বিশেষ বাৰ্তা, ৮ অক্টোবৰ : কেন্দ্রীয় বিদ্যালয় গুৱাহাটী সম্ভাগৰ অধীনত ৬ আৰু ৭ অক্টোবৰত দুদিনীয়া কার্যসূচীৰে কেন্দ্রীয় বিদ্যালয় আই অ’ চি, নুনমাটিত অনুষ্ঠিত হয় ৩৪সংখ্যক যুৱ সংসদ প্রতিযোগিতা ৷ উক্ত প্রতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্য আৰু বিশেষ অতিথি হিচাপে কেন্দ্রীয় বিদ্যালয় সম্ভাগৰ উপ–আয়ুক্ত চন্দ্রশেখৰ আজাদ, ভাৰতীয় তেল নিগম নুনমাটিৰ জিএমএছআৰ এন জে দাসে আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে ৷ যুৱ সংসদ প্রতিযোগিতাখনত আদৰণী ভাষণ আগবঢ়ায় কেন্দ্রীয় বিদ্যালয় আই অ’ চিৰ অধ্যক্ষা ডলী দাসে ৷ ভাৰতীয় তেল নিগম নুনমাটিৰ জিএমএছআৰ এন জে দাসে সভাখন উদ্বোধন কৰে ৷ সভাখন সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে জ্যেষ্ঠ প্রাথমিক শিক্ষয়িত্রী চম্পা সিংহই ৷ প্রতিযোগিতাখনত গুৱাহাটী সম্ভাগৰ অধীনত থকা মুঠ ছখন বিদ্যালয়ৰ ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰে ৷ প্রতিযোগিতাখনত প্রধানতঃ ছখন বিদ্যালয়ক দুটা ভাগত বিভক্ত কৰা হয় ৷ ৬ অক্টোবৰত কেন্দ্রীয় বিদ্যালয় পূব সীমান্ত ৰে’লৱে মালিগাঁও, কেন্দ্রীয় বিদ্যালয় নাৰেংগী আৰু কেন্দ্রীয় বিদ্যালয় খানাপাৰাৰ মাজত প্রথম ভাগত প্রতিযোগিতা অনুষ্ঠিত হয় ৷ পিছদিনা অর্থাৎ ৭ অক্টোবৰত কেন্দ্রীয় বিদ্যালয় লখৰা, কেন্দ্রীয় বিদ্যালয় ৪নং তেজপুৰ বিশ্ববিদ্যালয় আৰু কেন্দ্রীয় বিদ্যালয় শিৱসাগৰৰ মাজত দ্বিতীয় ভাগৰ প্রতিযোগিতা অনুষ্ঠিত হয় ৷ প্রথম দিনটোত নির্ণায়ক মণ্ডলী হিচাপে উপস্থিত থাকে সিদ্ধার্থ ভট্টাচার্য (বিধায়ক), কেন্দ্রীয় বিদ্যালয় গুৱাহাটী সম্ভাগৰ সহায়ক নৰেশ কুমাৰ, কেন্দ্রীয় বিদ্যালয় ৰঙিয়াৰ অধ্যক্ষ শ্বেচানুজ সৰকাৰ আৰু কেন্দ্রীয় বিদ্যালয় বৰঝাৰৰ গণেশ সিং ৷ দ্বিতীয় দিনাৰ প্রতিযোগিতাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পুৰুষোত্তম সিন্হা (কেন্দ্রীয় বিদ্যালয় খানাপাৰা), কেন্দ্রীয় বিদ্যালয় মালিগাঁৱৰ অধ্যক্ষ কুঞ্জলোচন পাঠক আৰু কেন্দ্রীয় বিদ্যালয় নাৰেংগীৰ অধ্যক্ষ সুভাষ চন্দ্র দেৱ ৷ প্রতিযোগিতাত প্রথম স্থান লাভ কৰে কেন্দ্রীয় বিদ্যালয় তেজপুৰে, দ্বিতীয় কেন্দ্রীয় বিদ্যালয় খানাপাৰা আৰু তৃতীয় স্থান লাভ কৰে কেন্দ্রীয় বিদ্যালয় মালিগাঁৱে ৷ প্রত্যেক গোটৰ ছয়জনকৈ প্রতিযোগীক প্রদান কৰা হয় শ্রেষ্ঠ বঁটা ৷ প্রথম স্থান লাভ কৰা প্রতিযোগীসকলে পৰৱর্তী পর্যায়ত ভুবনেশ্বৰ, কলকাতা, শিলচৰ, তিনিচুকীয়া আৰু গুৱাহাটী সম্ভাগৰ অধীনত অনুষ্ঠিত হ’বলগীয়া জ’নেল পর্যায়ত প্রতিদ্বন্দ্বিতা কৰিব পাৰিব ৷ জ’নেল পর্যায়ত শীর্ষস্থান লাভ কৰা দলটিয়ে ৰাষ্ট্রীয় পর্যায়ত প্রতিদ্বন্দ্বিতা কৰাৰ যোগ্যতা অর্জন কৰিব ৷ বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্রীয় বিদ্যালয় গুৱাহাটী সম্ভাগৰ সহায়ক আয়ুক্ত নৰেশ কুমাৰ ৷ সভাৰ শেষত কেন্দ্রীয় বিদ্যালয় আই অ’ চি নুনমাটিৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষক সঞ্জয় সিঙে শলাগৰ শৰাই আগবঢ়ায় ৷