নিয়মীয়া বার্তাৰ উপ-সম্পাদক দিগন্ত বৈৰাগীসহ ৩০ ব্যক্তিক সম্বর্ধনা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ ‘আমি কেৱল স্মার্ট ম’বাইল হাতত লৈ স্মার্ট হ’লেই নহ’ব৷ স্মার্ট হ’বলৈ হ’লে শংকৰ গুৰুজনাই এৰাতিতে হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে আক্ষৰিক আৰু প্রায়োগিক দিশত স্মার্ট হ’ব লাগিব আমাৰ নতুন প্রজন্ম৷ শংকৰ–মাধৱৰ সৃষ্টি সংস্কৃতিক আমি প্রত্যেকেই হূদয়ংগম কৰি সেই সংস্কৃতি আমিয়েই ৰাখিব লাগিব৷ বিহু নৃত্য বিকৃত কৰিলে যেনেকৈ সকলোতে প্রতিক্রিয়া প্রকাশ কৰা হয়, ঠিক একেদৰে সত্রীয়া গীত–নৃত্যক বিকৃত কৰিলে তাৰ প্রতিও আমি সজাগ হ’ব লাগিব নহ’লে সত্রীয়াৰ স্বকীয় ৰূপ হেৰাই যাব৷’ এই মন্তব্য কৰে ডিব্রুগড বিশ্ববিদ্যালয়ৰ অন্তর্গতসমূহ মহাবিদ্যালয়ৰ পৰিদর্শক ড০ ৰূপম শইকীয়াৰ৷ অসম সত্র মহাসভাৰ সত্রীয়া সংস্কৃতি চর্চা কেন্দ্র, পৰীক্ষা পৰিষদৰ দ্বাৰা দুলীয়াজান ক্লাবত আয়োজিত তৃতীয় সমাৱর্তন অনুষ্ঠানত দীক্ষান্ত ভাষণত ড০ ৰূপম শইকীয়াই গুৰুজনাৰ আদর্শ আৰু সংস্কৃতিৰ সন্দর্ভত উপস্থিত ছাত্র–ছাত্রীক উদ্দেশ্যি বিস্তৃতভাৱে আলোকপাত কৰে৷ দিনযোৰা কার্যসূচীৰে আয়োজিত এই গাম্ভীর্যপূর্ণ অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্রজ্জ্বলন কৰে অসম সত্র মহাসভাৰ সভাপতি জিতেন্দ্র প্রধানী, সত্র মহাসভাৰ সম্পাদক প্রধান কুসুম কুমাৰ মহন্তকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে৷ অসম সত্র মহাসভাৰ পৰীক্ষা পৰিষদৰ শিল্পী দলে বৰগীত পৰিৱেশনৰে মংগলাচৰণ কৰা অনুষ্ঠানটি উদ্বোধন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ নিৰোদ বৰুৱাই৷ তেওঁ উদ্বোধনী ভাষণত অসম সত্র মহাসভাৰ অধীনত বিভিন্ন লোকপৰিৱেশ্য কলাৰ অধ্যয়নৰত শিক্ষার্থীসকলৰ আনুষ্ঠানিক স্বীকৃতিৰ বাবে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগক আবেদন জনোৱাৰ বাবে আহ্বান জনায়৷ লগতে এইক্ষেত্রত সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু ডিব্রুগড বিশ্ববিদ্যালয়ে প্রাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে বুলি সদৰী কৰি তেওঁ বিষয়টোৰ ক্ষেত্রত কাৰিকৰী দিশ সমূহ পর্যালোচনাৰ বাবে এখন পোন্ধৰজনীয়া কমিটি গঠন কৰাৰ বিষয়েও উল্লেখ কৰে৷ এই স্বীকৃতিয়ে অসম সত্র মহাসভাৰ অধীনত থকা তিনি শতাধিক সাংস্কৃতিক বিদ্যালয়–মহাবিদ্যাল্ ছাত্র–ছাত্রীসকলক উপকৃত কৰিব৷ সমাৱর্তনত অংশগ্রহণ কৰা ৰাজ্যৰ বিভিন্ন প্রান্তৰৰ অতিথিসকলক দুলীয়াজানৰ নীলকণ্ঠ শিশু শিল্প মঞ্চই গায়ন বায়নেৰে আদৰণি জনাই৷ অসম সত্র মহাসভা দুলীয়াজান আঞ্চলিকৰ সভাপতি হেমকান্ত গগৈয়ে আদৰণি ভাষণ আগবঢ়োৱা এই অনুষ্ঠানত মুঠ ৩৫৭ গৰাকী বিশাৰদ ডিগ্রী গ্রহণ কৰা শিক্ষার্থীক আনুষ্ঠানিকভাৱে প্রমাণপত্র প্রদান কৰে৷ লগতে ‘নিয়মীয়া বার্তা’ৰ উপ–সম্পাদক দিগন্ত বৈৰাগী, ড০ ৰূপম শইকীয়া, ড০ নৱকুমাৰ গাম, ড০ অৰূপ কুমাৰ বডা, জয়ৰাম হাজৰিকা, চৰণ নার্জাৰী, বৈকুণ্ঠ বৈশ্য আদিকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰৰ ৩০ গৰাকীক সম্বর্ধনা জনায়৷ দুলীয়াজানৰ সাহিত্য–সংস্কৃতিলৈ বৰঙণি আগবঢ়োৱা ৬ গৰাকী ক্রমে লোহিত শইকীয়া, মাণিক গোস্বামী, চন্দ্র শইকীয়া, এলিন মেছ, তোষেশ্বৰ বৰুৱা, বিকাশ বৰগোহঁাই আৰু সত্রীয়া সংস্কৃতিৰ চর্চা কৰি থকা মুঠ ১৩গৰাকী উদীয়মান শিশু শিল্পীক সম্বর্ধনা জনায় অসম সত্র মহাসভাৰ পৰীক্ষা পৰিষদে৷ অসম সত্র মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়া আৰু সত্রীয়া সংস্কৃতিৰ সাধক ৰঞ্জন বডা বৰবায়নে সম্বর্ধনা অনুষ্ঠানটি পৰিচালনা কৰে৷ সমাৱর্তন উপলক্ষে পুৱা ধর্মধ্বজা উত্তোলন কৰে অসম সত্র মহাসভাৰ সভাপতি সত্রাধিকাৰ জিতেন্দ্র নাথ প্রধানী আৰু স্মৃতি তর্পণ কৰে অসম সত্র মহাসভাৰ কার্যকৰী সভাপতি সত্রাধিকাৰ ভৱানন্দ গোস্বামীয়ে৷ ইয়াতে আনুষ্ঠানিকভাৱে অসম সত্র মহাসভাৰ সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে পূব মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ড০ অৰূপ কুমাৰ বৰাক নিযুক্তি পত্র প্রদান কৰে অসম সত্র মহাসভাই৷ আনহাতে এই অনুষ্ঠানতে অসম সত্র মহাসভাৰ পৰীক্ষা পৰিষদৰ দৃশ্যশ্রব্য শীর্ষ গীত ‘ভক্তি সাগৰেৰে’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ পলাশজ্যোতি বৰঠাকুৰে৷ শলাগ জ্ঞাপন কৰে অসম সত্র মহাসভাৰ কেন্দ্রীয় সমিতি সম্পাদক আদিত্য গোস্বামীয়ে৷ সাংস্কৃতিক সন্ধিয়াৰ লগত সংগতি ৰাখি ড০ অঞ্জলি চুতীয়া শইকীয়াই কণ্ঠনিগৰোৱা ‘নাৰায়ণ কাহে ভকতি কৰো তেৰা’ শীর্ষক বৰগীতটি উন্মোচন কৰে সংগীত নাটক অকাডেমি বঁটাপ্রাপক বৰপেটাৰ গুনীন ওজাই৷ এই অনুষ্ঠান সফল ৰূপায়ণৰ বাবে দুলীয়াজান আঞ্চলিকৰ অভ্যর্থনা সমিতিৰ সভাপতি ৰঞ্জন মহন্ত, যুটীয়া সম্পাদকদ্বয় জয়ন্ত গগৈ আৰু পলাশ ৰাজখোৱা লগতে দুলীয়াজান বাসী ৰাইজক কৃতজ্ঞতা জনাই অসম সত্র মহাসভা সত্রীয়া সংস্কৃতিৰ চর্চা কেন্দ্র পৰীক্ষা পৰিষদে৷
প্ৰেৰক কৃষ্ণা গগৈ