নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৬ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৮ মে’ : শুকুৰবাৰে পুনৰ ৰাজ্যত ৩ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ । কাছাৰ জিলাৰ কোভিড-১৯ সংক্ৰমিত ব্যক্তিগৰাকীৰ সৈতে অসমলৈ একেখন বাছতে অহা ৩ গৰাকী ব্যক্তিৰ দেহলৈও কোভিড-১৯ সংক্ৰমিত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷

ইয়াৰ ফলত অসমত এনে ৰোগীৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পায় ৷ ইয়াৰে ৩৪ গৰাকীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি পাইছে আৰু এগৰাকীৰ মৃত্যু হৈছে ৷

আনহাতে বৰ্তমান ৰাজ্যত সম্প্ৰতি ২১ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷

You might also like