নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ মাহত ভেকচিন লোৱা ১৮০জনৰ মৃত্যু

স্বাস্থ্যমন্ত্রী মহন্তৰ তথ্যতে উদ্বেগজনক খবৰ

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ ক’ভিডৰ তৃতীয় ঢ়ৌৰ শংকা সৃষ্টি হৈ থকাৰ সময়তে আন এক খবৰে স্বাস্থ্য বিভাগৰ লগতে সাধাৰণ ৰাইজকো উদ্বিগ্ণ কৰি তুলিছে৷ ৰাজ্যবাসীক শংকিত কৰা শেহতীয়া তথ্য অনুসৰি বিগত তিনি মাহত ক’ভিডত মৃত্যু হোৱা ৭২ শতাংশ লোকেই গ্রহণ কৰা নাছিল ক’ভিড প্রতিষেধক৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই প্রকাশ কৰা এই তথ্য অনুসৰি যোৱা ১০ আগষ্টৰ পৰা ১০ নৱেম্বৰলৈ ক’ভিডত ৬৩১গৰাকী লোকৰ মৃত্যু হৈছে৷ মৃত্যু হোৱা এইসকল লোকৰ ৪৫১গৰাকীয়েই লোৱা নাছিল প্রতিষেধক৷ অৱশ্যে এইসকলৰ ভিতৰত ১৮০গৰাকীয়ে ক’ভিড ভেকচিন লৈছিল যদিও ক’ৰোনাত আক্রান্ত হৈ মৃত্যু সাবটি লয়৷

উল্লেখ্য যে ৰাজ্যত ক’ভিড প্রতিষেধক প্রদানৰ বাবে স্বাস্থ্য বিভাগে মেগা টিকাকৰণ আৰম্ভ কৰাৰ সময়তে এই উদ্বেগজনক খবৰে স্বাভাৱিকতে ৰাজ্যবাসীক শংকিত কৰি তোলাই নহয়, ক’ভিড ভেকচিন নোলোৱাসকলকো এই তথ্যই চিন্তিত কৰি তুলিছে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্  প্রকাশ কৰা অনুসৰি যোৱা তিনি মাহত মৃত্যু হোৱা ৬৩১গৰাকী লোকৰ যি ১৮০গৰাকীয়ে ভেকচিন লোৱা আছিল, সেইসকলৰ ৮৯গৰাকীয়ে প্রথম পালি আৰু ৯১গৰাকীয়ে দ্বিতীয় পালি ভেকচিন গ্রহণ কৰিছিল৷ মৃত্যু হোৱাসকলৰ ৯০ শতাংশই আছিল বয়সস্থ আৰু বিভিন্ন জটিল ৰোগত আক্রান্ত হৈ থকা লোক৷ স্বাস্থ্যমন্ত্রী মহন্তই এই সন্দর্ভত কয়– ক’ভিড ভেকচিন হ’ল সুৰক্ষা কৱচ৷ সেয়েহে এই সুৰক্ষা কৱচ সকলোৱে গ্রহণ কৰা উচিত৷ ভেকচিন গ্রহণ কৰিলে ক’ৰোনাত জটিলভাৱে আক্রান্ত হোৱাৰ পৰা ৰক্ষা পৰিব পাৰি৷ সেয়েহে স্বাস্থ্য বিভাগে ক’ভিড ভেকচিন সকলোৱে লোৱাৰ বাবে সর্বাধিক গুৰুত্ব আৰোপ কৰিছে৷

পৰিতাপৰ বিষয়টো হ’ল যে স্বাস্থ্য বিভাগে ক’ৰোনা ভেকচিনক সুৰক্ষা কৱচ বুলি দাবী কৰি অহাৰ বিপৰীতে কিন্তু যোৱা তিনি মাহত মৃত্যু হোৱা ১৮০গৰাকী লোকৰ ৯১গৰাকীয়েই আছিল ভেকচিনৰ দুটা ড’জ লোৱা ব্যক্তি৷ অৱশ্যে এইসকল লোকৰ কিমানসংখ্যকে জটিল ৰোগত আক্রান্ত হৈ আছিল, সেয়া পৰীক্ষাৰ বিষয় হৈ আছে৷ ইফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ত যোৱা তিনি মাহত ক’ৰোনাত আক্রান্ত হৈ ৩২২জন লোকৰ মৃত্যু হৈছে৷ ইয়াৰে ২২৭জন ভেকচিন নোলোৱা লোক আছিল৷ স্বাস্থ্য বিভাগে প্রকাশ কৰা এই তথ্যই স্পষ্ট কৰিছে যে ভেকচিন নোলোৱাকৈ ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা বেছি৷

জি এম চি এইচৰ অধীক্ষক অভিজিৎ শর্মাই জানিবলৈ দিয়া মতে, ভেকচিন নোলোৱাকৈ জি এম চি এইচত মৃত্যু হৈছে ৭১.০৪ শতাংশ লোক৷ ক’ৰোনাৰ এই আতংকৰ মাজতে শেহতীয়াকৈ দেশৰ বিভিন্ন ৰাজ্যত জিকা ভাইৰাছৰ সন্ত্রাসে ৰাজ্যবাসীকো সন্ত্রস্ত কৰি তুলিছে৷ বিষয়টোৱে শংকিত কৰি তোলাৰ সময়তে  স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ৰাজ্যবাসীক আশ্বস্ত কৰি জানিবলৈ দিয়ে যে জিকা ভাইৰাছৰ সংক্রমণক লৈ স্বাস্থ্য বিভাগ সম্পূর্ণৰূপে সাজু৷ তেওঁ কয়– জিকা ভাইৰাছৰ সংক্রমণ কেৰালাত কিছু ভয়াৱহ হোৱাৰ পাছত কর্ণাটক আৰু উত্তৰ প্রদেশতো এই ভাইৰাছৰ সংক্রমণ চলিছে৷ সেয়েহে সংক্রমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগে সকলো ধৰণৰ প্রস্তুতি আৰম্ভ কৰিছে৷ দেশত জিকা ভাইৰাছৰ সংক্রমণক লৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ো যথেষ্ট উদ্বিগ্ণ৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়াই বৃহস্পতিবাৰৰে  প্রতিখন ৰাজ্যৰ স্বাস্থ্যমন্ত্রীসকলৰ্ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে এক আলোচনাত মিলিত হৈ ক’ভিড টিকাকৰণ আৰু জিকা ভাইৰাছৰ সংক্রমণ সন্দর্ভত ৰাজ্যসমূহৰ প্রস্তুতিৰ বুজ লয়৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এই বৈঠকতে বিভাগে ১০ নৱেম্বৰৰ পৰা আৰম্ভ কৰা মেগা টিকাকৰণ অভিযানৰ কথা উল্লেখ কৰাৰ লগতে ৮ নৱেম্বৰৰ পৰা ঘৰে ঘৰে টিকাকৰণৰ অভিযান আৰম্ভ কৰা বুলিও জানিবলৈ দিয়ে৷
বৃহস্পতিবাৰে ক’ৰোনাত আক্রান্ত ২৫১, মৃত্যু ৭
ৰাজ্যত ক’ভিড সংক্রমণ অব্যাহত আছে৷ আজিৰ দিনটোত ক’ৰোনাত আক্রান্ত হৈছে ২৫১জন লোক৷ বৃহস্পতিবাৰৰ দিনটোত ৩৯,৮৯৮জন লোকৰ ক’ভিড পৰীক্ষা কৰাৰ অন্তত ২৫১জন লোক পজিটিভ চিনাক্ত হৈছে৷ আক্রান্তৰ হাৰ হ’ল ০.৬৩ শতাংশ৷ আক্রান্তসকলৰ ১৩০জন কামৰূপ মহানগৰ জিলাৰ৷ আনহাতে, আজিৰ দিনটোত ক’ৰোনাত আক্রান্ত হৈ ৭জন লোকৰ মৃত্যু ঘটিছে৷

You might also like