নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত ৩ কোটি ৫০ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ, গ্ৰেপ্তাৰ ২

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। কাছাৰ আৰক্ষীয়ে পৃথকে অভিযান চলাই ৩ কোটি ৫০ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, এটা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শিলচৰ আৰক্ষীয়ে এখন বাইকৰ সৈতে বৃহৎ পৰিমাণৰ য়াবা টেবলেটসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত যুৱকজন শিলচৰ চহৰতলী বেৰেংগা তৃতীয় খণ্ডৰ ২৪ বছৰীয়া মুমিন উদ্দিন বৰভূঞা।‌ কালি এখন বাইকত তালাচীৰ সময়ত আৰক্ষীয়ে ১০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰে। পিছত সৰবৰাহকাৰীজনৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অনুসৰি নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ লগতে অধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জব্দকৃত নিচাজাতীয় টেবলেটখিনিৰ মূল্য ৩ কোটি টকা হ’ব। আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, পৃথক এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত লক্ষীপুৰ থানাৰ অধীনস্থ শিৱপুৰ অঞ্চলত অবৈধ নিচাজাতীয় সামগ্ৰী পৰিবহণৰ বিৰুদ্ধে বিশেষ অভিযান চলাই আৰক্ষীৰ দলে ৫০৭৩৬ নং ট্ৰেমাডল প্ৰোক্সিওম স্পেচ কেপচুল, ২৫২ বটল ১০০ মিলিলিটাৰকৈ ক’ডিন ফছফেট অৰ্থাৎ কাহৰ চিৰাপ আৰু ১৭১০০টা নাইট্ৰজেপাম টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। তদুপৰি লক্ষীপুৰ সমষ্টিৰ মিথুন চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্ত যুৱকে শিৱপুৰৰ দেৱীপুৰৰ এটা কোঠাত ৫০ লাখ টকাৰ নিচাজাতীয় ঔষধ লুকুৱাই ৰাখিছিল ৷ জব্দকৃত নিচাজাতীয় সামগ্ৰীখিনি ছীল কৰা হয় বুলি উল্লেখ কৰে তেওঁ।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like