নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড় মেডিকেল কলেজত ২৯ দিনীয়া দেৱশিশুৰ মৃত্যুঃ ১২টা শিশু চিকিৎসাধীন

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ  ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ভিডত আক্রান্ত হৈ দেওবাৰে এটি দেৱশিশুৰ মৃত্যুৰ ঘটনাই ৰাইজক আতংকিত কৰি তুলিছে৷ ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা শিশুটিৰ বয়স মাত্র ২৯ দিন৷ যোৱা ৯ জুলাইত ক’ভিডত আক্রান্ত হৈ চাবুৱাৰ দেৱশিশুটিৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত চিকিৎসাধীন হৈ থকা অৱস্থাতে দেওবাৰে মৃত্যু ঘটে৷

অসম চিকিৎসা মহাবিদ্যালয়ত বর্তমানলৈকে ক’ভিডত আক্রান্ত হোৱা ৬টাকৈ দেৱশিশুৰ মৃত্যু হৈছে৷ তদুপৰি আন ১২টাকৈ শিশু চিকিৎসাধীন হৈ আছে৷ ক’ভিডৰ দ্বিতীয় ঢৌত ডিব্রুগড় জিলাত ২,৩৮০টা শিশু ক’ভিডত আক্রান্ত হয় আৰু অসম মেডিকেল কলেজত প্রায় ২০০টা শিশু চিকিৎসাধীন হয়৷

উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত যোৱা দুদিনত ক’ভিডত আক্রান্ত হোৱা ৩৭ দিনীয়া এটি কন্যা শিশুৰ মৃত্যুৰ পাছত ৯ জুনত ৩৪ দিনীয়া এটি কন্যা শিশু, ১৭ জুনত ৮ বছৰীয়া শিশু, ১৯ জুনত ৫ মহীয়া এটি শিশু, ২৭ জুনত ডিব্রুগড়ৰ টিংখাঙৰ ১১ মহীয়া এটি শিশুৰ মৃত্যু হৈছিল৷

সমগ্র দেশতে ক’ভিডৰ তৃতীয় ঢৌত বিশেষকৈ শিশুসকল অত্যধিক আক্রান্ত হ’ব বুলি আশংকা কৰি অহাৰ সময়তে অসম চিকিৎসা মহাবিদ্যালয়ত ইটোৰ পাছত সিটো শিশু ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰা ঘটনাই চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষকো জোকাৰি গৈছে৷

আনহাতে, অসম চিকিৎসা মহাবিদ্যালয়ত বর্তমান ৩৬৯জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে৷ ইয়াৰে ৬৬জন আই চি ইউত থকাৰ লগতে ২২০জন ৰোগী অক্সিজেন লৈ চিকিৎসাধীন হৈ আছে৷ আইছ’লেচন ৱার্ডত ৩০৩জন ৰোগী থকাৰ বিপৰীতে ১৫৪জনে অক্সিজেনৰ সহায়ত চিকিৎসাধীন হৈ আছে৷ সেইদৰে ২৯জন ক’ভিড ৰোগী ভেণ্টিলেচনত আছে৷

You might also like