নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় বিজ্ঞানী হামিদলৈ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ বিশেষ সন্মান

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ  ভাৰতীয় বিজ্ঞানী ইউছুফ হামিদৰ নামেৰে কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ নামকৰণ কৰিছে৷ ৮৪ বছৰীয়া হামিদে ক্রিষ্ট কলেজত অধ্যয়ন কৰিছিল৷ বিগত ৬৬ বছৰ ধৰি কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ সৈতে মধুৰ সম্পর্ক আছে হামিদৰ৷ ফার্মা মেজৰ চিপ্লাৰ অধ্যক্ষ ভাৰতীয় বিজ্ঞানী হামিদে কেম্ব্রিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ পিছৰে পৰা মধুৰ সম্পর্ক অটুট আছে উচ্চ শিক্ষা প্রতিষ্ঠানটোৰ সৈতে৷

লগতে পঢ়কঃ হিন্দু যুৱতীক বিবাহৰ বাবে মুছলমান যুৱকে সলনি কৰিলে ধৰ্মঃ কিন্তু…

বিশ্ববিদ্যালয়খনে উল্লেখ কৰা অনুসৰি এতিয়াৰে পৰা ৰসায়ন বিজ্ঞান বিভাগৰ নাম হ’ব ‘আব্দুল হামিদ ডিপার্টমেণ্ট অৱ কেমিষ্ট্রী’৷ ২০৫০ চনলৈ কেম্ব্রিজত ৰসায়ন বিভাগৰ এই নাম অক্ষত থাকিব৷ স্মর্তব্য যে ইউছুফ হামিদৰ পিতৃ কে এ হামিদে মুম্বাইত আৰম্ভ কৰিছিল ফার্মা কোম্পানী চিপ্লা৷ পৰৱর্তী সময়ত চিপ্লা কোম্পানীয়ে দেশ–বিদেশলৈ বাণিজ্য বিস্তাৰ কৰে৷

You might also like