৰিৱর্তন বিচাৰি জাতি–ধর্ম–সম্প্রদায়্ নির্বিশেষে হিলদল ভাঙি ওলাই আহিছে৷ হাগ্রামাৰ শাসনকালত অবডো ৰাইজে বিটিচিৰ ভূমি বেদখল কৰি থকা বুলি জৰিমনা হিচাপে খাজনা আদায় কৰিছে৷ বিপিএফ পৰিষদীয় চৰকাৰে বিটিচিত অবডোসকলে বসবাস কৰি থকা ভূমি দখল কৰি থকা দেখুৱাইছে৷ অবডোসকলৰ প্রাপ্য অধিকাৰ বিচাৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াই মাত মাতি আহিছে৷ সাংসদগৰাকীয়ে বিটিচিত বসবাস কৰি থকা অবডোসকলে বিটিচিত সম–ধিকাৰ, সম–মর্যাদা, ভূমি, ৰাজনৈতিক আদি অধিকাৰ পাব লাগিব বুলি কৈ আহিছে৷ যাৰ বাবে নেকি বিটিচিত অবডোসকলে বসবাস কৰি জীয়াই থাকিবলৈ প্রেৰণা পাইছিল৷ সাধাৰণ অবডো নাগৰিকসকলে হাগ্রামাৰ ভয়ত মাত মাতিবলৈ সাহস গোটাব পৰা নাছিল৷ সেই সুযোগতেই হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ পৰিষদীয় চৰকাৰখনে নিজ ইচ্ছা মতে যি মন যায় তাকেই কৰি থাকিল৷ য’ত বাৰেপাচি ভুল হ’ল৷ ভুৱা আঁচনিৰে কেন্দ্রৰ পৰা পোৱা এহেজাৰ কোটি টকা মিলোৱা অংকত লাগি গ’ল৷ কোনোবাই বিপিএফৰ বিৰুদ্ধে মাত মাতিলে থানাত ভৰাই থ’ব, সেই মনোবৃত্তিৰে বেয়া কামবোৰ বিপিএফে একো অসুবিধা নোহোৱাকৈ কৰি গ’ল৷ বিটিচিবাসীৰ একো উন্নয়ন নহ’ল যদিও বিপিএফ দলৰ কর্মীসকলৰ কিন্তু চকুত লগাকৈ অধিক উন্নয়ন হ’ল৷ কর্মীসকলৰ দুচকীয়া, চাৰিচকীয়া, ছয়চকীয়া বিলাসী বাহন, অসম আর্হি গৃহ, বৃহৎ অট্টালিকা, মাটি–সম্পত্তি আদি কৰি লৈছে৷ উক্ত সম্পদসমূহৰ উৎস হৈছে প্রধানমন্ত্রী আৱাস গৃহ নির্মাণ নকৰাকৈ সমুদায় ধন হিতাধিকাৰীৰ বেংকৰ একাউণ্টৰ পৰা উলিয়াই নিছে, ৫–১০ লাখ টকা আবণ্টন পোৱা পথত ৫–১০ ড্রেক্টৰ নদীৰ বালি পেলাই পথ নির্মাণৰ কাম সমাপ্ত কৰি সমুদায় ধনেৰে উক্ত সম্পদসমূহ ক্রয় কৰিছে৷ তেনেদৰে পুখুৰী খন্দাৰ বাবে লক্ষাধিক টকা আবণ্টন পাই আন জিলাত থকা পুখুৰীৰ ফটো কম্পিউটাৰত ঠিক–ঠাক কৰি দেখুৱাই সমুদায় টকাৰে মাটি, গাডীৰ লগতে অন্যান্য সম্পদ ক্রয় কৰিছে৷ জবকার্ড, মাছ পালনৰ নামতো একে পদ্ধতিৰে টকা উলিয়াই নিছে৷ এনেদৰে ভুৱা আঁচনিৰে কোটি কোটি টকা বছা বছা দলীয় কর্মীসকলৰ নামত আবণ্টন দি সম্পদ আহৰণ কৰিবলৈ সুবিধা কৰি দিছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি পৰিষদীয় চৰকাৰখনে৷ এই সন্দর্ভত বাতৰি প্রকাশ কৰাত বিপিএফ কর্মীয়ে সাংবাদিকৰ বিৰুদ্ধে স্থানীয় থানাত এজাহাৰ দাখিল কৰাৰ উপৰি ভয়–ভাবুকি পর্যন্ত প্রদান কৰিছিল৷ বাক্সা, চিৰাং আৰু কোকৰাঝাৰ জিলাৰ ৰাইজে বিগত পৰিষদীয় নির্বাচনতেই হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক বিদায় দিছিল যদিও ওদালগুৰি জিলাৰ ৰাইজৰ বাবেই হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিপিএফে পৰিষদ দখল কৰিবলৈ সক্ষম হৈছিল৷ যদিও এইবাৰ বিটিচিবাসী ৰাইজে উপৰিউক্ত কাৰণসমূহৰ বাবে পৰিৱর্তন বিচাৰিছে৷ বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছৰ পৰাই বিটিচি অঞ্চলৰ পৰিৱেশ ফৰকাল যেন অনুভৱ হৈছে৷ তাহানিৰ বিটিচি অঞ্চলত থকা ভয়, ভাবুকি, শংকা, হত্যা, হিংসা, অপহৰণ, আর্মী–পুলিচৰ বিচৰণ, বন্দুক–বাৰুদৰ শব্দ নোহোৱা হ’ল৷ ইখন গাঁৱৰ লোক সিখন গাঁৱলৈ গ’লে সন্দেহ, ভয়–ভাব নোহোৱা হ’ল৷ ইজনে সিজনৰ লগত কথা–বতৰা পাতিব পৰা হ’ল৷ ইজনে সিজনৰ ঘৰলৈ অহা–যোৱা কৰিব পৰা হ’ল৷ বিপিএফৰ পৰিষদীয় চৰকাৰৰ দিনত মানুহে কাম কৰিবলৈ ইচ্ছা নকৰি সহজ পদ্ধতিৰে কেনেকৈ সম্পদ আহৰণ কৰি ধনী হ’ব পাৰি, তাৰেই প্রতিযোগিতা চলিল৷ বিপিএফ পৰিষদীয় চৰকাৰৰ দিনত চৰকাৰীভাৱে আবণ্টন লাভ কৰা ভুৱা আঁচনিৰ জৰিয়তে ধার্য কৰা ধনেৰে কাম নকৰাকৈ সমুদায় ধনেৰে সম্পদ ক্রয় কৰিবলৈ ভয় নকৰা বিপিএফ দলৰ দুই–এজন কর্মীয়ে প্রধানমন্ত্রী আৱাসগৃহ আবণ্টন পোৱা হিতাধিকাৰীৰ বেংক পাছবুকত জমা থকা ধনো উলিয়াই নিবলৈ সাহস কৰিছে৷ হিতাধিকাৰীয়ে পাছবুকখন পৰীক্ষা কৰাত উক্ত ঘটনা পোহৰলৈ আহে৷ বিপিএফ কর্মীজনক এই বিষয়ে অৱগত কৰোৱাত ভয়–ভাবুকি প্রদান কৰাৰ উপৰি থানাত ভৰাই থোৱাৰো ভাবুকি দি হিতাধিকাৰীৰ চেণ্ডেলৰ কোব খাবলগীয়াত পৰিছে৷ মুঠৰ ওপৰত, এইবাৰ বিটিচিবাসীয়ে পৰিৱর্তন বিচাৰিছে৷ বিগত পৰিষদীয় নির্বাচনত অসমৰ কংগ্রেছ আৰু বিজেপি চৰকাৰে হস্তক্ষেপ কৰা নাছিল বা দলীয় প্রার্থীৰ হৈ প্রচাৰ কার্যও চলোৱা নাছিল৷ তাৰ বিপৰীতে এইবাৰ ৰাজ্যৰ বিজেপি চৰকাৰে বিটিচি পৰিষদীয় নির্বাচনত সম্পূর্ণভাৱে হাত উজান দিছে৷ অসম চৰকাৰৰ বিত্ত, শিক্ষা, স্বাস্থ্য আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্বাচনী প্রচাৰ অভিযানৰ সময়ত প্রদান কৰা ভাষণে বিটিচিবাসী ৰাইজৰ মনত নতুন উদ্যম প্রদান কৰিছে৷ ৰাইজে ভয়–শংকাৰ পৰা মুক্তি লাভ কৰিছে৷ আনন্দ মনেৰে এতিয়া ৰাইজ ওলাই আহিছে অনিয়মৰ বিৰুদ্ধে মাত মাতিবলৈ৷ আনহাতে, ইউপিপিএল দলৰ সভাপতিৰ আসন প্রমোদ বডোৱে শুৱনি কৰাত দলটোক বিটিচিবাসী ৰাইজে বিপিএফৰ বিকল্প হিচাপে মনোনীত কৰিছে৷ প্রমোদ বডোৰ প্রচেষ্টাত বিটিচিত শান্তি প্রতিষ্ঠাৰ বাবে বিটিআৰ চুক্তি স্বাক্ষৰ কৰাত বিটিচিবাসী অধিক আত্মবিশ্বাসী হৈ পৰিছে যে আগন্তুক দিনবোৰত প্রমোদ বডোৰ পৰা ৰাইজে বিটিআৰ অঞ্চলৰ উন্নয়ন, সম–ধিকাৰ, সম–মর্যাদা, ভূমি অধিকাৰ লাভ কৰি শান্তি–সম্প্রীতিৰে, ভাতৃত্ববোধেৰে ভাৰতীয় নাগৰিক হিচাপে জীয়াই থাকিবলৈ সক্ষম হ’ব, তাৰেই আশা কৰিছে৷ অসম চৰকাৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নির্বাচনী প্রচাৰ অভিযানৰ সময়ত বিজেপিৰ কেন্দ্র আৰু ৰাজ্য চৰকাৰে কি কি উন্নয়নমূলক কাম কৰিলে, কি কি উন্নয়নমূলক আঁচনিৰে ৰাইজ উপকৃত হৈছে, সকলো বিৱৰি কৈ গৈছে৷ তেনেস্থলত হাগ্রামা মহিলাৰীৰ বিপিএফে বিগত তিনিটা কার্যকালত বিটিচিত কি কি উন্নয়ন কৰিলে, তাৰ খতিয়ান ৰাইজৰ সন্মুখত দাঙি ধৰিব নোৱাৰিলে৷ যিসমূহ কাম হৈছে, যেনে– বডোলেণ্ড বিশ্ববিদ্যালয়, প্রধানমন্ত্রী গ্রাম চডক যোজনাৰ পথসমূহ কেন্দ্রীয় চৰকাৰৰ৷ ড০ হিমন্ত বিশ্ব শর্মা, প্রমোদ বডো, নৱ কুমাৰ শৰণীয়াই তেওঁলোকৰ দলক কি কাৰণে ভোটদান কৰিব লাগে, সেয়া কৈছে যদিও হাগ্রামা মহিলাৰীয়ে তেওঁৰ দল বিপিএফক কি কাৰণত ভোটদান কৰিব লাগে, সেয়া ক’ব নোৱাৰিলে৷ হাগ্রামা মহিলাৰীৰ প্রতি অসন্তুষ্ট হৈয়েই বহু বিপিএফ কর্মীয়ে দলৰ লগতে বিপিএফ দলৰ প্রার্থীৰো সংগ ত্যাগ কৰিছে৷ বিটিচিবাসী ৰাইজে খণ্ড উন্নয়ন বিষয়া কার্যালয়ৰ চিবিআইৰ দ্বাৰা তদন্ত কৰি দোষী লোকসকলক শাস্তি বিহাটো বিচাৰিছে৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰৰ দ্বাৰা লাঞ্ছিত–বঞ্চিত, শোষিত বিটিচিৰ বাক্সা–ওদালগুৰি জিলাৰ ভোটাৰ ৰাইজে ৭ ডিচেম্বৰত আৰু চিৰাং–কোকৰাঝাৰ জিলাৰ ভোটাৰ ৰাইজে ১০ ডিচেম্বৰত বেলটৰ জৰিয়তে নিজ নিজ মতামত ব্যক্ত কৰিব৷

(উক্ত প্ৰবন্ধটোত উল্লেখ কৰা মতামত লেখকৰ নিজস্ব আৰু সেই মতামতে নিয়মীয়া বাৰ্তাৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে)

You might also like