নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেইইত চিকিৎসক–পুত্রৰ হৈ পৰীক্ষাত ভুৱা প্রার্থীঃ ২০ লাখত ৯৯.%ৰে উত্তীর্ণ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: চাঞ্চল্যকৰ এছ আই কেলেংকাৰিৰ দৰেই ৰাষ্ট্রীয় পর্যায়ৰ যুটীয়া প্রৱেশ পৰীক্ষা (জে ই ই)ত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰি৷ গুৱাহাটীৰ আজাৰাস্থিত ই–কম টাৱাৰৰ আই অ’ এন ডিজিটেল জ’নত যোৱা ৫ ছেপ্টেম্বৰত অনুষ্ঠিত পৰীক্ষাত সংঘটিত হৈছে এই কেলেংকাৰি৷ এই পৰীক্ষা কেন্দ্রত ২০ লাখ টকাৰ বিনিময়ত প্রকৃত প্রার্থীৰ হৈ অৱতীর্ণ হৈছিল ভুৱা পৰীক্ষার্থী৷ ধনৰ বিনিময়ত ভুৱা পৰীক্ষার্থী অৱতীর্ণ হোৱাৰ এক অডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পাছতে জে ই ই পৰীক্ষা কেলেংকাৰিৰ তথ্য পোহৰলৈ আহে৷ এই অডিঅ’ ক্লিপটোত পৰীক্ষার্থীজনে তেওঁৰ হৈ এই অন্য এজনে জে ই ই পৰীক্ষা দিয়াৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে৷

এজন বন্ধুৰ সৈতে বার্তালাপ কৰা অডিঅ’ ক্লিপটোত পৰীক্ষার্থীজনে নিজে পৰীক্ষা দিয়া নাই বুলি কোৱাৰ লগতে তেওঁৰ হৈ আন এজনে পৰীক্ষা দিয়াৰ কথা স্পষ্টকৈ উল্লেখ কৰে৷ আনহাতে ভুৱা প্রার্থীজনে নির্দিষ্ট পৰীক্ষা কেন্দ্রৰ পৰিৱর্তে অন্য স্থানত পৰীক্ষা দিয়ে আৰু এই কেলেংকাৰিত আৰু বহুতো লোক জড়িত হৈ থকাৰ কথা উল্লেখ কৰে৷ উল্লেখ্য যে এই অডিঅ’ ক্লিপটো ভাইৰেল হোৱাৰ পাছতে গুৱাহাটীৰ মথুৰা নগৰৰ মিত্রদেৱ শর্মা নামৰ এজন সচেতন নাগৰিকে যোৱা শুকুৰবাৰে আজাৰা থানাত এখন এজাহাৰ দাখিল কৰে৷

এজাহাৰত মিত্রদেৱ শর্মাই উল্লেখ কৰা অনুসৰি ডাঃ জ্যোতির্ময় দাস নামৰ এজন চিকিৎসকৰ পুত্র নীল নক্ষত্র দাসে যোৱা ৫ ছেপ্টেম্বৰত ২০ লাখ টকাৰ বিনিময়ত এজন লোকক দেউতাকে জে ই ই পৰীক্ষা দিবলৈ বন্দৱস্ত কৰি দিয়া বুলি এজন বন্ধুক এছএমএছ দিছিল৷ আনকি এই সম্পর্কীয় ম’বাইল ফোনৰ কথোপকথনৰ অডি’ ক্লিপ থকা বুলিও এজাহাৰত মিত্রদেৱ শর্মাই সদৰী কৰে৷ এই সম্পর্কত আজাৰা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) ৪১৯/৪২০ আৰু ৪০৬ ধাৰাৰ অধীনত ৬২৪/২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷

উল্লেখ্য যে নীল নক্ষত্র দাসে সদ্যঘোষিত পৰীক্ষাৰ ফলাফল অনুসৰি জে ই ই পৰীক্ষাত ৯৯.৮ শতাংশ নম্বৰ লৈ উত্তীর্ণ হৈ নেচনেল ইন্ষ্টিটিউট অৱ টেকন’লজীত (এন আই টি) অভিযান্ত্রিকত অধ্যয়নৰ বাবে নির্বাচিত হৈছে৷ যদি এছ এম এছ আৰু অডিঅ’ ক্লিপটোত উল্লেখ কৰাৰ দৰে তথা মিত্রদেৱ শর্মাই দিয়া অভিযোগ যদি সত্য হয়, তেন্তে আই অ’ এন ডিজিটেল জ’ন কর্তৃপক্ষৰ কোনো লোকৰ সহায়ত ভুৱা পৰীক্ষার্থীজন পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ পোৱাটো নিশ্চিত৷

যদি পৰীক্ষা নিদিয়াকৈ নীল নক্ষত্র দাস নামৰ ছাত্রজন জে ই ই পৰীক্ষাত উত্তীর্ণ হৈছে, তেন্তে এই পৰীক্ষা কেলেংকাৰিত আই অ’ এন ডিজিটেল জ’নৰ একাংশ লোক জড়িত থকাটো একপ্রকাৰ খাটাং৷ আৰক্ষীৰ সঠিক তদন্তইহে এছ আই কেলেংকাৰিৰ দৰে এই পৰীক্ষা কেলেংকাৰিত কোন কোন জড়িত সেয়া পোহৰলৈ আহিব৷ এই চাঞ্চল্যকৰ অভিযোগ সন্দর্ভত অভিযোগকাৰীয়ে ইতিমধ্যে আজাৰা থানাত ‘ষ্টেটমেন’ দিছে৷

You might also like