২১ মাহে সন্ধানহীন নগাঁৱৰ এজন আৰক্ষী জোৱান
পুত্ৰ-স্বামীক বিচাৰি মুখ্যমন্ত্ৰীলৈ পিতৃ-মাতৃ-পত্নীৰ কাতৰ অনুৰোধ
নিয়মীয়া বাৰ্তা,১১ মেঃ নিজৰ পুত্ৰ স্বামীক বিচাৰি হাহাকাৰ কৰিছে পিতৃ-মাতৃ আৰু পত্নীয়ে। নগাঁও জিলাৰ তুলসীমুখ চকৰিগাঁও নিবাসী বীৰ সিং দাস আৰু লুটিমাই দাসৰ পুত্ৰ অসম আৰক্ষীৰ (ইউ বি) কনিষ্টবল বকুল চন্দ্ৰ দাস যোৱা ২১ মাহ ধৰি সন্ধানহীন হৈ আছে ৷ নিৰুদ্দিষ্ট পুত্ৰৰ সন্ধানত বৃদ্ধ দম্পতী হালে দিক বিদিক হেৰুৱাব লগীয়া হৈছে। চকুৰ পানীৰে বাট নেদেখা অৱস্থাৰ সৃষ্টি হৈছে বকুল চন্দ্ৰ দাসৰ পত্নী তুলুমণি দাসে। দুটা এমাদিমা শিশুক বুকুত বান্ধি লৈ মহিলা গৰাকীয়ে আৰক্ষী বিষয়াৰ কাৰ্যালয়ে কাৰ্যালয়ে ঢপলিয়াই ফুৰিছে যদিও আজি পৰ্যন্ত নিৰুদ্দিষ্ট স্বামীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। ডিফু পুলিচ ৰিজাৰ্ভত কৰ্মৰত অৱস্থাত থাকোতেই বিগত ২০১৮ চনৰ ১৩ জুলাইত এজন আচামী লৈ আন কেইজনমান জোৱানৰ সৈতে দিল্লীলৈ যাব বুলি পত্নীক ফোন কৰি জনাইছিল বকুল দাসে। কনিষ্টবল জনে তেওঁৰ ৮৮৭৬৭৩০৩৫৫ নম্বৰৰ ফোন যোগে পত্নী তুলুমণিলৈ ফোন কৰি আৰু কৈছিল যে তেওঁৰ লগত দুজন আৰক্ষী বিষয়া আৰু এজন সতীৰ্থ কনিষ্টবলো গৈছে।
ইপিনে, তাৰ এদিনৰ পাছতেই দাসৰ এজন সতীৰ্থই তুলুমণিলৈ ফোন কৰি জনায় যে, বকুল চন্দ্ৰ দাস কৰ্তব্যৰত অৱস্থাতে অসুস্থ হৈ পৰাত তেওঁক পাটনাত চিকিৎসাধীন কৰা হৈছে। কিন্তু তাৰ পিছৰ পৰাই বকুল চন্দ্ৰ দাসৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে পত্নীৰ । উপায়ন্তৰ হৈ বকুল চন্দ্ৰ দাসৰ পত্নী তুলুমণিয়ে যোৱা ২৪জুলাই ২০১৮ তাৰিখে কাষ চাপিছিল ডিফু আৰক্ষীৰ। কিন্তু তেওঁ ডিফু আৰক্ষীৰ পৰা কোনো সুদুত্বৰ নাপালে। ডিফু আৰক্ষীয়ে আজি এবছৰ নমাহ কালে কনিষ্টবল বকুল চন্দ্ৰ দাসৰ কোনো সন্ধান উলিওৱালৈ সক্ষম হোৱা নাই ৷ ইপিনে, পুত্ৰৰ সন্ধানহীনতাত তেওঁৰ বৃদ্ধা মাতৃৰো চকুত কেৱল চকুলো বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ কান্দিছে বৃদ্ধা ৰোগীয়া পিতৃ গৰাকীয়েও। সম্প্ৰতি চকুলোৰে যেন বাট নেদেখা হৈছে তুলসীমুখ চকৰিগাঁৱৰ এই দূৰ্ভগীয়া পৰিয়ালটোৰ। নগাঁও জিলাৰ তুলসীমুখ চকৰিগাঁৱৰ এই পৰিয়ালটোবে এতিয়া আস্থা হেৰাই পেলাইছে ডিফু আৰক্ষীৰ ওপৰত। কিয়নো ডিফু আৰক্ষী চাউনিত কৰ্মৰত হৈ থকাৰ সময়তে আচামীক লগত লৈ দিল্লী বুলি যাওঁতে সন্ধানহীন হৈছিল এইগৰাকী আৰক্ষী জোৱান ৷ যাৰ বাবে উপায়ন্তৰ হৈ ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু শিক্ষা, বিত্ত, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। তেওঁ লোকৰ কাতৰ আহ্বান যাতে সোনকালে নিৰুদ্দিষ্ট বকুল চন্দ্ৰ দাসৰ কিবা সন্ধান পৰিয়ালটোক দিয়া হয়। উল্লেখযোগ্য যে, বকুল চন্দ্ৰ দাসৰ ৰোগীয়া পিতৃ বীৰ সিং দাস, বৃদ্ধা মাতৃ লুটিমাই দাস, পত্নী তুলুমণি দাস আৰু তেঁওলোকৰ দুটা কনমানি শিশুৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। চৰম বিপৰ্যয়ৰ সন্মুখীন হোৱা পৰিয়ালটোৱে এতিয়া এসাঁজ খাই আন আন সাঁজৰ বাবে চিন্তা কৰিব লগীয়া হৈছে। সমগ্ৰ দেশজুৰি তলাবন্ধ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত পৰিয়ালটোৱে অনাহাৰেও থাকিব লগীয়া হৈছে। আনকি, পেটৰ ভোকৰ তাড়ণাতেই এগৰাকী চৰকাৰী চাকৰিয়ালৰ পত্নী হৈয়ো তুলুমণিয়ে বৰ্তমানৰ তলাবন্ধৰ এই ভয়াবহ পৰিস্থিতিৰ সময়তো আনৰ ঘৰত কাম কৰিব লগীয়া হৈছে।