নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিগন্ত বিশ্ব শর্মাক ডিব্রুগড় বিশ্ববিঃৰ প্রফেছৰ অৱ প্রেক্টিচ ৰূপে নিযুক্তি

বিশেষ বাৰ্তা, ২৩ আগষ্টঃ বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমি বঁটাৰে সন্মানিত দিগন্ত বিশ্ব শর্মালৈ ডিব্রুগড় বিশ্ববিদ্যালয়ে আগবঢ়াইছে এটা বিশেষ সন্মান৷ ডিব্রুগড় বিশ্ববিদ্যালয়ে লেখক তথা অনুবাদক দিগন্ত বিশ্ব শর্মাক এবছৰৰ কাৰণে বিশ্ববিদ্যালয়খনৰ প্রফেছৰ অৱ প্রেক্টিচ হিচাপে নিযুক্তি দিছে৷ শেহতীয়াকৈ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ কার্যবাহী পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ প্রফেছৰ অৱ প্রেক্টিচ হিচাপে দিগন্ত বিশ্ব শর্মাই ভাৰতীয় সংস্কৃতিৰ মূল্যবোধ আৰু ঐতিহ্য সন্দর্ভত পাঠদান কৰিব৷ এই সময়ছোৱাত দিগন্ত বিশ্ব শর্মালৈ আগবঢ়োৱা হ’ব যথাযোগ্য আর্থিক সহযোগিতা৷ ইতিমধ্যে বিশিষ্ট লেখকগৰাকীলৈ ডিব্রুগড় বিশ্ববিদ্যালয়ে এই প্রস্তাৱ প্রেৰণ কৰি তেওঁক গ্রহণ কৰিবলৈ অনুৰোধ জনাইছে৷ উল্লেখ্য যে বিশিষ্ট অনুবাদক ৰূপে দিগন্ত বিশ্ব শর্মাই শ্রীঅৰবিন্দৰ ওপৰত বিশেষ গুৰুত্ব প্রদানেৰে ভাগৱত গীতাৰ প্রাসংগিকতা সম্পর্কত তিনিশটা বত্তৃণতা সম্পন্ন কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিছে৷

You might also like