নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাদুলীপাৰত আটছাৰ ৩৬সংখ্য়ক শ্বহীদ দিৱস পালন

নিয়মীয়া বাৰ্তা ৮ জুন : অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত দেৰগাঁও, গোলাঘাট, বোকাখাত, সৰুপথাৰ আৰু বৰপথাৰ শাখাৰ সহযোগত ৩৬সংখ্যক শ্বহীদ দিৱস গোলাঘাট জিলাৰ বাদুলীপাৰ চাহ বাগিচা ৰংগমঞ্চত দিনজোৰা কাৰ্যসূচীৰে‌ ৭ জুনত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি, পুৱা ৯ বজাত সন্থাৰ পতাকা উত্তোলন কৰে আটছা গোলাঘাট জিলা সমিতিৰ সভাপতি ৰাবুল তুৰিয়ে, পুৱা ১০ বজাত শ্বহীদ তৰ্পণ কৰে গোলাঘাট জিলা সমিতিৰ সম্পাদক সুশীল কালিন্দীয়ে। দিনৰ ১১ বজাত ধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত হয়। সৰ্বধৰ্ম প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে পুৰোহিত অনিল কুমাৰ শইকীয়া, দীপক চেত্ৰী, বেঞ্চন তাঁৰ আৰু বাদুলীপাৰ জামাতৰ ইমাম বেছিৰ আলী আৰু চফল আলীয়ে। ইয়াৰ পিছতে গোলাঘাট জিলাৰ সভাপতি ৰাবুল তুৰিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাৰ আদৰণী ভাষণ প্ৰদান কৰে জিলা সমিতিৰ সম্পাদক সুশীল কালিন্দীয়ে। আঁত ধৰে আটছা দেৰগাঁও শাখাৰ সভাপতি দয়াৰাম ৰবি দাসে। মুখ্য অতিথি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাইকে জনগোষ্ঠীটোৱে সন্মুখীন হোৱা সমস্যাসমূহ বিতংভাৱে উল্লেখ কৰে। জনগোষ্ঠীটোৰ লগত থাকি জাতি তথা দেশৰ বাবে সংগ্ৰাম কৰি প্ৰাণ আহুতি দিয়া পঞ্চ শ্বহীদ আৰু সমগ্ৰ দেশৰ শ্বহীদৰ প্ৰতি সন্মান জনায় সাধাৰণ সম্পাদকগৰাকীয়ে। গোলাঘাট জিলা চাহ মজদুৰ সংঘৰ সম্পাদক ঘনশ্যাম বাঢ়ৈ, “জননী বাৰ্তা”ৰ মুখ্য সম্পাদক মাখন লাল বাঢ়ৈ, আটছা কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক অনিল গড়, উপ-সভাপতি ৰাজু ৰাজুৱাৰ, আপকু কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ নবীন গোহাঁই, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক সঞ্জীৱ গগৈ, প্ৰাক্তন আটছা সত্যদেৱ চাহু, কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক উৎপল চাওতালে বক্তব্য প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অতিথি আপকু কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰণৱ চক্ৰৱৰ্তী, বাদুলীপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্বজিত হাজৰিকা, বিশিষ্ট ব্যৱসায় দীনু প্ৰসাদ চাহু, আটছা প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য যোগেশ ৰবিদাস, প্ৰাক্তন আটছা গৌৰৱ পাচি, কুসুম ৰবিদাস, ভাস্কৰ কালিন্দী, সাংবাদিক বিদ্বান বৰদলৈ, সত্যজিত হাজৰিকা, পাৰ্থপ্ৰতিম বৰুৱা, অৱসৰী শিক্ষক চহনলাল কুৰ্মী, প্ৰাক্তন আটছা যতীন কুৰ্মী। আনহাতে, স্মৃতিচাৰণ সভাত গোলাঘাট জিলা সমিতিৰ সকলো বিষয়ববীয়াৰ লগতে গোলাঘাট, দেৰগাঁও, বোকাখাত, সৰুপথাৰ, বৰপথাৰ আদি উপ-শাখাৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকল উপস্থিত থাকে।

প্ৰেৰক নবীন গোহাঁই

You might also like