নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱেম্বৰত আৰম্ভ অক্সফ’ৰ্ডৰ ক’ভিড ভেকচিন

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: মহামাৰী ক’ভিড–১৯ৰ ভেকচিনক লৈ উৎকণ্ঠিত বিশ্ববাসীৰ বাবে এক ইতিবাচক খবৰ৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু অষ্ট্রজেনেকাৰে যৌথভাৱে বিকশিত ক’ভিড–১৯ৰ ভেকচিন প্রদানৰ বাবে সাজু হৈছে গ্রেট ব্রিটেইনৰ হাস্পতাল৷ অহা ২ নৱেম্বৰৰ পৰা গ্রেট ব্রিটেইনৰ মুখ্য হাস্পতালত ক’ভিড–১৯ ভেকচিনৰ প্রথম পর্যায়ৰ প্রদান প্রক্রিয়া আৰম্ভ হ’ব৷

‘দ্য ছান’ নামৰ বাতৰিকাকতখনত প্রকাশ কৰা মতে, অক্সফ’ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী আৰু অষ্ট্রজেনেকাৰৰ দ্বাৰা বিকশিত এজেডডি ১২২২ তথা চিএইচএডি x ১ এনক’ভ–১৯ ভেকচিনটো গ্রেট ব্রিটেইনৰ হাস্পতালত নৱেম্বৰৰ প্রথম সপ্তাহৰ পৰা প্রথম পর্যায়ৰ প্রদান প্রক্রিয়া আৰম্ভ হ’ব৷

উল্লেখ্য যে অক্সফ’ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে বিকশিত কৰা ভেকচিনটোৰ অনুজ্ঞাপত্র অষ্ট্রজেনেকাৰক এপ্রিলত দিছিল৷ সেই অনুজ্ঞাপত্র লাভ কৰাৰ পাছতে অক্সফ’ড ভেকচিনটোৰ প্রথম পর্যায়ৰ পৰা তৃতীয় পর্যায়লৈকে মানৱ দেহত পৰীক্ষণ কৰা হয়৷ মনক ৰিবলগীয়া যে বিশ্বজুৰি ৪ কোটিতকৈ অধিক লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বিপৰীতে ১১.৫ লক্ষাধিক লোকৰ মৃত্যু ঘটিছে৷ গোলকীয় অর্থনীতি বিধ্বস্ত কৰাৰ সমান্তৰালকৈ স্বাভাৱিক জীৱন ব্যাহত কৰি তুলিছে৷ এনে সময়তে গ্রেট ব্রিটেইনৰ হাস্পতালত ক’ভিড–১৯ৰ অক্সফ’ড ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ হ’ব বুলি ঘোষণা কৰা বাতৰিটোৱে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজখনলৈ আশাৰ সঞ্চাৰ কৰিছে৷

গুৰুত্বপূর্ণ যে ভাৰত, ৰাছিয়াকে ধৰি বিভিন্ন দেশে ২০২১ৰ প্রাৰম্ভৰে পৰা মাজভাগৰ ভিতৰত ক’ভিড–১৯ ভেকচিন প্রদানৰ বাবে সাজু হ’ব বুলি ঘোষণা কৰিছে যদিও অক্সফ’ড ভেকচিন গ্রেট ব্রিটেইনৰ হাস্পতালত নৱেম্বৰৰ প্রথম সপ্তাহৰ পৰাই প্রদান কৰাৰ ঘোষণা নিঃসন্দেহে তাৎপর্যপূর্ণ৷

You might also like