নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী হৰিমন্দিৰৰ আজীৱন সদস্যক প্ৰ-পত্ৰ জমা দিবলৈ আহ্বান

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীহৰিমন্দিৰৰ সু-পৰিচালনাৰ বাবে আজীৱন সদস্য সকলৰ পৰা কিছু (ঠিকনা,সভ্য প্ৰমাণ পত্ৰ আৰু মোৱাইল নং) তথ্য সংগ্ৰহৰ প্ৰয়োজন হৈছে বুলি হৰিমন্দিৰ তদৰ্থ সমিতিয়ে এক সিদ্ধান্ত মৰ্মে যোৱা ১৩ ছেপ্তেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰৰ ভিতৰত সকলো আজীৱন সদস্যকে শ্ৰীশ্ৰীহৰিমন্দিৰ কাৰ্যালয়ৰ পৰা প্ৰ-প্ৰত্ৰ সংগ্ৰহ কৰি তথা প্ৰ-প্ৰত্ৰ পূৰণ কৰি জমা দিৱলৈ অনুৰোধ কৰিছিল তদৰ্থ সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱা, মদন মালাকৰ, বানেশ্বৰ দাস আৰু হৰেন হালৈয়ে। উল্লেখ্য যে পূৰ্বে ২০ ছেপ্টেম্বৰ শেষ দিন আছিল যদিও পুনৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ অনুসৰি অহা ২ অক্টোবৰ সন্ধিয়া ৭ বজাৰ ভিতৰত প্ৰ- প্ৰত্ৰ সমুহ কাৰ্যালয় সম্পাদক নলিনী শীল আৰু সনজিৎমল্ল বৰুৱাৰ হাতত জমা দিবলৈ অনুৰোধ জনাইছে। আনহাতে নলবাৰী হৰিমন্দিৰ তদৰ্থ সমিতিয়ে ১ অক্টোবৰৰ আবেলি ৩ বজাত হৰি মন্দিৰ প্ৰাঙ্গণত এখন সাধাৰণ সভা আহ্বান কৰিছে। উক্ত সভাত শ্ৰীশ্ৰীহৰিমন্দিৰ আজীৱন সভ্য সমাজৰ নিশ্চিত উপস্থিতি কামনা কৰিছে।
প্ৰেৰক বীৰেন কলিতা।
You might also like