নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেছ গীল্ড, ঢকুৱাখনাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস

🔹 বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা : ‘শব্দ আৰু সুৰৰ এসন্ধ্যা’ অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১০ এপ্ৰিল : ২৩ বছৰত ভৰি দিলে ঢকুৱাখনা সমজিলাৰ সংবাদকৰ্মীসকলৰ উমৈহতীয়া অনুষ্ঠান প্ৰেছ গীল্ড, ঢকুৱাখনাই। দিনজোৰা বর্ণাঢ্য কাৰ্যসূচীৰে বুধবাৰে প্ৰেছ গীল্ড, ঢকুৱাখনাৰ ২৩ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৯ বজাত গীল্ডৰ পতাকা উত্তোলন কৰে সভাপতি তথা জ্যেষ্ঠ সাংবাদিক তোলন চন্দ্ৰ দত্তই। পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে প্ৰেছ গীল্ডৰ উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক দুলেন চমুৱাই স্মৃতি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অসমৰ সমাজ জীৱনৰ পৰা হেৰাই যোৱা মহান পুণ্যত্মাসকলক স্মৰণ কৰে। প্ৰেছ গীল্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দুপৰীয়া গীল্ডৰ সভাপতি তোলন চন্দ্ৰ দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি আৰু সম্বৰ্ধনা সভাখন উদ্বোধন কৰে ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অধ্যক্ষ ড০ যোগানন্দ সূতে। উদ্বোধনী ভাষণত অধ্যক্ষ সূতে ঢকুৱাখনাৰ সংবাদ কৰ্মীসকলৰ সামাজিক দায়বদ্ধতাৰ শলাগ লৈ শেহতীয়াকৈ কিছু হ’লেও ম্লান হৈ পৰা সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাক পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰি তেওঁ লগতে আৰু কয় যে সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। দেশ আৰু সমাজৰ প্ৰগতিৰ বাবে সংবাদ মাধ্যমৰ গধুৰ দায়িত্ব আছে । সকলো সাংবাদিকক ৰাইজৰ পক্ষত থাকি বাতৰি পৰিৱেশন কৰিবলৈ আহ্বান জনায়। শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে পৰিৱেশন কৰা সমৱেত সংগীতৰে আৰম্ভ হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ নৱনীতা হাজৰিকাই। ভাষণত প্ৰশাসনিক বিষয়াগৰাকীয়ে কয় যে বহু সময়ত প্ৰশাসনেও ছপা বা বৈদ্যুতিন মাধ্যমৰ সংবাদৰ ওপৰত নিৰ্ভৰ কৰি চলে। কেতিয়াবা কেতিয়াবা স্থানীয় আৰু গ্ৰাম্য অঞ্চলৰ বহু ঘটনাপ্ৰবাহ প্ৰশাসনে গম নাপায় যদিও সাংবাদিকৰ পৰাই সেই খবৰ আমি পাওঁ। বিগত সময়ছোৱাত প্ৰশাসন আৰু সংবাদকৰ্মীসকলে সহযোগিতাৰে কাম কৰাৰ কথা উল্লেখ কৰি কয় যে সংবাদ মাধ্যমৰ কিছুমান খবৰে প্ৰশাসনক কামৰ পৰিকল্পনাত সহায় কৰে। সম্পাদক পুলকজ্যোতি বৰাই আঁত ধৰা সভাখনত হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মানস জ্যোতি নেওগে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি কয়- “সাংবাদিকতা জীৱন কন্টকময়। বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে সাংবাদিকসকলে ধৈৰ্যৰে আগবাঢ়ি গ’লেহে ঈপ্সিত লক্ষ্যত উপনীত হ’ব পাৰিব, লগতে ৰাইজৰ বিভিন্ন সমস্যা চৰকাৰৰ দৃষ্টিগােচৰ কৰিবলৈ সক্ষম হ’ব”। সভাত জ্যেষ্ঠ সাংবাদিক তথা গীল্ডৰ উপদেষ্টাদ্বয় দুলেন চমুৱা আৰু আলোক চমুৱাই ঢকুৱাখনা মহকুমাৰ সংবাদ সেৱীসকলৰ সুৰক্ষাৰ বাবে ২০০২ চনৰ ৯ এপ্ৰিলত গঠন কৰা প্ৰেছ গীল্ড, ঢকুৱাখনাৰ ইতিহাস আৰু জন্মলগ্নৰ বিষয়ত বিস্তৃতভাৱে বক্তব্য প্ৰদান কৰে। সভাত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পদ্মাৱতী বড়া, জ্যেষ্ঠ নাগৰিক লালিত্য কুমাৰ দাসে বক্তব্য ৰাখে। আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও এটি সমৱেত সংগীত পৰিৱেশন কৰি সভাখন জীপাল কৰি তোলে। উক্ত সভাতে গীল্ডৰ প্ৰতিষ্ঠাত অৰিহণা আগবঢ়োৱা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সমাজকৰ্মী তৰুণ পাতিৰ, নাট্যকাৰ নন্দ চুতীয়াৰ লগতে প্ৰতিষ্ঠাকালৰ সভাপতি আলোক চমুৱা, সম্পাদক অমৃত পৱন বৰা, দুলেন চমুৱা, জিতু দত্ত, বিপুল গগৈ আদি সংবাদকৰ্মীসকলকো স্মাৰকসহ গীল্ডৰ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়ালৈ ঢকুৱাখনা নগৰস্থিত গান্ধী ময়দানত অনুষ্ঠিত হয় ‘শব্দ আৰু সুৰৰ এসন্ধ্যা’ শীৰ্ষক মনোগ্ৰাহী অনুষ্ঠান। বিশিষ্ট কবি মৌচুমী গগৈ হাতীবৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আৰু ঢকুৱাখনা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পাপৰিমালা ভূঞাই উদ্বোধন কৰা অনুষ্ঠানত কেইবাগৰাকী আমন্ত্ৰিত কবি আৰু সংগীত শিল্পীয়ে কবিতা আৰু গীত পৰিৱেশন কৰি সন্ধিয়াটো জীপাল কৰি তোলে। শেষত অসম সংগীতেৰে প্ৰেছ গীল্ড, ঢকুৱাখনাৰ ২৩ সংখ্যক প্রতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ সফল সমাপ্তি ঘটে।

You might also like