বোকাজানত আঢ়ৈ কোটি টকাৰ কানি জব্দ, আটক এক
নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ কানিসহ এখন ট্ৰাক জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্মৰ নেতৃত্বত তথা খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুল শইকীয়াৰ সহযোগত আৰক্ষীয়ে খটখটী থানাৰ অন্তৰ্গত ভাৰতীয় ষ্টেট বেংকৰ খটখটী শাখাৰ সমীপত চলোৱা নিয়মীয়া তালাচীৰ সময়তে ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এএছ-০১-আৰচি-৩৫৮৭ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই ৪৮টা পেকেটত ৫০.৫২০ কিঃগ্ৰাঃ কানি জব্দ কৰে। ট্ৰাকখনৰ কেবিনৰ ওপৰত গোপন চেম্বাৰ সাজি কানিখিনি সৰবৰাহ কৰা হৈছিল। জব্দ হোৱা কানি খিনিৰ বজাৰ মূল্য কমেও প্ৰায় আঢ়ৈ কোটি টকা। এই সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰৰ সেনাপতি জিলাৰ গকুল পড়েল (৩৪)ক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক প্ৰাণদ্বীপ চেতিয়া