নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : সদৌ অসম ছাত্ৰ সন্থাৰ এক অন্যতম সক্ৰিয় গোট নামখলা আঞ্চলিক আছুৰ উদ্যোগত এক বিশেষ অভিনন্দন অনুষ্ঠান নামখলাৰ দেওধনী ঘাট উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় । নামখলা আছুৰ সভাপতি প্ৰাঞ্জল কলিতাৰ সঞ্চালনাত অনুষ্ঠিত উক্ত অভিনন্দন অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰাক্তন আছু কৰ্মী তথা সংবাদ সেৱী ধীৰেন মহলীয়াই। সভা উদ্বোধন কৰি তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে অধ্যৱসায়ৰ মাজেৰে এটা সফল শৈক্ষিক জীৱন আগবঢ়াই নিয়াৰ লগতে এখন সুস্থ সমাজ নিৰ্মাণৰ ক্ষেত্ৰতো দায়বদ্ধতা পালন কৰিব লাগিব । এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দ্বীপেন চহৰীয়া কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ, কৃতী শিক্ষক সীতা ৰাম ঠাকুৰীয়াৰ লগতে ২০২২-২৩ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ৩৫গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি কৃতী শিক্ষক ঠাকুৰীয়াই জীৱনত সফলতা লাভ কৰিবলৈ ছাত্ৰ -ছাত্ৰীসকলে কঠোৰভাৱে নিয়মানুৱৰ্তিতা মানি চলিব লাগিব বুলি মন্তব্য কৰে । অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা, কৃতী শিক্ষক বিশ্বজিৎ বৰুৱাই মহান ব্যক্তিসকলৰ সফলতাৰ আঁৰৰ কথা উল্লেখ কৰি কয় যে জীৱনলৈ অহা সকলো প্ৰত্যাহ্বান সাহসেৰে গ্ৰহণ কৰি আগুৱাই যাব পাৰিলে ছাত্ৰ-ছাত্ৰীসকলে জীৱনত সফলতা লাভ কৰিব পাৰিবই। সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পৰাগ চহৰীয়াই সভাত অংশ লৈ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ বাবে আছুই গ্ৰহণ কৰি অহা শৈক্ষিক কৰ্মসূচীৰ কথা উল্লেখ কৰে । নামখলা আছুৰ শিক্ষা সম্পাদক লভিতা চহৰীয়াই আঁত ধৰা উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি পৰেশ চহৰীয়া, সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি অপূৰ্ব কুমাৰ শৰ্মা, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক শৰৎ হাজৰিকা, ৰামধেনু সাহিত্য চক্ৰৰ সম্পাদক গজেন হাজৰিকা, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক ধ্ৰুৱজ্যোতি বড়ো, নামখলাৰ জ্যেষ্ঠ নাগৰিক অতুল চহৰীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
প্ৰেৰক ধীৰেন মহলীয়া