নিয়মীয়া বাৰ্তা, ২৪ জুনঃ লখিমপুৰ জিলাৰ ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত উদ্ভণ্ডালি কৰা তিনি যুৱকক জেললৈ প্ৰেৰণ কৰাত সন্তোষ প্ৰকাশ কৰিছে সচেতন মহলে ৷ প্ৰাপ্ত তথ্য মতে শুকুৰবাৰে নিশা তিনি সুৰাসক্ত যুৱক ক্ৰমে মুন চেতিয়া, জুন গগৈ, মাইনা গগৈয়ে ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত প্ৰৱেশ কৰি কৰ্তব্যৰত চিকিৎসাকৰ্মী তথা স্বাস্থ্যকৰ্মীক গালি-গালাজ পৰাৰ লগতে ৰাজেন বৰা নামৰ এগৰাকী স্বাস্থ্যকৰ্মীক উপৰ্যুপৰি প্ৰহাৰ কৰি তাণ্ডৱ সৃষ্টি কৰা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই ঢকুৱাখনা সদৰ থানাত অৱগত কৰাত ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা, দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া দীনেশ মেধিসহ এটা আৰক্ষী বাহিনী গৈ উদণ্ড যুৱককেইজনক আটক কৰি নিশাই থানালৈ আনি আজি ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত গোচৰ (নং-৮৭ /২০২৩)ৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৩৫২/৩৫৩/২৩৩/৩৪ ধাৰাত যুৱক তিনিজনক গ্ৰেপ্তাৰ কৰি ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই লখিমপুৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি