নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৯.৪ শতাংশৰে উজলিল ঢালিগাঁৱৰ অন্বেষা

নিয়মীয়া বাৰ্তা, কাজলগাঁও, ১৬ এপ্ৰিল : অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে মেধাৱী ছাত্ৰী অন্বেষা গোস্বামীয়ে বৃহত্তৰ ঢালিগাঁও অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বুধবাৰে ঘোষিত চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ ৯৯.৪ শতাংশ নম্বৰ লাভ কৰি ডিষ্টিংচনসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পৰিয়ালৰ লগতে বিদ্যালয় আৰু বৃহত্তৰ ঢালিগাঁও অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা মেধাবী ছাত্ৰী অন্বেষা বঙাইগাঁও শোধনাগাৰৰ জ্যেষ্ঠ অভিযন্তা (সহ) অৰ্ণৱ গোস্বামী আৰু বঙাইগাঁও জিলা শিক্ষা বিভাগৰ খণ্ড প্ৰশিক্ষক শেৱালি গোস্বামীৰ জ্যেষ্ঠ কন্যা ৷

অন্বেষাই এইবেলি ডিপিএছ ঢালিগাঁও স্কুলৰ পৰা চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। মেধাৱী ছাত্ৰী অন্বেষাই ইংৰাজীত ৯৯, অসমীয়াত ৯৯, গণিতত ১০০, বিজ্ঞানত ১০০ আৰু সমাজ বিজ্ঞানত ৯৭, (অতিৰিক্ত বিষয়- তথ্য প্ৰযুক্তিত ৯৯) নম্বৰেৰে মুঠ ৪৯৭ নম্বৰ লাভ কৰে। অন্বেষাৰ সাফল্যত আনন্দিত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ লগতে বহুসংখ্যক শুভাকাংক্ষীয়ে বঙাইগাঁও শোধনাগাৰৰ আৱাস গৃহত উপস্থিত হৈ অন্বেষাৰ লগতে পিতৃ-মাতৃক শুভেচ্ছা জ্ঞাপন কৰে। মৃদুভাষী তথা মেধাৱী ছাত্ৰী অন্বেষাই ভৱিষ্যতে চিকিৎসক হোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

You might also like