নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত: সোমবাৰে আক্রান্ত ২১৫গৰাকী

আক্রান্তৰ সমানে মৃত্যুৰ সংখ্যা নিম্নগামী

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ:  স্বাস্থ্য বিভাগৰ ব্যাপক পৰীক্ষণ আৰু জনসাধাৰণৰ সজাগ–সচেতনতাৰ পৰিপ্রেক্ষিতত ক্রমাৎ উন্নত হৈছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি৷ যোৱা কেইটামান দিনৰ ভিতৰত আক্রান্তৰ সমানে মৃত্যুৰ সংখ্যাও নিম্নগামী হৈছে৷ ইয়াৰ বিপৰীতে আশাব্যঞ্জক খবৰ এয়ে যে সুস্থ হৈ উঠা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷

ৰাজ্যখনত বর্তমান সুস্থতাৰ হাৰ ৯২.২৬ শতাংশৰ বিপৰীতে সক্রিয় হৈ থকা ৰোগীৰ হাৰ ৭.২৯ শতাংশ৷ মৃত্যুৰ হাৰ ০.৪৪ শতাংশ৷ সোমবাৰে ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ দুগৰাকী লোকৰ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি সোমবাৰে ক’ভিডত আক্রান্ত কামৰূপ মহানগৰৰ ৰমণী শর্মা (৫৪) আৰু মৃণালকান্তি সিনহা (৫৭)ৰ মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই দুয়োগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ইয়াৰ লগে লগে অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯০৮গৰাকীলৈ বৃদ্ধি পালে৷

মন কৰিবলগীয়া এয়ে যে বিগত দুটা দিনত অর্থাৎ দেওবাৰে চাৰিগৰাকী আৰু শনিবাৰে দুগৰাকী লোকৰ মৃত্যু ঘটে৷ ইপিনে, সোমবাৰে অসমত নতুনকৈ ২১৫গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰে ৪৬গৰাকী কামৰূপ মহানগৰৰ৷ দিনটোত ১৪,২২৫গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ১.৫১ শতাংশ৷

আনহাতে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত সোমবাৰে ২,৮৩২গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ যোৱা মার্চ মাহৰ পৰা বর্তমানলৈকে ৰাজ্যখনত মুঠ ২,০৪,৩৮৬গৰাকী লোক ক’ভিডত আক্রান্ত হোৱাৰ বিপৰীতে ১,৮৮,৫৮৪গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷ বর্তমান ৰাজ্যখনত সক্রিয় হৈ থকা ক’ভিড ৰোগীৰ সংখ্যা ১৪,৮৯১গৰাকী৷

উল্লেখ্য যে বিগত দুটা দিনত ক্রমে দেওবাৰে ২০৪গৰাকী আৰু শনিবাৰে ২৫৮গৰাকী লোক ক’ভিডত নতুনকৈ আক্রান্ত হয়৷ সেই দিন দুটাত আক্রান্তৰ হাৰ ক্রমে ২.৩৩ শতাংশ আৰু ২.১০ শতাংশ৷ ইয়াৰ বিপৰীতে উক্ত দিন দুটাত ক্রমে ২,৯৬১গৰাকী আৰু ২,৯৪৮গৰাকী লোক সুস্থ হৈ নিজ নিজ ঘৰলৈ উভতিছে৷

You might also like