বিশেষ বার্তা, ২৩ আগষ্টঃ অহা ২৫ আগষ্টত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ ১০০সংখ্যক কেবিনেট বৈঠক অনুষ্ঠিত হ’ব৷ দিছপুৰৰ উপৰি অসমৰ বিভিন্ন স্থানত হোৱা কেবিনেট বৈঠকত ইতিমধ্যে ১,৩০০টাৰো অধিক সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ উক্ত সিদ্ধান্তসমূহৰ কিমানসংখ্যক সিদ্ধান্ত চৰকাৰে ৰূপায়ণ কৰিলে তাৰ এটা হিচাপ দিয়াৰ প্রয়োজন আছে৷ সেয়েহে ড০ শর্মা চৰকাৰে সেইদিনাই ৰাহজক এখন ৰিপ’ৰ্ট কার্ড দাখিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ কেনেদৰে ৰাইজৰ আগত উক্ত ৰিপ’ট কার্ড দাঙি ধৰিব পাৰি সেই সন্দর্ভত নতুন দিল্লীৰ আছাম হাউছত ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চযোগে মুখ্যমন্ত্রী ড০ শর্মাই আলোচনাত মিলিত হয়৷ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয়– কেবিনেট বৈঠক পাতি বাস্তৱত আমি কিমান সিদ্ধান্ত লৈছিলোঁ আৰু কিমান আমি ৰূপায়ণ কৰিলোঁ সেয়া ৰাইজে জানিব লাগে৷ সেয়েহে ২৫ আগষ্টৰ পুৱা কেবিনেট বৈঠক পাতি বিয়লি সংবাদ মেলযোগে ৰিপ’ট কার্ড প্রকাশ কৰা হ’ব৷ আনহাতে, অহা ১৭ ছেপ্টেম্বৰত ৰাজ্যজুৰি পালন কৰিবলগীয়া অমৃত বৃক্ষ আন্দোলনৰ বাবে প্রস্তুত কৰা ‘এপ’যোগে ইতিমধ্যে ৰাজ্যৰ ৪৬ লাখ লোকে বৃক্ষৰোপণৰ বাবে আবেদন জনোৱা বুলি মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷ এজন লোকে দুজোপা গছপুলি ৰোপণ কৰিলে নির্ধাৰিত ১ কোটি বৃক্ষৰোপণৰ লক্ষ্যত উপনীত হোৱা সম্ভৱ যদিও মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যিমান বেছিসংখ্যক মানুহে বৃক্ষৰোপণ কার্যসূচীত অংশ ল’ব সিমানেই আমাৰ সফলতা৷ সেয়ে জিলা আযুক্তসকলৰ সৈতে হোৱা ভিডিঅ’ কনফাৰেঞ্চত উক্ত আন্দোলনৰ সৈতে কিমান বেছিসংখ্যক মানুহক জড়িত কৰিব পাৰি তাৰ বাবে ব্যৱস্থা ল’বলৈ আহ্বান জনোৱা হৈছে৷ আনহাতে, আজি সন্ধিয়া চন্দ্রত চন্দ্রযানৰ অৱতৰণৰ ঐতিহাসিক মুহূর্তৰ সাক্ষী হ’বলৈ ৰাজ্যৰ চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত্ ছাত্র–ছাত্রীসকল উপস্থিত থকাৰ বিষয়টোও মুখ্যমন্ত্রী ড০ শর্মাই আজি জিলা আয়ুক্তসকলৰ সৈতে আলোচনা কৰিছে৷ এইক্ষেত্রত ৰাজ্যৰ আর্যভট্ট বিজ্ঞান কেন্দ্রই প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷ লগতে চৰকাৰী কার্যালয়সমূহতো চন্দ্রযানৰ চন্দ্রপৃষ্ঠত অৱতৰণৰ মুহূর্তটো লাইভযোগে প্রদর্শন কৰোৱা হ’ব৷ এইক্ষেত্রত ইউটিডব, ফেচবুকৰ জৰিয়তে কি কি ব্যৱস্থা ল’ব পাৰি তাক লৈও তেওঁ জিলা আয়ুক্তসকলৰ সৈতে আলোচনা কৰে৷ আনহাতে, ভাৰতৰ চন্দ্র অভিযানে সফলতা লাভ কৰিলে অসমত ছাত্র–ছাত্রীসকলৰ মাজত ৰচনা প্রতিযোগিতাৰ আয়োজন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ সেইদৰে সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া সম্পন্ন হোৱাৰ পাছত এতিয়া ৰাজ্যখনত উপ–জিলা গঠনৰ প্রক্রিয়াৰ কামো আগবঢ়াই থকা হৈছে বুলি প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সেহ সন্দর্ভতো আজি জিলা আয়ুক্তসকলৰ সৈতে থূলমূলকৈ আলোচনা কৰা হৈছে৷