নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত ৩৪২ বছৰীয়া গোসাঁই ফুৰোৱা উৎসৱ পালন

ৰাজ্য়ব্যাপি ৰঙালী বিহুৰ উলহ মালহৰ মাজতে আজি বহাগৰ দ্বিতীয় দিৱসত প্ৰায় ৩৪২ বছৰীয়া পৰম্পৰা অনুসৰি ঐতিহ্যমণ্ডিত গুপ্তকাশী বিশ্বনাথ ঘাটত বিশ্বনাথ গোঁসাইক ফুৰোৱা উৎসৱ ভক্ত সকলে পালন কৰি আহিছে।

আহোম যুগীয় পৰম্পৰাৰে ৩৪২বছৰীয়া এই গোসাঁই ফুৰোঁৱা উৎসৱ অদ্বিতীয় আৰু একক। বিশ্বনাথ দেৱালয়ৰ পৰা গোসাঁইক ফুৰাবলৈ অনা এই উৎসৱকলৈ আজি বিশ্বনাথঘাটত বিৰ দি বাট নোপোৱা অৱস্থা।

আহোম স্বৰ্গদেউসকলৰ বিশেষ আস্থাভাজন বিশ্বনাথ দেৱালয়ৰ পৰম্পৰাগৰ এই উৎসৱত অংশ গ্ৰহণ কৰে হাজাৰ হাজাৰ লোকে। গোসাঁই বিহু দিনটোত এক বিশেষ তাৎপৰ্য অনুসৰি গুপ্তকাশী বিশ্বনাথ দেৱালয়ৰ পৰা উত্তৰ দিশে অৱস্থিত ভিৰ গাৱলৈ প্ৰায় ৫ কিলোমিটাৰ কেঁকোৰা দোলাত আৰোহণ কৰি গোঁসাইক ফুৰাবলৈ অনা হয়।

পুৱাৰ ভাগত গোসাঁইক আদৰ সৎকাৰ কৰি কেঁকোৰা দোলাত ঢুলীয়া আদিৰ লগতে আৰোৱাণৰে পৰিবেষ্টিত হৈ যাত্ৰা আৰম্ভ কৰা হয়। নিৰ্দিষ্ট কেতবোৰ চেও বজাই ঢুলীয়া সমন্বিত এই যাত্ৰাকালত প্ৰতিজন গঞাই পদুলিমুখত গোসাঁইক আদৰণি জনাই আশীৰ্বাদ লয়।

এই যাত্ৰাৰ এটা সময়ত ভিৰ গাঁৱৰ নামঘৰত আশ্ৰয় লোৱাৰ পিছত গোঁসাইক কেঁকোৰা দোলাতেই বিশ্বনাথ দেৱালয়লৈ অনা হয়। এই পৰম্পৰা পূৰ্বৰ দৰে এতিয়াও বাহাল ৰখাৰ লগতে এই সময়ছোৱাত যথেষ্ট সংখ্যক ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়।

গোসাঁইৰ ওভতনি যাত্ৰাৰ সময়তো উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। বহাগ বিহুৰ লগত ৰজিতা খুৱাই এই গোসাঁই ফুৰোৱা উৎসৱ তিনি শতিকাতকৈ অধিক কাল পালন কৰি অহা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

ইফালে,বিশ্বনাথ গোসাঁইক ফুৰোঁৱা উৎসৱত অংশ গ্ৰহণ কৰি এপাক বিহু নাচিলে অগণিত ভক্তই।

বিশেষ বাৰ্তা, বিশ্বনাথ, ১৬ এপ্ৰিল

You might also like