নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌন নির্যাতন–ভূমি দখল–আক্রমণেৰে ৪ মাহত ২৫টা ঘটনা

🔹 ৰাজ্যত বিশেষ সম্প্রদায়ৰ তাণ্ডৱ

বিশেষ বাৰ্তা, ২৪ আগষ্ট : বিগত লোকসভা নির্বাচনৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্রান্তত এটা বিশেষ সম্প্রদায়ৰ লোকে আৰম্ভ কৰিছে তাণ্ডৱ৷ বলাৎকাৰ, যৌন নির্যাতন, ভূমি দখলৰ পৰা আৰম্ভ কৰি খিলঞ্জীয়া আৰু আৰক্ষীক আক্রমণেৰে যোৱা তিনি মাহত ২৫টা ঘটনা সংঘটিত কৰিছে বিশেষ সম্প্রদায়টোৰ একাংশ দুর্বৃত্তই৷ লোকসভা নির্বাচনৰ পাছতেই ৰাজ্যৰ কিছু অঞ্চলত আগ্রাসী হৈ পৰা এই দুর্বৃত্তসকলে খিলঞ্জীয়াৰ বিৰুদ্ধে অধিক আগ্রাসী ৰূপত আৰম্ভ কৰিছে তাণ্ডৱ৷ বিশেষকৈ যুৱতী–মহিলাক যৌন নির্যাতন তথা বলাৎকাৰৰ দৰে ঘটনা সংঘটিত কৰি সৃষ্টি কৰিছে এক শংকাজনক পৰিৱেশ৷ উল্লেখ্য যে যোৱা তিনি মে’ৰ পৰা ৰাজ্যৰ বিভিন্ন প্রান্তত এই বিশেষ সম্প্রদায়ৰ দুর্বৃত্তই লক্ষ্য কৰি লৈছে খিলঞ্জীয়াক৷ যোৱা তিনি মে’ত গোৱালপাৰা জিলাৰ দুধনৈৰ টানাবাৰীত ধন আলী তালুকদাৰৰ নেতৃত্বত দুর্বৃত্তৰ এটা দলে এগৰাকী বড়ো সম্প্রদায়ৰ কিশোৰীক দলবদ্ধভাৱে ধর্ষণ কৰে৷ এই ঘটনাৰ প্রতিবাদ কৰিবলৈ যোৱা ধর্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ ভাতৃও দুর্বৃত্তৰ আক্রমণৰ বলি হৈ মৃত্যুমুখত পৰে৷ আনহাতে, ১৪ মে’ত বৰপেটাৰ কয়াকুছিত খিলঞ্জীয়াক আক্রমণ কৰে সন্দেহযুক্ত নাগৰিকে৷ জহুৰ খানৰ নেতৃত্বত একাংশ সন্দেহজনক লোকে খিলঞ্জীয়া লোকৰ ওপৰত আক্রমণ কৰি বহুকেইজনক আহত কৰে৷ ২৩ মে’ত লখিমপুৰৰ খেলমাটি আৰক্ষী থানাত আক্রমণ চলাইছিল বহু সন্দেহজনক লোকে৷ দলবদ্ধভাৱে হোৱা এই আক্রমণত ব্যাপক ক্ষতি হয় আৰক্ষী থানাৰ৷ ৭ জুনত কোকৰাঝাৰৰ ফকিৰাগ্রামত কোচ ৰাজবংশী গাঁৱত সন্দেহজনক সম্প্রদায়ৰ ভূ–মাফিয়াৰ আক্রমণত গুৰুতৰভাৱে আহত হ’ব লগা হয় খিলঞ্জীয়া লোক৷ ২২ জুনত মাজবাটত গোর্খা কিশোৰীক দলবদ্ধভাৱে বলাৎকাৰৰ ঘটনা সংঘটিত হয়৷ এই ঘটনাত জড়িত আছিল মোস্তাক আহমেদ, মহিদুল ইছলাম, আফিজুল আলী, ছাদ্দাম আলী আৰু আছান আহমেদ৷ ২৪ জুনত ঢেকীয়াজুলিত এগৰাকী আদিবাসী কিশোৰীক বলাৎকাৰৰ ঘটনা সংঘটিত হয়৷ এই ঘটনাত জড়িত শ্বাহিদুল ইছলাম নামৰ যুৱকজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ২৬ জুনত গোলকগঞ্জত কোচ ৰাজবংশী গাঁৱত সন্দেহজনক নাগৰিকে আক্রমণ কৰাৰ লগতে গাঁও এৰি যাবলৈ গাঁওবাসীক ভাবুকি প্রদান কৰে৷ ২৭ জুনত শোণিতপুৰৰ ঠেলামৰাত সংঘটিত হয় কিশোৰীক যৌন নির্যাতনৰ ঘটনা৷ এই ঘটনাত জড়িত আনাৰুল খান নামৰ দুর্বৃত্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ২৮ জুনত ঢেকীয়াজুলিত এল অ’ কে ডি কলেজৰ ছাত্রী নিৱাসত এক বিশেষ সম্প্রদায়ৰ যুৱকে প্রৱেশ কৰি ভাবুকিৰ সৃষ্টি কৰে৷ ২৯ জুনত কামৰূপ জিলাৰ বাইহাটাৰ ভোমলাহাটীত কিশোৰীক ধর্ষণৰ চেষ্টা চলায় এক দুর্বৃত্তই৷ আব্দুল কালাম নামৰ এই দুর্বৃত্তজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ২৯ জুনত হুগ্রাজুলীত লাভ জেহাদৰ ঘটনাত সোমাই পৰে এগৰাকী বড়ো যুৱতী৷ নাইছ আলী নামৰ এজন মুছলিম যুৱকে নিজকে হিন্দু বুলি পৰিচয় দি ঘনিষ্ঠ হ’বলৈ চেষ্টা চলাওঁতে গ্রেপ্তাৰ হয় নাইছ আলী৷ ৩০ জুনত বৰপেটাৰ সৰভোগত শ্মশানৰ গেট লণ্ডভণ্ড কৰে এক বিশেষ সম্প্রদায়ৰ লোকে৷ ভূমি দখলৰ লক্ষ্যৰে চলোৱা এই কার্যত জড়িত আছে সন্দেহজনক নাগৰিক৷ আনকি স্থানীয় লোককো এই লোকসকলে ভাবুকি প্রদান কৰে৷ ১ জুলাইত ঢেকীয়াজুলিৰ ঠেলামৰাত মহিলাক যৌন নির্যাতন চলোৱাৰ ঘটনা সংঘটিত হয়৷ এই ঘটনাত অভিযুক্ত হিচাপে চিনাক্ত হয় ছামচুল ইছলাম ওৰফে বাবুল আলী৷ ৬ জুলাইত শোণিতপুৰৰ ৰঙাপৰাত আদিবাসী যুৱতীক ধর্ষণৰ চেষ্টা চলাই গ্রেপ্তাৰ হয় দিলদাৰ হুছেইন নামৰ এজন দুর্বৃত্ত৷ ১৩ জুলাইত গোৱালপাৰাৰ মাটিয়াত ৭০ বছৰীয়া বৃদ্ধাক যৌন নির্যাতনৰ চেষ্টা চলায় এজন সংখ্যালঘু যুৱকে৷ ২০ জুলাইত মঙলদৈত ৰামহৰিৰ পৰা এগৰাকী কিশোৰীক অপহৰণৰ চেষ্টা চলাই গ্রেপ্তাৰ হয় ছাজেল আলী নামৰ এজন দুর্বৃত্ত৷ ২৫ জুলাইত ধিঙত এটা বিশেষ সম্প্রদায়ৰ স্প্রে গেঙৰ সন্ত্রাসৰ ঘটনাই সৃষ্টি কৰে উত্তেজনা৷ সংখ্যালঘু সম্প্রদায়ৰ এই গেংটোৰ কেইজনমান দুর্বৃত্তই স্প্রে কৰি লুটপাত চলোৱাৰ লগতে মহিলাকো নির্যাতন চলায়৷ ২৮ জুলাইত হাজোৰ হিদালবড়িত কিশোৰীক যৌন আতিশয্য চলাই আটক হয় ইব্রাহিম আলী৷ ২ আগষ্টত ঢেকীয়াজুলিৰ বৰছলাত অভিযুক্তক আটক কৰিবলৈ যোৱা আৰক্ষীক আক্রমণ চলায় বিশেষ সম্প্রদায়ৰ এটা দলে৷ এই আক্রমণত গুৰুতৰভাৱে আহত হয় কেইবাজনো আৰক্ষী৷ ১৪ আগষ্টত গুৱাহাটীৰ আজাৰাত হিন্দু যুৱতীক অপহৰণৰ চেষ্টা চলায় পৰম আলী নামৰ মুছলমান যুৱকে৷ ১৭ আগষ্টত বৰপেটাৰ দঙৰকুছিত খিলঞ্জীয়া লোকক আক্রমণ চলায় সংখ্যালঘু সম্প্রদায়ৰ এটা দলে৷ ১৯ আগষ্টত শিলচৰত অসম বিশ্ববিদ্যালয়ৰ ছাত্রীক যৌন নির্যাতন চলাই গ্রেপ্তাৰ হয় বদৰুজ জামান ফাৰুক নামৰ এজন যুৱক৷ এই দিনটোতে বিহালীৰ বুৰৈঘাটত কিশোৰীক ধর্ষণৰ চেষ্টা চলায় কেইজনমান সংখ্যালঘু সম্প্রদায়ৰ যুৱকে৷ ঘটনাত জড়িত জুলুদ হুছেইন, সুৰুয আলী আৰু আব্দুল হুছেইনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ লগতে ২২ আগষ্টত ধিঙত এই বিশেষ সম্প্রদায়ৰে কেইজনমান যুৱকৰ দলবদ্ধ ধর্ষণৰ বলি হয় এগৰাকী কিশোৰী৷ উল্লেখ্য যে যোৱা তিনি মাহত এটা বিশেষ সম্প্রদায়ে চলোৱা এনে ধর্ষণ–বলাৎকাৰ, যৌন নির্যাতনৰ ঘটনাই সৃষ্টি কৰিছে এক শংকা–উদ্বেগজনক পৰিস্থিতিৰ৷ খিলঞ্জীয়াক লক্ষ্য কৰি আৰম্ভ কৰা এই ঘটনাক লৈ ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কঠোৰ স্থিতি গ্রহণ কৰিছে৷ আনকি পৰহি সংঘটিত ঘটনাৰ পাছতেই প্রশাসন অধিক কঠোৰ হোৱাৰো ইংগিত দিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ একে সময়তে উৎসাহিত হোৱা বিশেষ সম্প্রদায়ৰ লোকক লৈ ইতিমধ্যে একচন আৰম্ভ কৰিছে অসম আৰক্ষীয়ে৷ মুখ্যতঃ ভিন্ন ধর্ম থকা স্থানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰাই নহয়, দিনে–নিশাই আৰম্ভ কৰিছে পেট্র’লিং৷ ৰূপহীহাট, চামগুৰি, লাহৰীঘাট, জুৰীয়াৰ দৰে ঠাইত শেহতীয়াকৈ আৰক্ষীয়ে আৰম্ভ কৰিছে বিশেষ কার্যব্যৱস্থা৷ পৰিতাপৰ বিষয় যে যোৱা তিনি মাহত খিলঞ্জীয়াৰ বিৰুদ্ধে আগ্রাসন আৰম্ভ কৰা এই বিশেষ সম্প্রদায়ৰ দুর্বৃত্তই ১২টাকৈ যৌন নির্যাতন–বলাৎকাৰ ঘটনা সংঘটিত কৰে৷

You might also like