নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চমকং লামাজান বিহিয়া গাঁৱত অগ্নিকাণ্ড,ভস্মীভূত সমস্ত নথি-পত্ৰ, সা-সম্পত্তি

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত চমকং লামাজান বিহিয়া গাঁৱত সংঘটিত হয় ভয়ানক অগ্নিকাণ্ড। আজি পুৱা ১১ বজাত লামাজান বিহিয়া গাঁৱৰ কমলা পেগুৰ বাসগৃহত কোনো নথকা অৱস্থাত পাকঘৰৰ পৰা জুইৰ সূত্ৰপাত হৈ পাকঘৰৰ লগতে মূল ঘৰটো নিমিষতে সম্পূৰ্ণ ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ সকলো প্ৰয়োজনীয় নথি-পত্ৰ, সমস্ত সা-সম্পত্তি জ্বলি ছাই হয়। গাঁৱৰ ৰাইজে জুই নুমুৱাবলৈ

আপ্ৰাণ চেষ্টা চলাই যদিও সক্ষম ন’হল জুই নুমাবলৈ। দুখৰ বিষয় যে অগ্নিকাণ্ড সংঘটিত হোৱা পৰিয়ালৰ মূৰব্বী গৰাকী অসমৰ বাহিৰত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে।

উল্লেখ্য যে চিমেন চাপৰিত অগ্নিনিৰ্বাপক বাহিনীৰ আস্থান নথকাৰ ফলত ইয়াৰ জনসাধাৰণ দীৰ্ঘবছৰ ধৰি দুৰ্ঘটনাত পতিত হৈ আহিছে। চিমেন চাপৰিত এটা অগ্নিনিৰ্বাপক বাহিনীৰ আস্থান স্থাপন কৰিবলৈ ৰাইজে দাবী জনাইছে।

You might also like