নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্থেবাৰীক উপ-জিলা ঘোষণাৰ দাবীৰে ২৪ ঘন্টীয়া বন্ধ পালন 

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ: বঞ্চনাৰ ক্ষোভে উতলাই ৰখা সৰ্থেবাৰীৰ ৰাইজৰ ধৰ্ণা, সমদল, প্ৰতিবাদী সভা আৰু বন্ধ কাৰ্যসূচীৰে বিগত দহদিন ধৰি উত্তাল হৈ আছে ঐতিহাসিক কাঁহ শিল্প নগৰি সৰ্থেবাৰী।আজি সমগ্ৰ অঞ্চলটোৰ ব্যৱসায়ী সকলৰ ঐক্যবদ্ধ আন্দোলনত স্তব্ধ হৈ পৰিল ঐতিহাসিক সৰ্থেবাৰীৰ লগতে দাঁতি কাষৰীয়া অঞ্চল।খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত ঐতিহাসিক সৰ্থেবাৰীক উপজিলা হিচাপে ঘোষণা কৰা আৰু অঞ্চলটোত থকা চৰকাৰী সকলো পৰ্যায়ৰ কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবীত ধাৰাবাহিক আন্দোলন প্ৰতিবাদত উত্তাল হৈ আছে ঐতিহাসিক কাঁহ শিল্প নগৰি সৰ্থেবাৰী।উল্লেখ্য যে ঐতিহাসিক কাঁহ শিল্প নগৰি সৰ্থেবাৰী সৰ্বদিশতে অৱহেলিত অনাদৃত আৰু অনগ্ৰসৰ হৈ থকাৰ ফলত সকলোফালৰ পৰাই বঞ্চিত হৈ আহিছে ঐতিহাসিক সৰ্থেবাৰী।বহু বছৰ ধৰি সৰ্থেবাৰীৰ নামত এটি নতুন বিধান সভা সমষ্টি গঠন কৰাৰ দাবী লৈ যুক্তি সংগত ভাবে আবেদন নিবেদন কৰাৰ লগতে দীৰ্ঘদিন ধৰি ৰাইজে গণতান্ত্ৰিক আন্দোলন কৰি আহিছিল।কিন্ত সমগ্ৰ অঞ্চলটোৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা এই দাবীক দুৰ্ভাগ্যজনক  ভাবে মুখ্যমন্ত্ৰী তথা অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে।পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিক লুপ্ত কৰি সৰুক্ষেত্ৰীক খণ্ড বিখণ্ড কৰি নতুনকৈ পাকা বেতবাৰী সমষ্টি গঠন কৰাৰ লগতে পাকা মৌজা আৰু সৰুক্ষেত্ৰী মৌজাক চাৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্ভুক্ত কৰাত সমগ্ৰ অঞ্চলটোক ৰাজনৈতিক ভাবে অস্তিত্বহীন কৰা হল বুলি সৰ্বত্ৰে চৰ্চিত হৈছে।ইয়াৰ মাজতেই সৰ্থেবাৰীৰ লগতে সৰুক্ষেত্ৰী মৌজাক বৰপেটা বিধান সভা সমষ্টিত জাপি দিয়াৰ সমান্তৰালকৈ সৰ্থেবাৰীত থকা চৰকাৰী কাৰ্যালয় উপজিলাৰ নামত অন্য স্থানলৈ স্থানান্তৰিত কৰাৰহে এক গভীৰ ষড়যন্ত্ৰ আৰম্ভ হয়।এই কথাক লৈ প্ৰতিবাদ মুখৰ হৈ পৰিছে ঐতিহাসিক সৰ্থেবাৰীৰ সৰ্বস্তৰৰ ৰাইজ।বৰপেটা সদৰৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ নিলগত অৱস্থিত ঐতিহাসিক সৰ্থেবাৰীক কেন্দ্ৰ কৰি পূব বৰপেটাৰ সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য কৰি বিশেষ অধ্যাদেশ জাৰি কৰি হলেও সৰ্থেবাৰীক উপজিলা হিচাপে ঘোষণা কৰাৰ দাবীত ৰাইজ প্ৰতিবাদ মুখৰ হৈ ৰাইজে বিগত দহ দিন ধৰি আন্দোলন কৰি আছে।বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন পৰ্যায়ত অনুষ্ঠিত আন্দোলনৰ মাজতে সৰ্থেবাৰীক উপজিলা ঘোষণা কৰাৰ দাবী উত্থাপন কৰাৰ লগতে সৰ্থেবাৰীত থকা সকলো পৰ্যায়ৰ চৰকাৰী কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবী উত্থাপন কৰি সৰ্থেবাৰীৰ লগতে দাতি কাষৰীয়া অঞ্চলৰ ব্যৱসায়ী সকলে ঐক্যবদ্ধ হৈ ২৪ ঘন্টীয়া সৰ্থেবাৰী বন্ধ ঘোষণা কৰে আৰু আজি পুৱাৰে পৰা এই কাৰ্যসূছী ৰূপায়ণ কৰা হয়।সৰ্থেবাৰী নতুন বজাৰ ব্যৱসায়ী সন্থা,বনিয়াকুছি ব্যৱসায়ীক সন্থা,নেউলাৰভিঠা ব্যৱসায়ীক সন্থা,সৰ্থেবাৰী পুৰণ বজাৰ ব্যৱসায়ীক সন্থা,সৰ্থেবাৰী হাট বজাৰ ব্যৱসায়ীক সন্থাকে ধৰি সমগ্ৰ অঞ্চলটোৰ ব্যৱসায়ী সকলে এই ২৪ ঘন্টীয়া সৰ্থেবাৰী আঞ্চলিক বন্ধ ঘোষণা কৰাত সমগ্ৰ অঞ্চলটোত আজি বন্ধৰ প্ৰভাব সৰ্বাত্মক ৰূপত দেখিবলৈ পোৱা গল।ইপিনে ব্যৱসায়ীক সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচীলৈ সৰ্থেবাৰী আঞ্চলিক স্বাৰ্থ সুৰক্ষা সমিতি,সৰ্থেবাৰী আঞ্চলিক ছাত্ৰ সন্থা,সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক  ছাত্ৰ সন্থা,সৰ্থেবাৰী আঞ্চলিক  ই-ৰিক্সা চালক সন্থা,সৰ্থেবাৰী আঞ্চলিক মটৰ শ্ৰমিক সন্থা,সৰ্থেবাৰী প্ৰেছ ক্লাৱ,ভাৰতী অধ্যয়ন চক্ৰ,সৰ্থেবাৰী নাগৰিক মঞ্চ,সৰ্থেবাৰী পাঁচ খেল গঞাগয়ৰহৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সমৰ্থন আগবঢ়াই সকলো ৰাজপথলৈ ওলাই আহে।বন্ধ কাৰ্যসূচী সৰ্বাত্মক ৰূপত পালন হোৱাৰ সমান্তৰালকৈ পুৱা ১০-৩০ বজাত সৰ্থেবাৰীস্থিত লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা এক প্ৰতিবাদী সমদল উলিওৱা হয়।সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে এই প্ৰতিবাদী সমদলত।প্ৰখৰ ৰদকো নেওঁচি ডেকা বুঢ়া সকলোৱে এই সমদলত অংশ গ্ৰহণ কৰে আৰু প্ৰায় দুই কিলোমিটাৰ নিলগত থকা সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়লৈ ধাবমান হয়।আমাক উপজিলা লাগিবই,ঐতিহাসিক সৰ্থেবাৰীক বঞ্চনা কৰা নচলিব,সৰ্থেবাৰীত থকা সকলো চৰকাৰী কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰাখিব লাগিবই,অসম চৰকাৰ হায়,চৰকাৰী হঠকাৰী সিদ্ধান্ত মানি লোৱা নহব, আদি বিভিন্ন শ্লোগান দি সমগ্ৰ ৰাজপথ কপাই তোলে।সৰ্থেবাৰীৰ লগতে পল্লা,নামশালা,কাৰাকুছি,গোমূৰা, হাৰিয়াদি,বতিয়া,খৰিয়া,নেউলাৰভিঠা,বামুন পাকা,সত্ৰ পাকা,নসত্ৰ, নেউলাৰভিঠা,কুৰিহা,বনিয়াকুছি,বেঙাপাৰা, বেলবাৰী,আদি বিভিন্ন গাঁৱৰ পৰা ক্ষোভিত ৰাইজ ওলাই আহি চক্ৰ বিষয়াৰ কাৰ্যালয়লত সমবেত হয়।প্ৰতিবাদী ৰাইজৰ ধৰ্ণাত উত্তাল হৈ পৰে চক্ৰ বিষয়াৰ কাৰ্যালয়।ইয়াৰ সমান্তৰালকৈ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এখন প্ৰতিবাদী সভা অনুস্থিত কৰা হয়।প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰি সক্ৰিয় সমাজকৰ্মী বাণীকান্ত ভূঞাই ক্ষোভেৰে কয় যে অঞ্চলটোৰ ন্যায্য দাবীক চৰকাৰে যথোচিত গুৰুত্ব প্ৰদান কৰা নাই।অসম চৰকাৰে খিলঞ্জীয়া অধ্যুষিত তথা সনাতনি সংস্কৃতিৰ সাধনাৰে সমৃদ্ধ সৰ্থেবাৰীৰ ৰাইজৰ মনৰ বেদনা বুজিবলৈ প্ৰয়াস নকৰি কেৱল বঞ্চনাৰহে পৰিকল্পনা কৰিলে বুলিও বাণীকান্ত ভূঞাই আক্ষেপ প্ৰকাশ কৰে।তেওঁ লগতে অভিযোগ  উত্থাপন কৰি কয় যে স্থানীয় বিধায়ক গৰাকী দেখাত কংগ্ৰেছৰ বিধায়ক যদিও তলে তলে বিজেপিৰ বিধায়ক হে হৈ আছে।এই প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰি উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ উপদেষ্টা কুলৰঞ্জন ভূঞাই মুখ্যমন্ত্ৰীৰ মৰমক কটাক্ষ কৰি গড়ৰ মৰমৰ লগত তুলনা কৰি গড়ে নিজৰ পুৱালিক চেলেকি দি সৰ্বনাশ কৰাৰ দৰেই হৈছে বুলি মন্তব্য কৰে।এই প্ৰতিবাদী সভাত থেলা চালক টংকেশ্বৰ ঠাকুৰীয়াই,নেউলাৰভিঠাৰ ব্যৱসায়ী প্ৰাণকৃষ্ণ সৰকাৰ,বনিয়াকুছিৰ ব্যৱসায়ী কিশোৰ বৰ্মন,অগপ নেতা চিত্তৰঞ্জন বৰ্মন,নতুন বজাৰৰ ব্যৱসায়ী হৃষিকেশ তামুলী,হৰবল্লভ তালুকদাৰ,মিন্টু ডেকা,প্ৰাক্তন ছাত্ৰ নেতা গুণজিত চৌধুৰী,ই ৰিক্সা চালক মনো আলী,বেলবাৰীৰ নবজিত নাথ,কাঁহ শিল্পী সন্থাৰ হিমান পাটোৱাৰী,নকুল তালুকদাৰ,জ্যেষ্ঠ সাংবাদিক  চক্ৰেশ্বৰ ডেকা আদি বিভিন্ন জনে ভাষণ প্ৰদান কৰি চৰকাৰী বঞ্চনা উদঙাই দিয়ে আৰু বিশেষ অধ্যাদেশ জাৰি কৰি হলেও সৰ্থেবাৰীক উপজিলা ঘোষণা কৰাৰ দাবী উত্থাপন কৰে।প্ৰতিবাদী সভাৰ অন্তত সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ বৰ্মনৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ সামূহিক ভাবে স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
প্ৰেৰক নকুুল তালুকদাৰ
You might also like