🔹 দলত সংঘাত নাই, দুই-এজনে ব্যক্তিগত লাভৰ বাবে ন-পুৰণি প্ৰসংগ উত্থাপন কৰে- ভৱেশ কলিতা
বিশেষ বাৰ্তা, ২০ আগষ্ট : ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সভাপতি ভৱেশ কলিতাক আজি জ্যেষ্ঠ কাৰ্যকৰ্তাই এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। দলত চলি থকা ন-পুৰণি সংঘাত সম্পৰ্কত এই স্মাৰক-পত্ৰ প্ৰদান কৰে। স্মাৰক-পত্ৰ প্ৰদানৰ পিছত জ্যেষ্ঠ কাৰ্যকৰ্তাই ক্ষোভ প্ৰকাশ কৰি এইবুলি কয়- দলত ন-পুৰণি বুলি কোনো নাই, সকলো কার্যকৰ্তাই উপযুক্ত সময়ত দলৰ দায়িত্ব লাভ কৰে, দলে কোনো ব্যক্তিক উপযুক্ত সময়ত বিধায়ক, সাংসদ বা মন্ত্ৰী বনায়, সেইবুলি এজনকে সেই সুযোগ দি আহিব বুলি কথা নাই । আমি দল আৰু দেশৰ স্বাৰ্থত কাম কৰি যাব খোজোঁ। দুই-এজন নেতাই ব্যক্তিগত স্বাৰ্থৰ কথা চিন্তা কৰে । মেয়ৰ মৃগেন শৰণীয়া, মুকুতা ডেকা , নৱাৰুণ মেধিকে প্ৰমুখ্য কৰি প্রায় ৩০জনীয়া জ্যেষ্ঠ কাৰ্যকৰ্তাৰ দলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীক স্মাৰক-পত্ৰ প্ৰদান কৰে। মেয়ৰ মৃগেন শৰণীয়াই স্মাৰক-পত্ৰ প্ৰদান কৰি সাংবাদিকৰ আগত কয়- তেওঁলোকে আমাক বাট দেখুৱাওক ৷ মহাবিদ্যালয়লৈ নতুন ছাত্ৰ আহে, পুৰণিয়ে আদৰে ৷ কেৱল পুৰণিয়েই সকলো ধৰি থাকিলে কোনো আগবাঢ়ি যাব নোৱাৰিব। তদুপৰি মুকুতা ডেকাই কয় যে মই জিলাৰ সভাপতি আছিলোঁ ৷ সেইবুলি সদায়ে হৈ থাকিম বুলি ভাবিলে নহ’ব ৷ তেওঁলোকে বহুত পালে এতিয়া নতুনে পাব, নতুনে কৰিব ৷ আজি স্মাৰক-পত্ৰ গ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে দলত কোনো সংঘাত নাই, দুই-এজনে ব্যক্তিগত লাভৰ বাবে ন-পুৰণি প্ৰসংগ উত্থাপন কৰে।
Next Post
You might also like