৩ বছৰত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীর্ণ ৩৭ হাজাৰ ছাত্রীক স্কুটী দিব চৰকাৰে
চলিত বর্ষত উত্তীর্ণ ২২ হাজাৰ ছাত্রীক ডিচেম্বৰত দিব স্কুটী
নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ বিগত বিধানসভা নির্বাচনৰ সময়ত বিজেপি দলে দিয়া প্রতিশ্রুতি অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা যোৱা তিনিটা বর্ষৰ সর্বমুঠ ৩৭ হাজাৰ ছাত্রীলৈ চৰকাৰে স্কুটী প্রদান কৰিব৷ জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত ৰাজ্যৰ বিত্ত, শিক্ষা, স্বাস্থ্য, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷
সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে এইবছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ ২২ হাজাৰ ছাত্রীক ডিচেম্বৰ মাহৰ ভিতৰতে কোনো এটা দিনত স্কুটী প্রদান কৰা হ’ব৷ সেইদৰে ২০১৮–১৯ বর্ষত বাজেটত ৫ হাজাৰ ছাত্রীক স্কুটী দিয়া হ’ব বুলি কোৱা হৈছিল৷ সেইসকল ছাত্রীকো অহা জানুৱাৰী–ফেব্রুৱাৰী মাহৰ ভিতৰত স্কুটী প্রদান কৰা হ’ব৷ একেদৰে ২০১৯–২০ বর্ষৰ বাজেটত ২৫ কোটি টকা ধার্য কৰা হৈছিল৷ এতিয়া চৰকাৰে সেইবছৰ সুখ্যাতিৰে উত্তীর্ণ হোৱা ১০ হাজাৰ ছাত্রীকো অহা জানুৱাৰী–ফেব্রুৱাৰীৰ ভিতৰত স্কুটী প্রদান কৰিব৷ মুঠতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা সর্বমুঠ ৩৭ হাজাৰ ছাত্রীক মেধাৰ ভিত্তিত স্কুটী প্রদান কৰা হ’ব৷ এই স্কুটী প্রদানৰ সময়ত স্কুটীৰ বীমা, পঞ্জীয়ন আৰু জি এছ টি চৰকাৰে আদায় দিব৷
উল্লেখ্য যে চৰকাৰে এইবছৰ সুখ্যাতিৰে উত্তীর্ণ হোৱা ছাত্রীক স্কুটী দিব বুলি কৰা ঘোষণাৰ পাছতেই পূর্বৰ বছৰ দুটাত সুখ্যাতিৰে উত্তীর্ণ হৈও স্কুটী লাভ নকৰাত সেইসকল ছাত্রীৰ মাজত অসন্তুষ্টি বিৰাজ কৰিছিল৷ মন্ত্রী ড০ শর্মাই পূর্বৰ দুটা বর্ষৰ সুখ্যাতিৰে উত্তীর্ণ ছাত্রীসকলকো স্কুটী প্রদান কৰিব বুলি কৰা ঘোষণাৰ লগে লগে সেই বিতর্কৰো অৱসান ঘটিল৷