বিশেষ বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : কামৰূপৰ শুৱালকুছি থানাৰ অন্তৰ্গত বাথানৰ পৰা শুৱালকুছি আৰক্ষীৰ এটা দলে কালি সন্ধিয়া ৩জন জুৱাৰীক আটক কৰে। ধৃত জুৱাৰীকেইজন ক্ৰমে বাথানৰ ধ্ৰুৱ দাস, ৰমেন দাস আৰু ধনধনি দাস। আটাইকেইজন জুৱাৰীকে আজি শুৱালকুছি আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। ইফালে জুৱাৰীকেইজনৰ পৰা উদ্ধাৰ কৰা নগদ ধন সম্পৰ্কত সংবাদ মাধ্যমক তথ্য প্ৰদান কৰাৰ পৰা বিৰত থাকে আৰক্ষীয়ে ৷ দীৰ্ঘদিন ধৰি বাথান অঞ্চলৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমুহতো জুৱাৰ আড্ডা চলি থকাৰ অভিযোগ আছে স্থানীয় ৰাইজৰ ৷
প্ৰেৰক দিলীপ মেধি