নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’লা ৰঙৰ বৰতোপ হ’ল সোণালী বৰণৰ

বিধানসভা চৌহদত আজব ঘটনা

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ পঞ্চদশ অসম বিধানসভা আৰম্ভ হোৱাৰ লগে লগে আটকধুনীয়া ৰূপত সজাই–পৰাই তোলাৰ ব্যৱস্থা কৰা হৈছে অসম বিধানসভা চৌহদকে ধৰি বিধায়ক আৱাস চৌহদো৷ যোৱা ৬টা মাহত বিধানসভা চৌহদত দেখা গৈছে নতুন পৰিৱেশ৷ চৌপাশে ফুল আৰু ৰং–বিৰঙৰ লাইটেৰে জাকত জিলিকা হৈ পৰিছে অসম বিধানসভা৷ বিধানসভা চৌহদো সজোৱা হৈছে নতুন ৰূপত৷ বিধানসভা চৌহদ নতুন ৰূপত সজাবলৈ যাওঁতেই সংঘটিত হৈছে এক আজব ঘটনা৷ ৰং ঘঁহিবলৈ গৈ বৰতোপো কৰা হৈছে সোণালী বৰণৰ৷ বিধানসভা চৌহদত থকা দুটা বৰতোপত দিয়া হ’ল ৰং৷ লোৰে নির্মিত বৰতোপৰ স্বাভাৱিক ৰং হৈছে ক’লা৷ কিন্তু সেই বৰতোপত সোণালী ৰং ঘঁহি দিয়া হ’ল৷ বর্তমান বিধানসভাৰ প্রৱেশদ্বাৰত সজাই থোৱা আছে সোণালী ৰঙৰ সেই বৰতোপ দুটা৷ ইয়াকে লৈ বহুতৰে মাজত প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷

You might also like